দেশত প্ৰথমজন মাংকি পক্সত আক্ৰান্ত ব্যক্তি চিনাক্ত

0
299

সমগ্ৰ বিশ্বত আতংকৰ সৃষ্টি কৰা মাংকি পক্সত আক্ৰান্ত দেশৰ প্ৰথমজন ব্যক্তিক চিনাক্ত কৰা হৈছে৷ শেহতীয়াকৈ জানিব পৰা মতে যোৱা ১২ জুলাইত ইউ এ ইৰ পৰা কেৰালাৰ তিৰুৱন্তপুৰম বিমানবন্দৰত অৱতৰণ কৰা এজন ৰোগীৰ দেহত মাংকি পক্স ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে৷ কেৰালাৰ স্বাস্থ্য মন্ত্ৰী বিনা জৰ্জে এই কথা জানিবলৈ দি কয় যে সম্প্ৰতি মাংকি পক্সত আক্ৰান্ত ব্যক্তিজন সুস্থ অৱস্থাত আছে৷ 
মন্ত্ৰীজনৰ এই কথা ঘোষণাৰ পাছতে কেন্দ্ৰীয় চৰকাৰৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধিৰ দল কেৰালাৰ উপস্থিত হয়৷ উল্লেখ্য যে ইউৰোপ, আমেৰিকা আফ্ৰিকাত আদি দেশত মাংকি পক্সত আক্ৰান্ত ৰোগী ধৰা পৰিছে যদিও ভাৰতত এয়াই মাংকি পক্সৰ দ্বাৰা আক্ৰান্ত হোৱাৰ প্ৰথমটো ঘটনা৷ দেশৰ স্বাস্থ্য মন্ত্ৰ্যালয়ে এই ক্ষেত্ৰত অধিক সজাগ আৰু সাৱধানতা অৱলম্বন কৰিবলৈ জনসাধাৰণক আহ্বান জনাইছে৷ যাতে আৰু অধিক পৰিমাণে লোক মাংকি পক্সৰ দ্বাৰা সংক্ৰমিত নহয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here