Home Diet Plus ধূমপান এৰিবলৈ লওক এইকেইটা সহজ টিপ্‌ছ

ধূমপান এৰিবলৈ লওক এইকেইটা সহজ টিপ্‌ছ

ধূমপান সেৱনে এজন ব্যক্তিকে নহয়, গোটেই সমাজখনকে কলুষিত কৰে৷ ধূমপান সেৱনে এজন ব্যক্তিক তিলতিলকৈ মৃত্যুৰ গহবৰলৈ ঠেলি দিয়ে৷ কেঞ্চাৰ আদিৰ মাৰাত্মক ৰোগৰ প্ৰধান কাৰণ হ’ল ধূমপান সেৱন৷ গতিকে এই বদ অভ্যাস এবাৰ গঢ় লৈ উঠিলে সহজে এৰাটো টান হৈ পৰে৷ সেয়েহে ধূমপান আসক্তসকলে কেনেদৰে ধূমপান এৰিব, সেই বিষয়ে জানো আহক৷
দৈনিক এটাকৈ আমলখি খোৱাৰ অভ্যাস কৰক৷ কিয়নো ধূমপানৰ ফলত শৰীৰত জমা হোৱা দূষিত পদাৰ্থ আমলখিয়ে দ্ৰুতভাৱে কমাই দিয়ে৷ তদুপৰি আমলখিয়ে ধূমপানৰ প্ৰতি আগ্ৰহো কমাই দিব পাৰে৷
টেঙাজাতীয় ফলে নিকোটিনৰ প্ৰতি আসক্তি কমাই দিব পাৰে৷ সেয়েহে যিসমূহ ফলত প্ৰচুৰ পৰিমাণে ভিটামিন-চি পোৱা যায়, যেনে– কমলা, নেমু, তেঁতেলি আদি যথেষ্ট পৰিমাণে খোৱাৰ অভ্যাস কৰক৷ আনহাতে এনেধৰণৰ টেঙা ফলে অণ্টিটক্সিনৰ ক্ষমতাই শৰীৰ সুস্থ ৰাখে আৰু নিকোটিনৰ কুপ্ৰভাৱৰ পৰা ৰক্ষা কৰে৷
যিসকলে অত্যধিক পৰিমাণে ধূমপান সৱন কৰে, তেওঁলোকে পুৱাই খালী পেটত ত্ৰিফলা মিহলি পানী সেৱন কৰিব পাৰে৷ ইয়াৰ ফলত ধূমপান কৰাৰ প্ৰৱণতা হ্ৰাস পায়৷
সেউজীয়া শাক-পাচলি পৰ্যাপ্ত পৰিমাণে খোৱাৰ অভ্যাস কৰক৷ কিয়নো এইবোৰ শাক-পাচলিয়ে লিভাৰৰ কৰ্মক্ষমতা বঢ়াই শৰীৰত নিকোটিনৰ চাহিদা কমাই দিয়ে৷
প্ৰতিদিনে পুৱা আদা মিহলি চাহ সেৱন কৰক৷ আদাই ধূমপানৰ আসক্তি কমাই দিব পাৰে৷
পদিনা ধূমপানৰ আসক্তি কমোৱাত কাৰ্যকৰী৷ ধূমপান সেৱনৰ ইচ্ছা জাগিলেই পদিনাৰ পাত চোবোৱাৰ অভ্যাস কৰক৷ পদিনাই নিকোটিনৰ প্ৰতি আগ্ৰহ কমাই দিয়ে৷
চিগাৰেট বা ধূমপান কৰাৰ ইচ্ছা হ’লে মুখত গুৱামুৰি লৈ চবাওক৷ লাহে লাহে এই অভ্যাস গঢ়ি উঠিলে আপোনা আপুনি ধূমপান সেৱনৰ অভ্যাস কমি যাব৷
ড্ৰাই ফ্ৰুইছে নিকোটিনৰ প্ৰতি আসক্তি কমায়৷ ড্ৰাই ফ্ৰুইছত কেলৰিৰ পৰিমাণ বেছি থাকে বাবে শৰীৰৰ কাৰ্যক্ষমতা বঢ়ায়৷

Most Popular

চাহৰ সৈতে বিস্কুট কিমান স্বাস্থ্যকৰ ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

চাহৰ সৈতে বিস্কুটকিমান স্বাস্থ্যকৰ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

স্বৰ্গ-মৰ্ত্যৰ মাজৰ এই উপত্যকা!য’ত সময়ো থমকি ৰৈছে

ছাংগ্ৰিলা উপত্যকা– সঁচাকৈয়ে কি আছে এই ৰহস্যময় উপত্যকাত৷ ইয়াক লৈ বিভিন্ন সময়ত নানা প্ৰশ্নৰ উদয় হৈছে৷ ইয়াৰ ৰহস্য...

ভূপৃষ্ঠত সূৰ্যৰ উৎপত্তিৰ আগতেই পানী আছিল : কোনে ক’লে?

বিশ্বব্ৰহ্মাণ্ডত নক্ষত্ৰ সৃষ্টি হোৱাৰ আগৰে পৰাই পানী আছিল৷ বিজ্ঞানীসকলে ইয়াৰ তথ্য লাভ কৰিছে৷ উল্লেখ্য যে বিজ্ঞানীসকলে বিশ্বব্ৰহ্মাণ্ডত প্ৰথমে নক্ষত্ৰ, পানী, পৃথিৱী নে...