Home Daily news পুষ্টিকৰ গাখীৰৰ নামত আপুনি খাইছে কি ?

পুষ্টিকৰ গাখীৰৰ নামত আপুনি খাইছে কি ?

সমগ্ৰ ৰাজ্যতে প্ৰতিবছৰে বৃদ্ধি পাইছে গাখীৰৰ চাহিদা৷ ইয়াৰে একাংশ লোকক গাখীৰ গোপালক বা গাখীৰ ব্যৱসায়ীয়ে যোগান ধৰাৰ বিপৰীতে আন একাংশ লোকে ব্যাৱসায়িক প্ৰতিষ্ঠানত উপলব্ধ হোৱা গাখীৰৰ পেকেট ক্ৰয় কৰি নিয়ে৷ ৰাজ্যত বৃদ্ধি পোৱা গাখীৰৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখিয়েই একাংশ ব্যৱসায়ী গাখীৰৰ ভেজালকৰণত নামি পৰিছে৷ ফলত পুষ্টিকৰ খাদ্যৰ তালিকাৰ শীৰ্ষস্থানত থকা গাখীৰৰ প্ৰকৃত পুষ্টি পোৱাৰ পৰা অধিকাংশ লোকেই বঞ্চিত হ’বলগীয়া হৈছে৷ 
একাংশ অসাধু ব্যৱসায়ীয়ে এইদৰে অবৈধ উপায় অৱলম্বন কৰিছে৷ বৰ্তমান সময়ত গাখীৰ সবাতোকৈ বেছি আৰু সহজতে ভেজাল কৰা খাদ্য সামগ্ৰী হিচাপে পৰিগণিত হৈছে৷ গাখীৰত অস্বাস্থ্যকৰ পৰিৱেশত পানী মিহলি কৰি একাংশ অসাধু ব্যৱসায়ীয়ে বিক্ৰী কৰি আছে৷ তেনেদৰে গাখীৰৰ উপকাৰী উপাদানসমূহ উলিয়াই বজাৰত বিক্ৰী কৰা হৈছে৷ অধিক লাভ অৰ্জন কৰিবৰ বাবেই গাখীৰত অন্য কম মূল্যৰ সামগ্ৰী বা পাউডাৰ মিহলাই পৰিমাণ বৃদ্ধি কৰি গ্ৰাহকক বিক্ৰী কৰা হৈছে৷ 
পোহৰলৈ অহা তথ্য অনুসৰি বেছিভাগ ডেইৰী প্ৰকল্পতে গ্ৰীষ্মৰ সময়ত গাখীৰৰ চাহিদা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি এনেদৰে ভেজাল দ্ৰব্য মিহলাই উৎপাদন বৃদ্ধি কৰা হয়৷ গাখীৰৰ ভেজালকৰণ সন্দৰ্ভত ভাৰতৰ পশু কল্যাণ পৰিষদৰ সদস্য মোহন সিং আহুৱালিয়াই সদৰী কৰিছিল যে ভেজাল গাখীৰ তথা গাখীৰৰ পৰা উৎপন্ন সামগ্ৰীত সাধাৰণতে ডিটাৰজেণ্ট, কষ্টিক ছ’ডা, গ্লুকজ, বগা ৰং আৰু ৰিফাইন তেল ব্যৱহাৰ কৰা হয়৷ গাখীৰৰ চাহিদা বৃদ্ধি হৈ গৈ থকাৰ সুযোগত বিভিন্ন সময়ত ব্যৱসায়ী তথা গোপালক সন্থাই গাখীৰৰ দামো বৃদ্ধি কৰি আহিছে৷ 
কিন্তু গাখীৰৰ দাম বৃদ্ধি কৰাৰ বিপৰীতে গাখীৰৰ বিশুদ্ধতাক লৈ প্ৰশ্নৰ সৃষ্টি হৈ আহিছে৷ বিভিন্ন সময়ত মহানগৰত ভেজাল গাখীৰ ধৰা পৰিছে৷  কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ ভাৰতৰ খাদ্য সুৰক্ষা আৰু মানক কৰ্তৃপক্ষৰ [এফ এছ এছ এ আই] পৰীক্ষাত গাখীৰৰ নামত বৰবিহ বিক্ৰী হোৱাৰ তথ্য পোহৰলৈ অহাৰ পাছতেই গাখীৰৰ মান পৰীক্ষা কৰি ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে এফ এছ এছ এ আইক দায়িত্ব দিয়া হৈছিল যদিও কামত নাহিল৷

Most Popular

বেদতে আছিল বিজ্ঞানৰ সমস্ত সূত্ৰতোলপাৰ লগাইছে এই দাবীয়ে

বিজ্ঞানৰ সমস্ত সূত্ৰ বেদতে আছিল৷ এই দাবী কৰিছে ইছৰ’ৰ অধ্যক্ষ এছ সোমনাথে৷ ভাৰতৰ মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰ’ৰ অধ্যক্ষ সোমনাথে কোৱা মতে...

প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰপৰাপৃথিৱীলৈ এলিয়েন ছিগ্‌নেল প্ৰেৰণ

পৃথিৱীৰ বাহিৰতো আন জীৱৰ সন্ধান অব্যাহত থকা অৱস্থাত প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰ পৰা পৃথিৱীলৈ মহাবিশ্বৰ এটা সংকেত প্ৰেৰণ কৰা হৈছে৷ আন...

সুখবৰ : ডায়েবেটিছৰ বাবে বিশ্বৰ প্ৰথম অৰেল ইনছুলিন উদ্ভাৱন

বৰ্তমান বিশ্বত ডায়েবেটিছ ৰোগে ভয়াৱহভাৱে দেখা দিছে৷ অনিয়মীয়া খাদ্য গ্ৰহণ, দৈনন্দিন জীৱন প্ৰণালীৰ সালসলনি, আৰামপ্ৰিয় জীৱন, পৰিশ্ৰমহীন কৰ্ম, খাদ্য সামগ্ৰী ভেজালকৰণ ইয়াৰ...

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,