Home Daily news পথ সুৰক্ষাৰ বিশেষ পদক্ষেপ মহানগৰীত ইণ্টিগ্ৰেটেড ট্ৰেফিক ছিষ্টেম সংস্থাপন

পথ সুৰক্ষাৰ বিশেষ পদক্ষেপ মহানগৰীত ইণ্টিগ্ৰেটেড ট্ৰেফিক ছিষ্টেম সংস্থাপন

গুৱাহাটী মহানগৰীৰ বিভিন্ন পথত নতুনকৈ স্থাপন কৰা ২০টা অত্যাধুনিক ট্ৰেফিক ছিগনেল কাৰ্যকৰী হৈছে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে ট্ৰেফিক ছিগনেলকেইটা কাৰ্যক্ষম হোৱা বুলি ঘোষণা কৰিছে৷ ২০টা ঠাইত ইণ্টিগ্ৰেটেড ট্ৰেফিক মেনেজমেণ্ট ছিষ্টেম সম্পূৰ্ণ কৰিছে গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডে৷ ইয়াত ট্ৰেফিক নিৰীক্ষণ কৰিবলৈ সংস্থাপন কৰা হৈছে কেমেৰা আৰু ছেন্সৰ৷ যান-বাহন আইনৰ নিয়ম উলংঘাকাৰীক এতিয়াৰ পৰা চিনাক্ত কৰিব ছেন্সৰে৷ ট্ৰেফিক ছিগনেলত দুটাকৈ চি চি টিভি কেমেৰা সংযোজিত হৈ থাকিব৷ 
এটা চি চি টিভি কেমেৰাই পথৰ দৃশ্য বন্দী কৰিব৷ আনটো চি চি টিভি কেমেৰাই বাহনৰ নম্বৰ প্লেট, জেব্ৰা ক্ৰছিং নিৰীক্ষণ কৰিব৷ মহানগৰৰ পল্টনবজাৰ, নেপালী মন্দিৰ, উলুবাৰী, ভঙাগড়, এ বি চি পইণ্ট, শ্ৰীনগৰ পইণ্ট, গণেশগুৰি, ছুপাৰ মাৰ্কেট, ছয়মাইল, ভি আই পি ৰ’ড, খানাপাৰা ফ্লাইঅ’ভাৰ, লাষ্ট গে’ট, জয়ানগৰ পইণ্ট, গণেশ মন্দিৰ, ৰাজধানী মছজিদকে ধৰি মুঠ ২০টা ঠাইত প্ৰথম পৰ্যায়ত ইণ্টিগ্ৰেটেড ট্ৰেফিক ছিষ্টেম সংস্থাপন কৰা হৈছে৷ চি চি টিভি কেমেৰাই  পথত ৰেড লাইট উলংঘা, হেলমেট নিপিন্ধিলে, ম’বাইলত কথা পাতি বাহন চলালে, ছীট বেল্ট নিপিন্ধিলেও ধৰা পেলাব৷ 
নিয়ম অমান্যকাৰীলৈ অনলাইনযোগে যাব ই-চালান৷ যিসকলে যান-বাহন আইন ভংগ কৰে তেওঁলোকে এছ এম এছ অধিসূচনা প্ৰাপ্ত কৰিব৷ তদুপৰি এছ এম এছৰ জৰিয়তে জৰিমনাৰ জাননীও লাভ কৰিব৷ উল্লেখ্য যে ২০২৩ চনৰ আগষ্টত ইণ্টিগ্ৰেটেড ট্ৰেফিক ছিষ্টেমৰ কাম সম্পূৰ্ণ হোৱাৰ আশা কৰা হৈছে৷ বিশ্বৰ আগশাৰীৰ কেমেৰা নিৰ্মাতা হানিৱেলৰ দ্বাৰা নিৰ্মিত ১০০০তকৈও অধিক কেমেৰা  মহানগৰীৰ ৯৫টা ট্ৰেফিক জংচনত এক অভিযোজিত ট্ৰেফিক নিয়ন্ত্ৰণ প্ৰণালীৰ সৈতে স্থাপন কৰা হ’ব৷ সেয়ে গুৱাহাটীত বাহন চলাওঁতে চালকসকল অতি সাৱধান হ’ব লাগিব৷ যান-বাহন আইন উলংঘা কৰিলেই বিপদত পৰিব৷

Most Popular

মছলা হিচাপে খোৱা কলাজিৰাৰআছে বিস্ময়কৰ শক্তি

প্ৰাচীন কালৰে পৰা কালজিৰা মানৱদেহৰ নানা ৰোগৰ চিকিৎসাত ব্যৱহাৰ হৈ আহিছে৷ কালজিৰা অকল খাদ্যৰ সোৱাদ বৃদ্ধিতে নহয়, ইয়াৰ বীজৰ পৰা উৎপন্ন হোৱা...

ৰেস্তোৰাঁত ফলৰ ৰসৰ পৰিৱৰ্তে ডিটাৰজেণ্ট মিহলি পানী : ক’ত?

ছ’চিয়েল মিডিয়াত প্ৰকাশিত এক আজব আৰু দায়িত্বজ্ঞানহীন কৰ্মই সৰ্বসাধাৰণৰ মাজত চাঞ্চল্যকৰ সৃষ্টি কৰিছে৷ চীনৰ ৰেস্তোৰাঁত ফলৰ ৰসৰ পৰিৱৰ্তে...

মহাবিশ্বত ISRO-ৰ ৰিইউজেবললঞ্চ ভেহিকলৰ পৰীক্ষাৰ পদক্ষেপ

এটা সময়ত সমুদ্ৰ বিশ্বৰ বাণিজ্য তথা শক্তিৰ কেন্দ্ৰ আছিল৷ কিন্তু লাহে লাহে এতিয়া মহাকাশে সেই স্থান পূৰ কৰিবলৈ...

পাঁচখন গাঁৱত ধূমপান নিষিদ্ধ!জানক ইয়াৰ আঁৰৰ কথা

ধূমপানৰ পৰা হ’ব পৰা ক্ষয়-ক্ষতিৰ তালিকাখন আমাৰ সকলোৰে জ্ঞাত৷ সেয়ে সময়সাপেক্ষে কিছুমান এলেকা বা অঞ্চল ধূমপানৰ পৰা সুৰক্ষিত হ’বলৈ নিষিদ্ধ কৰা হয়৷...