ভাৰত বিশ্বৰ তৃতীয় সবৰ্বৃহৎ অৰ্থনীতিৰ দেশ হ’ব : কেতিয়া ?

0
251

বিনিয়োগ বৃদ্ধি কৰাৰ ক্ষেত্ৰত নীতিৰ সলনি, জনসংখ্যাগত সুবিধা আৰু ৰাজহুৱা ডিজিটেল আন্তঃগাঁথনিয়ে ২০২৭ চনৰ ভিতৰত ভাৰতক বিশ্বৰ তৃতীয় সবৰ্বৃহৎ অৰ্থনীতিৰ দেশলৈ উন্নীত কৰাব৷ মৰ্গান ষ্টেনলীয়ে এই পূৰ্বানুমান
 কৰিছে৷ মৰ্গান ষ্টেনলীয়ে আৰু কয় যে ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন [জি ডি পি] অহা ১০ বছৰত বৰ্তমানৰ ৩.৪ ট্ৰিলিয়ন ডলাৰৰ পৰা ৯.৫ ট্ৰিলিয়ন ডলাৰলৈ বৃদ্ধি পাব৷ ‘ফাইনেন্সিয়েল টাইমছ’ত প্ৰকাশিত এটা লেখাত মৰ্গান ষ্টেনলীৰ মুখ্য এছীয় অৰ্থনীতিবিদ চেতন আহ্যই লিখিছে, ক্ৰমবৰ্ধিতভাৱে, প্ৰতি বছৰে ভাৰতৰ জি ডি পিত ৪০০ বিলিয়নকৈ অধিক ডলাৰ যোগ হ’ব৷ এই মাত্ৰাতকৈ কেৱল আমেৰিকা আৰু চীনৰ মাত্ৰাহে বেছি৷ চৰকাৰৰ নীতি সলনিৰ ক্ষেত্ৰত তেওঁ সামগ্ৰী আৰু সেৱা কৰৰ [জি এছ টি] ৰূপত কৰ সংস্কাৰ, কৰ্পৰেট
 কৰৰ হাৰত কৰ্তন আৰু উৎপাদন সম্পৰ্কীয়
 উদগনিমূলক আঁচনিৰ উদাহৰণ দিয়ে৷ 
তেওঁ কয় যে বহুমেৰুৰ বিশ্বত য’ত কোম্পানীবোৰে তেওঁলোকৰ যোগান শৃংখলা বহুমুখী কৰিছে, তাত ভাৰত লক্ষ্যস্থান হৈ পৰিছে৷ তেওঁ আৰু কয় যে ভাৰত এনে এটা পৰ্যায়ত সোমাই পৰিছে, য’ত আয় দ্ৰুত হাৰত গুণাত্মক অনুক্ৰমত বৃদ্ধি পাব৷ তেওঁ কয় যে ভাৰতে জি ডি পি ৩ ট্ৰিলিয়ন ডলাৰ কৰিবলৈ ১৯৯১ চনৰ পৰা ৩১ বছৰ সময় ল’লে ৷ আমাৰ পূৰ্বানুমান
ৰ মতে এই জি ডি পি অতিৰিক্ত ৩ ট্ৰিলিয়ন বৃদ্ধি পাবলৈ মাত্ৰ সাত বছৰ সময় ল’ব৷ তেওঁ ভাৰত আৰু আন দেশবোৰৰ মাজত ডিজিটেল আন্তঃগাঁথনিৰ ক্ষেত্ৰত থকা পাৰ্থক্যও দেখুৱায়৷ ভাৰতে এক ডিজিটেল আন্তঃগাঁথনি তৈয়াৰ কৰিছে, যি আন্তঃগাঁথনিৰ ভেটি হৈছে আধাৰ৷ আনহাতে অন্য দেশবোৰে ব্যক্তিগত খণ্ডৰ নেটৱৰ্কৰ পথ ব্যৱহাৰ কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here