Home Daily news নিয়ন্ত্ৰণহীন ! ৰাজ্যত ছিংগল প্লাষ্টিকৰ অবাধ প্ৰচলন

নিয়ন্ত্ৰণহীন ! ৰাজ্যত ছিংগল প্লাষ্টিকৰ অবাধ প্ৰচলন

ৰাজ্যৰ লগতে মহানগৰীতো ৰাজ্য প্ৰশাসনে এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক নিষিদ্ধ কৰিছিল যদিও সকলো যেন ফুটুকাৰ ফেনত পৰিণত হ’ল৷ চৰকাৰৰ সকলো নিৰ্দেশনা ভৰিৰে মোহাৰি বজাৰত সহজলভ্য হৈ পৰিল ছিংগল ইউজ প্লাষ্টিকৰ ব্যৱহাৰ৷ ব্যাৱসায়িক প্ৰতিষ্ঠানকে কওক বা বজাৰতে কওক কোনোধৰণৰ বাধা নামানি পুনৰ আগৰ লেখীয়াকৈ  প্লাষ্টিকৰ ব্যৱহাৰ হোৱা দেখা গৈছে৷ আইন অমান্য কৰি এতিয়া নিৰ্বিঘ্নে চলাই হৈছে ছিংগল ইউজ প্লাষ্টিকৰ বেগ, মোনা, ঠোহা, বটল আদি৷ প্লাষ্টিক ৱেষ্ট মেনেজমেণ্ট আইন-২০২১ৰ অধীনৰ প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে জাৰি কৰা সকলো নিষেধাজ্ঞাক বুঢ়া আঙুলি দেখুৱাই সৰু-বৰ ব্যাৱসায়িক প্ৰতিষ্ঠানে চলাই গৈছে ছিংগল ইউজ প্লাষ্টিকৰ প্ৰচলন৷ জনস্বাস্থ্য তথা পৰিৱেশৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা এইধৰণৰ ছিংগল ইউজ প্লাষ্টিকৰ সামগ্ৰী দোকান, বজাৰবোৰত সহজে উপলব্ধ হৈ পৰিছে৷
এইবোৰ সকলো দেখিও যেন নেদেখাৰ ভাও জুৰিছে ৰাজ্যৰ প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে৷ কেৱল নিষেধাজ্ঞা জাৰি কৰিয়েই সকলো দায়িত্ব সামৰিছে ৰাজ্যৰ প্ৰদূষণ পৰিষদ নামৰ বিভাগটোৱে৷ উল্লেখ্য যে প্লাষ্টিক মেনেজমেণ্ট আইন-২০২১ৰ অধীনত প্ৰদূষণ নিয়ন্ত্ৰণ বিভাগে এক নিৰ্দেশনাযোগে যোৱা এক জুলাইৰ পৰা ছিংগল প্লাষ্টিকৰ সামগ্ৰীৰ ব্যৱহাৰৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছিল৷ প্ৰদূষণ পৰিষদৰ উক্ত নিৰ্দেশনাত কোৱা হৈছিল যে এক জুলাই, ২০২২ৰ পৰা কোনো ব্যাৱসায়িক প্ৰতিষ্ঠানে প্লাষ্টিকৰ বেগ, মোনা, নিমন্ত্ৰণী পত্ৰ, চিগাৰেটৰ পেকেট, মম আদি প্লাষ্টিক ব্যৱহাৰ কৰিব নোৱাৰিব৷ 
পৰিষদৰ তৰফৰ পৰা কেৱল ৭৫ মাইক্ৰ’নতকৈ ডাঠ পিভিচি পেপাৰহে ব্যৱহাৰ কৰিবলৈ অনুমতি দিছিল৷ কিন্তু পৰিষদে দিয়া উপৰিউক্ত নিৰ্দেশনাৰ দিয়াৰ দুমাহৰ পাছতেই সকলো প্ৰহসনত পৰিণত হ’ল৷ এতিয়া বজাৰত ব্যাৱসায়িক প্ৰতিষ্ঠানে হওক বা মাছ-মাংসৰ দোকানীয়েই হওক মুক্তভাৱে ব্যৱহাৰ কৰি আছে ছিংগল ইউজ প্লাষ্টিকৰ সামগ্ৰী৷ ইয়াৰ বাবে কিন্তু চৰকাৰক জগৰীয়া কৰিলে নহ’ব৷ সমানে দায়ী জনসাধাৰণেও৷ এনে ঘটনাও ঘটা দেখা গৈছে যে বজাৰত বস্তু কিনিবলৈ যাওঁতে দোকানীয়ে প্লাষ্টিকৰ বেগ নিদিলে তৰ্কযুদ্ধত লিপ্ত হোৱাও দৃষ্টিগোচৰ হৈছে৷ এটা কথা ঠিক যে প্লাষ্টিকৰ সামগ্ৰী ব্যৱহাৰৰ ক্ষেত্ৰত জনসাধাৰণ যদি অধিক সজাগ বা সচেতন নহয়, অদূৰ ভৱিষ্যতে ভয়াৱহ ভৱিষ্যতৰ সন্মুখীন হ’বলৈ বাধ্য হ’ব লাগিব৷

Most Popular

চাহৰ সৈতে বিস্কুট কিমান স্বাস্থ্যকৰ ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

চাহৰ সৈতে বিস্কুটকিমান স্বাস্থ্যকৰ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

স্বৰ্গ-মৰ্ত্যৰ মাজৰ এই উপত্যকা!য’ত সময়ো থমকি ৰৈছে

ছাংগ্ৰিলা উপত্যকা– সঁচাকৈয়ে কি আছে এই ৰহস্যময় উপত্যকাত৷ ইয়াক লৈ বিভিন্ন সময়ত নানা প্ৰশ্নৰ উদয় হৈছে৷ ইয়াৰ ৰহস্য...

ভূপৃষ্ঠত সূৰ্যৰ উৎপত্তিৰ আগতেই পানী আছিল : কোনে ক’লে?

বিশ্বব্ৰহ্মাণ্ডত নক্ষত্ৰ সৃষ্টি হোৱাৰ আগৰে পৰাই পানী আছিল৷ বিজ্ঞানীসকলে ইয়াৰ তথ্য লাভ কৰিছে৷ উল্লেখ্য যে বিজ্ঞানীসকলে বিশ্বব্ৰহ্মাণ্ডত প্ৰথমে নক্ষত্ৰ, পানী, পৃথিৱী নে...