প্ৰাকৃতিক উপায়েৰে কিদৰে পেট পৰিষ্কাৰ কৰি ৰাখিব ?

0
245

বহুতৰে ৰাতি মাছ-মাংসসহিতে পেটভৰ্তি কৰি খালে এই খাদ্য ভালদৰে হজম নহৈ বদহজমৰ সমস্যাই দেখা দিয়ে৷ এনে কিছুমান মানুহ আছে, যিসকলৰ সামান্য খালেই পেটভৰ্তি হোৱা যেন অনুভৱ হয়৷ সকলোৰে কম-বেছি পৰিমাণে এচিডিটিৰ সমস্যা আছে৷ আমাৰ বহুতেই পেট শান্ত কৰি ৰাখবলৈ আগত যিহকে পাওঁ গো-গ্ৰাসে তাকেই খাওঁ৷ খোৱাৰ ক্ষেত্ৰত অধিক সচেতন নোহোৱাৰ কাৰণে এইদৰে খোৱাৰ কিছুসময়ৰ পাছত অস্বস্তি আৰম্ভ হয়৷ খোৱা খাদ্য হজম নহৈ নানা অসুবিধা পৰিব লাগে৷ এনেধৰণৰ সমস্যা নিৰাময়ৰ বাবে আমি কিছু প্ৰাকৃতিক উপায়ৰে সহজে পোৱা বস্তুৰে সমাধান কৰিব পাৰোঁ৷
পেট সুস্থ আৰু পৰিষ্কাৰ হৈ থাকিলে সকলো সমস্যাৰ সমাধান হৈ যায়৷ অধিক তেল-মছলাযুক্ত খাদ্য কেতিয়াও গ্ৰহণ নকৰিব৷ এইবোৰে পেটৰ উপকাৰতকৈ অপকাৰহে বেছি কৰে৷ পেট পৰিষ্কাৰ কৰি ৰাখিবলৈ পুৱা উঠিয়েই এই নিয়মবোৰ মানি চলক৷
ৰাতি জিৰা আৰু গুৱামুৰি একেলগে এটা পাত্ৰত তিয়াই ৰাখক৷ পুৱা উঠিয়েই খালী পেটত এই তিওৱা পানীখিনি সেৱন কৰক৷ এইদৰে নিয়মিতভাৱে সেৱন কৰিলে পেট পৰিষ্কাৰ হৈ থাকিব লগতে হজমকে ধৰি পেটৰ বিভিন্ন সমস্যা সমাধান হ’ব৷
বহু আগৰে পৰা পেট পৰিষ্কাৰ কৰাত ইচবগুলৰ ব্যৱহাৰ হৈ আহিছে৷ ইচবগুলত প্ৰচুৰ পৰিমাণে ফাইবাৰ পোৱা যায়, যি শৰীৰৰ কাৰণে উপকাৰী৷ একাপ গৰম গাখীৰৰ সৈতে ইচবগুল মিহলাই ৰাতি শোৱাৰ আগতে সেৱন কৰিলে কোষ্ঠকাঠিন্যৰ সমস্যা সমাধান হোৱাৰ লগতে খাদ্য হজম হোৱাৰ সহায় কৰে৷
পুৱা শুই উঠি নেমুৰ ৰস, অলপ লৈ কুহুমীয়া পানীত মিহলাই সেৱন কৰক৷ এইদৰে সেৱন কৰাৰ ফলত পেট পৰিষ্কাৰ হোৱাৰ লগতে পেটৰ বিভিন্ন সমস্যা নিমিষতে সমাধান হ’ব৷
শৰীৰৰ পৰা টক্সিন বাহিৰ কৰাত কুহুমীয়া পানীয়ে বিশেষ অৰিহণা যোগায়৷ ইয়াৰ উপৰি শৰীৰৰ মেটাবলিজম বঢ়োৱাত কুহুমীয়া পানী অত্যন্ত কাৰ্যকৰী ভূমিকা গ্ৰহণ কৰে৷ সেয়েহে শুই উঠিয়েই নিয়মিতৰূপে কুহুমীয়া পানী সেৱন কৰাৰ অভ্যাস কৰক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here