Home Daily news পথ সুৰক্ষাৰ বিশেষ পদক্ষেপ মহানগৰীত ইণ্টিগ্ৰেটেড ট্ৰেফিক ছিষ্টেম সংস্থাপন

পথ সুৰক্ষাৰ বিশেষ পদক্ষেপ মহানগৰীত ইণ্টিগ্ৰেটেড ট্ৰেফিক ছিষ্টেম সংস্থাপন

গুৱাহাটী মহানগৰীৰ বিভিন্ন পথত নতুনকৈ স্থাপন কৰা ২০টা অত্যাধুনিক ট্ৰেফিক ছিগনেল কাৰ্যকৰী হৈছে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে ট্ৰেফিক ছিগনেলকেইটা কাৰ্যক্ষম হোৱা বুলি ঘোষণা কৰিছে৷ ২০টা ঠাইত ইণ্টিগ্ৰেটেড ট্ৰেফিক মেনেজমেণ্ট ছিষ্টেম সম্পূৰ্ণ কৰিছে গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডে৷ ইয়াত ট্ৰেফিক নিৰীক্ষণ কৰিবলৈ সংস্থাপন কৰা হৈছে কেমেৰা আৰু ছেন্সৰ৷ যান-বাহন আইনৰ নিয়ম উলংঘাকাৰীক এতিয়াৰ পৰা চিনাক্ত কৰিব ছেন্সৰে৷ ট্ৰেফিক ছিগনেলত দুটাকৈ চি চি টিভি কেমেৰা সংযোজিত হৈ থাকিব৷ 
এটা চি চি টিভি কেমেৰাই পথৰ দৃশ্য বন্দী কৰিব৷ আনটো চি চি টিভি কেমেৰাই বাহনৰ নম্বৰ প্লেট, জেব্ৰা ক্ৰছিং নিৰীক্ষণ কৰিব৷ মহানগৰৰ পল্টনবজাৰ, নেপালী মন্দিৰ, উলুবাৰী, ভঙাগড়, এ বি চি পইণ্ট, শ্ৰীনগৰ পইণ্ট, গণেশগুৰি, ছুপাৰ মাৰ্কেট, ছয়মাইল, ভি আই পি ৰ’ড, খানাপাৰা ফ্লাইঅ’ভাৰ, লাষ্ট গে’ট, জয়ানগৰ পইণ্ট, গণেশ মন্দিৰ, ৰাজধানী মছজিদকে ধৰি মুঠ ২০টা ঠাইত প্ৰথম পৰ্যায়ত ইণ্টিগ্ৰেটেড ট্ৰেফিক ছিষ্টেম সংস্থাপন কৰা হৈছে৷ চি চি টিভি কেমেৰাই  পথত ৰেড লাইট উলংঘা, হেলমেট নিপিন্ধিলে, ম’বাইলত কথা পাতি বাহন চলালে, ছীট বেল্ট নিপিন্ধিলেও ধৰা পেলাব৷
নিয়ম অমান্যকাৰীলৈ অনলাইনযোগে যাব ই-চালান৷ যিসকলে যান-বাহন আইন ভংগ কৰে তেওঁলোকে এছ এম এছ অধিসূচনা প্ৰাপ্ত কৰিব৷ তদুপৰি এছ এম এছৰ জৰিয়তে জৰিমনাৰ জাননীও লাভ কৰিব৷ উল্লেখ্য যে ২০২৩ চনৰ আগষ্টত ইণ্টিগ্ৰেটেড ট্ৰেফিক ছিষ্টেমৰ কাম সম্পূৰ্ণ হোৱাৰ আশা কৰা হৈছে৷ বিশ্বৰ আগশাৰীৰ কেমেৰা নিৰ্মাতা হানিৱেলৰ দ্বাৰা নিৰ্মিত ১০০০তকৈও অধিক কেমেৰা  মহানগৰীৰ ৯৫টা ট্ৰেফিক জংচনত এক অভিযোজিত ট্ৰেফিক নিয়ন্ত্ৰণ প্ৰণালীৰ সৈতে স্থাপন কৰা হ’ব৷ সেয়ে গুৱাহাটীত বাহন চলাওঁতে চালকসকল অতি সাৱধান হ’ব লাগিব৷ যান-বাহন আইন উলংঘা কৰিলেই& বিপদত পৰিব৷

Most Popular

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,

ঘণ্টা ঘণ্টা ধৰি কাণত হেডফোনথাকিলে হ’ব পাৰে এই মহা বিপদ

নিয়মিতভাৱে হেডফোন ব্যৱহাৰ কৰিলে বিভিন্ন সমস্যাই দেখা দিব পাৰে৷ এই তালিকাত কিছু ভয়াৱহ ৰোগৰ নামো সন্নিৱিষ্ট হৈছে৷ সময় থাকোঁতে সেয়ে এই বিষয়ে...

তিতাকেৰেলা এইবোৰৰসৈতে ভুলতো নাখাব

খাবলৈ তিতা হ’লেও তিতাকেৰেলা যে আমাৰ শৰীৰৰ বাবে ভীষণ উপকাৰী সেই কথা সকলোৱে জানে৷ তিতাকেৰেলা এনে এবিধ পাচলি, যাৰ আছে হাজাৰটা ঔষধি...