মাখিৰ উপদ্ৰৱৰ পৰা ৰক্ষা পৰাৰ কৌশল

0
344


মাখি বেক্টেৰিয়া তথা বিভিন্ন ক্ষতিকৰ জীৱাণুৰ বাহক বুলি জনা যায়৷ আমাৰ চৌপাশৰ লেতেৰা ঠাই, আৱৰ্জনা, নলা-নৰ্দমা, মল-মূত্ৰ আদিত মাখিয়ে বসতি স্থাপন কৰে৷ এইবোৰৰ পৰা উৰি আহি খাদ্যবস্তুত পৰিলে সেয়া খোৱাৰ অনুপযোগী হৈ পৰে৷ মাখিৰ ঠেঙত লাগি অহা বিভিন্ন ৰোগৰ বীজাণু সেই খাদ্যবস্তু লাগিলে বিভিন্ন ধৰণৰ ৰোগৰ সৃষ্টি হয়৷ সেয়েহে মাখিক ৰোগৰ বাহক বুলি কোৱা হয়৷ মাখিৰ এইধৰণৰ উপদ্ৰৱৰ পৰা হাত সাৰিবলৈ কিছু কৰিবলগীয়া কাম আছে৷ সেয়েহে মাখিৰ পৰা হাত সাৰিবলৈ কি কৰিব জানো আহক৷
ফল-মূল, শাক-পাচলি আদি ভালদৰে ধুই ৰাখিব৷ কেতিয়াবা পচনশীল ফলৰ সৈতে অন্য ফল ৰাখিলে এই ফলৰ ওপৰভাগ নৰম বা ঢিলা হৈ পৰে৷ ঘৰত বেছি পকা ফল ৰাখিব নালাগে৷ সামান্য পচিবলৈ ধৰিলেও ফলবোৰ পেলাই দিব লাগে, কিয়নো অত্যধিক পকা বা পচা ফলৰ প্ৰতি মাখি সহজে আকৃষ্ট হয়৷
ঘৰৰ চাৰিওফালে আৱৰ্জনা জমা নকৰিব৷ নাইবা ঘৰৰ ভিতৰতো শাক-পাচলি বা অন্য আৱৰ্জনা ঢাকি ৰাখি সেনকালে পেলাই দিয়া ব্যৱস্থা কৰিব৷ নহ’লে এইধৰণৰ আৱৰ্জনাত মাখিয়ে সহজে কণী পাৰিব পাৰে৷ অন্যহাতে লেতেৰা বস্তু পেলোৱা ডাষ্টবিনত সদায় ঢাকনি ব্যৱহাৰ কৰিব৷
ৰান্ধনি ঘৰ সদায় পৰিষ্কাৰ-পৰিচ্ছন্নকৈ ৰাখিব৷ ফ্ৰীজৰ তল, বেচিন, পাকঘৰৰ আলমিৰা আদি সদায় পৰিষ্কাৰ কৰিব৷ ৰান্ধনি ঘৰৰ গেছ অভেনত আঞ্জাৰ ৰস বা গাখীৰ আদি পৰিলে সুন্দৰকৈ চাফা কৰি দিয়ক৷ ইয়াৰ উপৰি ব্যৱহাৰ কৰা বাচন-বৰ্তন চাবোন-ডিটাৰডেণ্টেৰে পৰিষ্কাৰভাৱে ধুই শুকাই থৈ দিয়ক৷
এটা কথা মন কৰিব মাখিয়ে যাতে ঘৰত বাস কৰিব নোৱাৰে, সেইবাবে মাখিয়ে বাস কৰিব পৰা সম্ভাৱ্য ঠাইবোৰ নিৰীক্ষণত ৰাখক৷ তদুপৰি ঘৰৰ মজিয়া, ঘৰৰ চুক, আচবাব আদি লিকিউড ফ্ল’ৰ ৱাছ, ফেনাইল আদিৰে নিয়মিতভাৱে মচি দিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here