Home Daily news নিবনুৱাৰ বাবে আদৰ্শ Dragon fruit-ৰ খেতিৰে সাফল্য

নিবনুৱাৰ বাবে আদৰ্শ Dragon fruit-ৰ খেতিৰে সাফল্য

তিনিচুকীয়া চহৰৰ কংক্ৰিটৰ নগৰীৰ মাজতে এগৰাকী গৃহিণী আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে৷ গৃহিণীগৰাকীয়ে নিজৰ চৌহদৰ ভিতৰতে Dragon fruit-ৰ উদ্যান স্থাপন কৰি নিবনুৱাসকলৰ বাবে আদৰ্শস্বৰূপ হৈ পৰিছে৷ তিনিচুকীয়া চহৰৰ সুভচনী পথৰ অঞ্জু চেতিয়া নামৰ মহিলাগৰাকীয়ে খুব কম পৰিসৰতে ড্ৰেগন ফ্ৰুটৰ খেতি কৰি ব্যাপক সাফল্য লাভ কৰিছে৷  অঞ্জু চেতিয়াই চৌহদৰ মাথোঁ ডেৰ কঠা মাটিত অতি শৃংখলাবদ্ধভাৱে Dragon fruit-ৰ উদ্যান গঢ়ি তুলিছে৷ মাত্ৰ তিনিটা বছৰতে উদ্যানখনত Dragon fruit-ৰ উৎপাদন চকুত লগা হৈছে৷ ইতিমধ্যে তেওঁ প্ৰায় ডেৰ কুইণ্টল ফল বজাৰলৈ উলিয়াই দিছে৷ চলিত বৰ্ষত উদ্যানখনত প্ৰায় এক টন Dragon fruit উৎপাদন হ’ব বুলি আশা কৰিছে৷ বিগত বৰ্ষতো প্ৰায় তিনি কুইণ্টল ফল তেওঁ উৎপাদন কৰিবলৈ সক্ষম হৈছিল৷ Dragon fruit বৰ্তমান অসমত খুব কমসংখ্যক খেতিয়কেহে কৰিবলৈ আগবাঢ়িছে৷ বজাৰত ভাল চাহিদা থকা এই ফলৰ দামো বেছি৷ মুকলি বজাৰত প্ৰায় ৫০০ টকা প্ৰতি কেজিত বিক্ৰী হয়৷ উল্লেখ্য যে পূৰ্বৰে পৰা উদ্যান শস্যৰ খেতি কৰি অহা অঞ্জু চেতিয়াই Dragon fruit-ৰ খেতি কৰিব বুলি থিৰাং কৰে৷ ২০২০ বৰ্ষত প্ৰথমবাৰৰ বাবে গছত ফল ধৰা দেখি সপোন সাকাৰ হৈছিল অঞ্জু চেতিয়াৰ৷ তেওঁৰ উদ্যানখনত ৰঙা আৰু গোলপীয়া প্ৰজাতিৰ Dragon fruit আছে যদিও শেহতীয়াকৈ পৰীক্ষামূলকভাৱে হালধীয়া প্ৰজাতিৰ পুলি ৰোপণ কৰিছে৷ অঞ্জু চেতিয়াই উল্লেখ কৰে যে তেওঁ  প্ৰথমে প্ৰামাণিক হিচাপে এইবিধ ৰসাল ফলৰ পুলি ৰোপণ কৰিছিল, যেতিয়া গছবোৰ লহপহকৈ বাঢ়ি আহিল আৰু ফল ধৰিল তেতিয়াই তেওঁ বুজি উঠিল যে Dragon fruit-ৰ খেতি তিনিচুকীয়াতো সম্ভৱ আৰু ইয়াৰ দ্বাৰা সফল হ’ব পাৰি৷ তেওঁ লগতে উল্লেখ কৰে যে ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীসকলে Dragon fruit-ৰ খেতিত মনোনিৱেশ কৰিলে নি(য় ভাল ফল পাব৷

Most Popular

চাহৰ সৈতে বিস্কুট কিমান স্বাস্থ্যকৰ ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

চাহৰ সৈতে বিস্কুটকিমান স্বাস্থ্যকৰ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

স্বৰ্গ-মৰ্ত্যৰ মাজৰ এই উপত্যকা!য’ত সময়ো থমকি ৰৈছে

ছাংগ্ৰিলা উপত্যকা– সঁচাকৈয়ে কি আছে এই ৰহস্যময় উপত্যকাত৷ ইয়াক লৈ বিভিন্ন সময়ত নানা প্ৰশ্নৰ উদয় হৈছে৷ ইয়াৰ ৰহস্য...

ভূপৃষ্ঠত সূৰ্যৰ উৎপত্তিৰ আগতেই পানী আছিল : কোনে ক’লে?

বিশ্বব্ৰহ্মাণ্ডত নক্ষত্ৰ সৃষ্টি হোৱাৰ আগৰে পৰাই পানী আছিল৷ বিজ্ঞানীসকলে ইয়াৰ তথ্য লাভ কৰিছে৷ উল্লেখ্য যে বিজ্ঞানীসকলে বিশ্বব্ৰহ্মাণ্ডত প্ৰথমে নক্ষত্ৰ, পানী, পৃথিৱী নে...