ধুমুহা আহে লাহে লাহে

0
433

(৩১ মে’ : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে)

ডাঃ অৰূপ কুমাৰ নাথ
অধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ’লজি বিশেষজ্ঞ,

ইনষ্টিটিউট অৱ্ ইউৰ’লজি এণ্ড কিডনী ডিজিজেজ, গুৱাহাটী

ফোনঃ ৮০১১৫০১৮৩৩

আদহীয়া মানুহজনৰ মুখাৱয়বত ক্লেশৰ চিন সুস্পষ্ট। কিবা যেন অসন্তুষ্টি, দুখ, বিৰক্তি আৰু শংকাবোধ ! চুলি সৰিছে যদিও একেবাৰে টকলা হোৱাগৈ নাই, কিন্তু যিকেইডাল আছে সেই কেইডালে ৰূপালী ৰহণ লৈছে। গোটেই শৰীৰাৱয়বটো চাই বয়সটো ষাঠিৰ ঊৰ্ধবত যেন লাগিছে। বাওঁহাতেৰে প্ৰস্ৰাৱৰ কৃত্ৰিম মোনা (ইউৰ’বেগ) এখন ডাঙি ধৰি আছে।ইউৰ’বেগটোত জমা হোৱা প্ৰস্ৰাৱখিনিৰ ৰং মানুহজনে খাই থকা তামোলখনৰ দৰেই টিকটিকীয়া ৰঙা। বুজা গ’ল যে মানুহজনৰ প্ৰস্ৰাৱৰ লগত ৰক্তক্ষৰণ হৈছিল, হয়তো প্ৰস্ৰাৱ বন্ধ হৈ গৈছিল – মই ধাৰণা কৰিলোঁ। মানুহজনৰ লগত প্ৰায় সমবয়সীয়া মহিলা এগৰাকী আৰু হাতত চিকিৎসালয়ৰ ফাইল এটা লৈ ডেকা ল’ৰা এজন – নিজকে দুয়ো ক্ৰমান্বয়ে মানুহজনৰ ঘৈণীয়েক আৰু ল’ৰা বুলি চিনাকি দিলে। আটাইৰে মুখ শুকান আৰু যেন এক অজান শংকাবোধ।

বহিঃবিভাগৰ ৰোগী চোৱা চেম্বাৰৰ ভিতৰত পৰিপাটীকৈ পাৰি থোৱা চকী তিনিখনত তেওঁলোক তিনিওগৰাকীকে বহিবলৈ দি মিচিকিয়া হাঁ‌হিৰে “কি অসুবিধা হৈছে” – বুলি সুধিলো। ভয়ে ভয়ে ঘৈণীয়েকে ক’লে “ছাৰ, আমাৰ মানুহজনৰ যোৱা দুদিন ধৰি প্ৰস্ৰাৱৰ লগত ৰক্তক্ষৰণ হৈ আছে। কালি ৰক্তক্ষৰণ ইমান বেছি হ’ল যে ৰাতিলৈ প্ৰস্ৰাৱ সম্পূৰ্ণ বন্ধ হৈ গ’ল। তলপেট টানি ফুলি ধৰিলে। লগে লগে ঘৰৰ ওচৰৰ স্থানীয় প্ৰাথমিক চিকিৎসালয়খনলৈ তেওঁক লৈ যোৱা হ’ল। চিকিৎসালয়ত চিকিৎসকে চাই-মেলি প্ৰস্ৰাৱৰ পাইপ (ইউৰেটাৰিক কেথেটাৰ) লগাব লাগিব বুলি পৰামৰ্শ দিয়ে। কথা মতেই কাম – লগে লগে প্ৰস্ৰাৱৰ কেথেটাৰ লগাই দিয়া হয়। ৰোগীয়ে তৎক্ষণাৎ আৰাম পায়। চিকিৎসকজনে দুটামান ঔষধ খাবলৈ বুলি লিখি দি এখন আল্ট্ৰা-ছন’গ্ৰাফী কৰি তেওঁক বা অন্য কোনো বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ ল’বলৈ উপদেশ দিয়ে। তাৰ পিছদিনাখন আমি ততাতৈয়াকৈ গুৱাহাটীলৈ গুচি আহিলো। আমাৰ গাঁ‌ৱৰ চিকিৎসকগৰাকীয়ে তেওঁৰ পৰামৰ্শপত্ৰখনত লিখি দিয়া অনুসৰি ইয়াতে সেইখন দেখুৱাই আমি তলপেটৰ ছ’নোগ্ৰাফীখন কৰাই লওঁ। আমি পূৰ্বৰে পৰাই আপোনাৰ কথা অহুকাণে-পহুকাণে শুনি আছিলোঁ, ইউটিউবতো আপোনাৰ স্বাস্থ্য সম্পৰ্কীয় ভিডিঅ’ দেখিছোঁ আৰু নিউজ লাইভতো আপোনাৰ স্বাস্থ্য সম্পৰ্কীয় অনুষ্ঠান আমি চাইছোঁ। সেই মৰ্মে আপোনাৰ ওচৰ পালোঁহি ছাৰ”। মহিলাগৰাকীয়ে শংকাযুক্ত কণ্ঠেৰে প্ৰায় একে উশাহতে কথাখিনি ক’লে। কথাখিনি শেষ হোৱাৰ পিছত ৰোগটোৰ বিষয়ে জানিবলৈ মই ৰোগীক সুধিলোঁ – “আপোনাৰ আগতেও এই একেধৰণে প্ৰস্ৰাৱৰ লগত তেজ ওলাইছিল নেকি?” ঘৈণীয়েকে টপৰাই উত্তৰ দিলে – “নাই ছাৰ, আগতে কেতিয়াও এওঁৰ প্ৰস্ৰাৱৰ লগত তেজ যোৱা নাই। এয়াই প্ৰথম!” লগে লগে গিৰিয়েকে ঘৈণীয়েকৰ মুখৰ কথা কাঢ়ি নি ক’লে – “নহয় ছাৰ, আজিৰ পৰা এমাহ মান আগতেও এদিন ওলাইছিল, পিছত নিজে নিজে ঠিক হৈ গৈছিল। তাৰো প্ৰায় ছমাহৰ আগতে আকৌ এবাৰ ওলাইছিল, কিন্তু সেইবাৰো নিজে নিজে তেজ বন্ধ হৈ গৈছিল কাৰণে কথাটো গভীৰভাৱে লোৱা নাছিলোঁ আৰু সেইকাৰণেই মই পৰিয়ালৰ মানুহকো জনোৱাৰ প্ৰয়োজনবোধ কৰা নাছিলোঁ।” এইবাৰ ঘৈণীয়েক আৰু ল’ৰা — দুয়োৱে মানুহজনলৈ আশ্চৰ্যসূচকভাৱে চাই থৰ হৈ ৰোৱাদি ৰ’ল।
মই আল্ট্ৰা-ছন’গ্ৰাফী ৰিপ’ৰ্টটো হাতত লৈ দেখো যে তেওঁৰ মূত্ৰাশয়ত প্ৰায় ৫ চেণ্টিমিটাৰ জোখৰ এটা টিউমাৰ আছে। “আপুনি বিড়ি, চাধা, চিগাৰেট বা অন্য কোনো তেনে ধঁপাতজাতীয় দ্ৰৱ্য খায় নেকি?” — মই এইবাৰ গহীনভাৱে সুধিলোঁ।
মানুহজনে কোৱাৰ আগতে ঘৈণীয়েকজনীয়ে টপৰাই মাত লগালে – “ছাৰ, খায়।”
লগে লগে গিৰীয়েকে ক’লে – “ছাৰ, এতিয়া বাদ দিলোঁ, কেতিয়াবা কাচিৎ এটা দুটা !!”
মই আকৌ সুধিলোঁ – “কি কি খাইছিল আৰু কিমান পৰিমাণে খাইছিল কওকচোন।”
মানুহজনে ক’বলৈ আৰম্ভ কৰিলে – “ছাৰ, ক’লেজত পঢ়ি থাকোতে হোষ্টেলত থকা দিনৰ পৰা চিগাৰেট নিয়মীয়াকৈ খাইছিলোঁ। দিনে প্ৰায় ছয় সাতটা। পিছত চাকৰিত সোমোৱাৰ পিছত পৰিয়ালত টকা-পইচাৰ অভাৱ গুচিল আৰু মোৰো চিগাৰেট হুপাৰ হাৰ বাঢ়িল। আজি অৱসৰৰ আগলৈ যোৱা প্ৰায় ২০-২৫ বছৰ ধৰি দিনে প্ৰায় দহটামান চিগাৰেট খোৱা যায় চাৰ। এতিয়া খুব কষ্ট কৰি বাদ দিছোঁ। কেৱল যোৱা ৫ বছৰমান ধৰি দিনৰ তিনিবাৰমান চাধা খাওঁ, এয়াই ছাৰ। বেলেগ আৰু একো নাখাওঁ।”
কথাখিনি শুনি মোৰ বুজিবলৈ একো বাকী নাথাকিল যে নিক’টিন সেৱনৰ ফলত মানুহজনৰ শৰীৰত থিতাপি লৈছে এক বিষাক্ত ব্যাধি – ব্লাডাৰ টিউমাৰ – যি কেঞ্চাৰজাতীৰ হোৱাৰ সম্ভাৱনাই অধিক। লেজাৰৰ সহায়ত অপাৰেচন কৰি তাক বাহিৰ উলিয়াই দিয়াৰ পিছত বায়’পচি কৰিলেহে সেয়া কেঞ্চাৰজাতীয় হয় নে নহয় তাক সঠিককৈ ধৰা পেলাব পৰা যাব। কথাখিনি মনতে পাগুলিলোঁ।
“ছাৰ, কি চিন্তা কৰিছে? সকলো ঠিকেই আছেনে ? ভয় খাব লগা কিবা আছে নেকি ?” — ৰোগীৰ উৎসুক মাতত মোৰ সম্বিৎ ঘূৰি আহিল। বহিঃবিভাগৰ সহায়ক নাৰ্ছগৰাকীক মানুহজনক নি কাষৰ কোঠাত বহিবলৈ দিবলৈ ক’লোঁ। এইবাৰ ল’ৰাজন আৰু ঘৈণীয়েকগৰাকীক আচল কথাটো ভাঙি-পাতি কোৱাৰ সময়। কিয়নো অলপ কেইদিনমানৰ চিকিৎসা বিলম্বই ৰোগ তৰান্বিত কৰি ৰোগীৰ জীৱনৰ প্ৰতি ভয়াৱহতা বঢ়াই তুলিব পাৰে। প্ৰকৃতিস্থ হৈ বুজনিৰ সুৰেৰে আৰম্ভ কৰিলোঁ – “চাওক, চিগাৰেট আৰু চাধাৰ ৰূপত অত্যধিক ধঁপাত সেৱনৰ ফলত আপোনালোকৰ মানুহজনৰ মূত্ৰাশয়ত কিছুমান টিউমাৰ উৎপন্ন হৈছে। আল্ট্ৰা-ছন’গ্ৰাফীত দিয়া অনুসৰি আটাইতকৈ ডাঙৰ টিউমাৰটোৰ আকাৰ প্ৰায় পাঁ‌চ চেণ্টিমিটাৰ হৈছেগৈ। তাৰ ওচৰৰত সৰু সৰু আৰু দুই-চাৰিটা টিউমাৰ আছে। এই টিউমাৰবোৰত অজস্ৰ ৰক্তবাহী নলী থাকে, সেইবোৰ চাপ পৰি ফাটি গৈ তাৰ পৰাই প্ৰস্ৰাৱৰ সৈতে ৰক্তক্ষৰণ হৈছে। অত্যধিক ৰক্তক্ষৰণ হৈ সেয়া গোট মাৰি প্ৰস্ৰাৱ ওলাই অহা ৰন্ধ্ৰটোত জমা হ’লে প্ৰস্ৰাৱ বন্ধ হৈ যাবও পাৰে, যিটো আপোনালোকৰ ৰোগীজনৰ ক্ষেত্ৰত হৈছিল।” কথাখিনি একেলেথাৰিয়ে কৈ শেষ কৰি মই মাক আৰু ল’ৰাজনৰ মুখলৈ চালোঁ। মাতৃ-পুত্ৰ দুয়োৰে মুখ শুকান, বৰষুণ আহিব খোজা বাৰিষাৰ আকাশখনৰ দৰেই ক’লীয়া, দুচকুত শাওণৰ সমস্ত ধল !
ফেঁকুৰি উঠি দুয়ো প্ৰায় একেলগে কৈ উঠিল – “ছাৰ, উপায় কি ? ঔষধ আছেনে ইয়াৰ ?”
ল’ৰাজনৰ হাতত হাত থৈ সান্ত্বনাৰ সুৰত মাকলৈ চাই ক’লোঁ – “চিন্তা কৰিব নালাগে। কেঞ্চাৰ মানেই মৃত্যু নহয়। তেওঁৰ মূত্ৰাশয়ত থকা টিউমাৰকেইটা আমি প্ৰস্ৰাৱৰ নলী অৰ্থাৎ ইউৰেথ্ৰাৰে মেচিন সুমুৱাই লেজাৰৰ সহায়ত কাটি উলিয়াই আনিব লাগিব। এই পদ্ধতিটোক LASER TUR-BT বুলি কোৱা হয়। তাৰ বাবে তেওঁক বেহুচ কৰাৰ দৰকাৰ হ’ব। সেয়েহে তেওঁৰ কেইটামান সাধাৰণ ৰক্ত পৰীক্ষা, ই চি জি আৰু বুকুৰ এক্স ৰে এখন আমি কৰাই ল’ব লাগিব। যিহেতু তেওঁৰ বয়স ষাঠিৰ ঊৰ্ধবত, গতিকে পি এছ এ নামৰ টেষ্ট এটাও আমি কৰাই ল’ম। ই প্ৰ’ষ্টেট কেঞ্চাৰৰ বিষয়ে আমাক আগতীয়াকৈ বহু কথা জনাই দিয়ে। অৱশ্যে প্ৰ’ষ্টেট কেঞ্চাৰৰ নামটো শুনি আকৌ নতুনকৈ ভয় খাব লগা নাই। সাধাৰণতে ব্লাডাৰ কেঞ্চাৰৰ লগত প্ৰ’ষ্টেট কেঞ্চাৰৰ তেনে কোনো প্ৰত্যক্ষ সম্পৰ্ক নাই।”
“ছাৰ, এতিয়া আমি কি কৰিব লাগিব?” — যেন পাৰিলে কিবা এটা এতিয়াই কৰি মানুহজনৰ বেমাৰটো নাইকিয়া কৰি দিব — তেনে এক ভংগিমাৰে বুকু ডাঠ কৰি মানুহজনীয়ে সুধিলে। এতিয়া এয়া মই লিখি দিয়া পৰীক্ষা-নিৰীক্ষাখিনি কৰিব লাগিব বুলি নিদানপত্ৰত প্ৰয়োজনীয় পৰীক্ষাখিনি লিখি দিলোঁ। “তেওঁ খালি পেটত এদিন লৈ আহিলে অপাৰেচনৰ ফালে আগবাঢ়িব পৰা যাব। যিমান সোনকালে অপাৰেচনটো কৰি টিউমাৰটো উলিয়াই আনিব পৰা যায়, ৰোগীৰ বাবে সিমানেই ভাল হ’ব। বায়’পচি কৰি সেই ৰিপ’ৰ্টমতে অন্যান্য দৰব-পাতি খাব লাগিব। প্ৰস্ৰাৱৰ ৰাস্তাৰে অৰ্থাৎ ইউৰেথ্ৰাৰে মূত্ৰাশয় বা ব্লাডাৰত কিছু জুলীয়া ঔষধ যাক অংকো বি চি জি বুলি কোৱা হয়, সেয়া এক নিৰ্দিষ্ট দিনৰ অন্তৰালত দীঘলীয়াকৈ দিব লাগিব পাৰে” — অনাগত দিনৰ চিকিৎসা পদ্ধতি সম্পৰ্কে থোৰতে তেওঁলোকক জনাই থ’লোঁ।
“ছাৰ, তেওঁ ৰাতিৰ পৰা পানী এটুপিও খোৱা নাই, সম্পূৰ্ণ খালি পেটত আছে। এতিয়া পৰীক্ষা-নিৰীক্ষাখিনি কৰি অপাৰেচনটো আজিয়েই কৰাব নোৱাৰি নেকি ছাৰ?” — মুক্তি বিচৰা মানুহৰ দৰে মানুহজনীয়ে কৈ উঠিল।
“যদি খালি পেটত আছে আৰু পৰীক্ষাৰ ৰিপ’ৰ্টবোৰ নৰ্মেল আহে, তেতিয়া হ’লে ৰোগী আৰু আপোনালোকে বিচাৰিলে অপাৰেচনটো আজিও কৰিব পৰা যাব”- মই ক’লোঁ।

“ছাৰ, দেউতাক ৰোগটোৰ বিষয়ে বিতংকৈ জনালে ভাঙি পৰিব পাৰে” – ল’ৰাজনে সমিধানৰ সুৰত ক’লে। “হয়, তেওঁক আমি মূত্ৰাশয়ত মাংস বাঢ়িছে আৰু সেয়া লেজাৰৰ সহায়ত কাটি উলিয়াই আনিব লাগিব আৰু তাৰ বাবে যে তেওঁক বেহুচ কৰাৰ প্ৰয়োজন হ’ব সেইখিনি জনাব লাগিব। বাকী নিয়মমতে পৰৱৰ্তী চিকিৎসা আগবাঢ়িব; কেঞ্চাৰ শব্দটো কোৱাৰ পৰা আমি দূৰত থাকিম, কিয়নো ইয়ে তেওঁক মানসিকভাৱে দুৰ্বল কৰি পেলাব।” – মই তেওঁলোকক উপদেশৰ সুৰত কথাখিনি ক’লোঁ।
উঠি অহা কাণ সমনীয়া ডেকা ল’ৰাজনৰ মনত স্বাস্থ্য সজাগতাৰ ভাব জগাই তুলিবলৈ মই এইবুলি ক’লোঁ যে প্ৰতি ১ লাখ লোকৰ ভিতৰত কেঞ্চাৰৰ ৰাষ্ট্ৰীয় গড় ৮০ ৰ পৰা ১১০ গৰাকী। কিন্তু উত্তৰ পূৰ্বাঞ্চলত এই হাৰ প্ৰতি ১ লাখ লোকৰ ভিতৰত ১৫০ ৰ পৰা ২০০ গৰাকী,
মানে ৰাষ্ট্ৰীয় গড়ৰ প্ৰায় দুগুণ। সেয়েহে উত্তৰ-পূৰ্বাঞ্চলক আমাৰ দেশৰ কৰ্কট ৰোগৰ ৰাজধানী বুলি কোৱা হয়। (Northeast India is the cancer capital of India)।
অৰুণাচল প্ৰদেশৰ পাপুমপাৰে জিলাত প্ৰতি ১ লাখ মহিলাৰ ভিতৰত ২২০ গৰাকী মহিলাই বিভিন্ন কেঞ্চাৰত আক্ৰান্ত। মিজোৰামৰ আইজলত প্ৰতি ১ লাখ পুৰুষৰ ভিতৰত ২৭০ গৰাকী পুৰুষেই বেলেগ বেলেগ কেঞ্চাৰত আক্ৰান্ত। উত্তৰ-পূৰ্বাঞ্চলত যিমান কেঞ্চাৰ হয়, তাৰে পুৰুষসকলৰ সকলোবোৰ কেঞ্চাৰৰ ৫৭% কেঞ্চাৰ কেৱল ধঁপাত সেৱনৰ ফলত হয়
আৰু মহিলাসকলৰ সকলোবোৰ কেঞ্চাৰৰ ২৮% কেঞ্চাৰ ধঁপাত সেৱনৰ ফলত হয়। বিভিন্ন কাৰকৰ ফলত হোৱা সকলোবোৰ কেঞ্চাৰৰ ভিতৰত সাধাৰণতে পুৰুষসকলৰ ক্ষেত্ৰত হাওঁ‌ফাওঁ‌ৰ কেঞ্চাৰ আৰু মহিলাসকলৰ ক্ষেত্ৰৰ স্তনৰ কেঞ্চাৰ আটাইতকৈ বেছিকৈ হোৱা দেখা যায়। অকল ধঁপাত সেৱনেই নহয়, কেঞ্চাৰ হোৱাৰ আৰু বহুতো কাৰণ আছে। বহুতো কাৰণ এতিয়াও সঠিককৈ ক’ব পৰা হোৱা নাই, সেইবোৰৰ ওপৰত সম্প্ৰতি গৱেষণা চলি আছে। সি যি কি নহওক, লাগিলে, কিন্তু ধঁপাত সেৱনেই (ধোঁৱাযুক্তই হওক বা ধোঁৱাবিহীনেই হওক) যে আমাৰ উত্তৰ পূৰ্বাঞ্চলত বৰ্ধিত হাৰত দেখা দিয়া বিভিন্ন কেঞ্চাৰ যেনে – মুখগহ্বৰৰ কেঞ্চাৰ, খাদ্যনলীৰ কেঞ্চাৰ, পেটৰ বিভিন্ন কেঞ্চাৰ, হাওঁ‌ফাওঁ‌ৰ কেঞ্চাৰ, মূত্ৰাশয়ৰ কেঞ্চাৰ আদিৰ মূল কাৰক, এই ক্ষেত্ৰত কাৰো কোনো দ্বিমত নাই। বিড়ি, চাধা, চিগাৰেট, গেলা তামোল বা চুপাৰি তামোল আদিৰ লগতে মুখত এমোকোৰা শিখৰ, ৰজনীগন্ধা বা কমলাপ্যাচন লৈ থকাৰ যি এক নতুন পৰম্পৰা আৰম্ভ হৈছে, ইয়ে জাতিটোক কোঙা কৰি দেশখনক এটা বেমাৰী প্ৰজন্মৰ বোজা উপহাৰ দিবলৈ গৈ আছে। শুনি আচৰিত লাগে যে আমাৰ ডেকা ল’ৰাবোৰে ফু মাৰি ধোৱা উৰুৱাই দিয়া একোটা চিগাৰেটৰ পৰা ৭০০০ বিধ ৰাসায়নিক পদাৰ্থ নিৰ্গত হয় আৰু ইয়াৰে ৬৯ বিধেই কেঞ্চাৰৰ কাৰক বুলি ধৰা পৰিছে। সেয়েহে এডাল চিগাৰেটৰ এটা মুৰে একুৰা জুই আৰু আনটো মুৰে এজন মূৰ্খ থাকে বুলি কোৱা হয়।

অসম চৰকাৰে টাটা ট্ৰাষ্টৰ সৈতে সংযুক্ত হৈ ত্বৰান্বিত গতিৰে এতিয়ালৈ আঠখনকৈ কেঞ্চাৰ চিকিৎসালয়ৰ শুভাৰম্ভ কৰিছে। প্ৰতি জিলাতে একোখনকৈ কেঞ্চাৰ চিকিৎসালয় প্ৰতিষ্ঠা কৰা হ’ব বুলিও চৰকাৰে ঘোষণা কৰিছে। সম্পূৰ্ণ কেঞ্চাৰ চিকিৎসাৰ্থে উৎসৰ্গিত এই চিকিৎসালয়সমূহে ৰাজ্যখনৰ বৰ্দ্ধিত কৰ্কটৰোগীসকলৰ বাবে নিশ্চয়কৈ আশাৰ বতৰা কঢ়িয়াই আনিব।
“ছাৰ, চৰকাৰে কেঞ্চাৰ হস্পিটেল বনাই আন্তঃগাঁথনিৰ নামত, চিকিৎসক আৰু চিকিৎসা কৰ্মীৰ দৰমহাৰ নামত লক্ষ লক্ষ ধন ব্যয় কৰাতকৈ কেঞ্চাৰ সৃষ্টিকাৰী এই ধঁপাতসমূহ নিষিদ্ধ কৰি এইবোৰৰ বিক্ৰী সম্পূৰ্ণৰূপে বন্ধ কৰিব নোৱাৰেনে ? অ’ এইটো হয় যে ধঁপাত নিষিদ্ধ কৰিলে বা ইয়াৰ বিক্ৰী বন্ধ কৰি দিলে চৰকাৰৰ বহু টকাৰ ৰাজহ লোকচান হ’ব, কিন্তু তাৰ বিনিময়ত হেজাৰ জনে কেঞ্চাৰৰ কবলৰ পৰা বাচি যাব, ইমান টকা ব্যয় কৰি নিৰ্মাণ কৰিবলগীয়া কেইখনমান কেঞ্চাৰ হস্পিটেল হয়তো কমকৈ নিৰ্মাণ কৰিলেও চলি যাব, কাৰণ ধঁপাত বন্ধ কৰিলে কেঞ্চাৰ ৰোগীৰ সংখ্যাই কমি যাব” — ল’ৰাজনে আক্ষেপেৰে কৈ উঠিল।
মই তেওঁক বুজনিৰ সুৰেৰে ক’লো যে আমাৰ চৰকাৰে অসমত ধঁপাত নিষিদ্ধ কৰিব পাৰে, কিন্তু ইয়েই সমাধান নহ’ব। কিয়নো আমাৰ ওচৰৰ অন্যান্য ৰাজ্যসমূহত যেতিয়ালৈ এই ধঁপাতসমূহ উপলব্ধ হৈ থাকিব তেতিয়ালৈ লুকাই-চোৰকৈ হ’লেও ৰাজ্যতো এইসমূহ উপলব্ধ হৈয়েই থাকিব। আনকি তেনে পৰিস্থিতিত পাৰ্শ্বৱৰ্তী ৰাজ্য বা দেশৰ পৰা আমাৰ ৰাজ্যলৈ ধঁপাতৰ এক ক’লা বেহাৰহে সূচনা হ’ব। ফলত ধপাত সেৱনো বন্ধ নহ’ব, আৰু চৰকাৰৰো মিচাকৈয়েই ৰাজহ হানি হ’ব। একো কামত নাহিব। অৱশ্যে আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী যিহেতু নেডা (NEDA)-ৰ আহ্বায়ক আৰু তেওঁৰ বিচক্ষণ বুদ্ধিমত্তাৰ ওপৰত কাৰো তিলমাত্ৰও সন্দেহ নাই, গতিকে তেওঁ নিজে নেতৃত্ব লৈ উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যতেই যদি কিবা প্ৰকাৰে একেলগে উমৈহতীয়াভাৱে ধপাত নিষিদ্ধ ঘোষণা কৰিব পাৰে; তেন্তে তুমি কোৱা কথাটো সম্ভৱ হ’ব পাৰে। কেৱল তেৱেই এই কামটো কৰিব পাৰে বুলি মোৰ মনে ধৰে। তেনে কৰিব পাৰিলে অনাগত দিনত তেওঁৰ নামটো ইতিহাসে সগৌৰৱে সোঁৱৰিব।
ইয়াৰ উপৰিও কেতবোৰ আইন-কানুন আছে, যেনে – এখন আইন অনুসৰি শিক্ষা প্ৰতিষ্ঠানৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত সকলো ধৰণৰ ধঁপাতজাতীয় সামগ্ৰীৰ বিক্ৰী আৰু সেৱন নিষিদ্ধ, কিন্তু বাস্তৱক্ষেত্ৰত তাৰ ওলোটাটোহে আমি দেখিবলৈ পাওঁ। এনে চৰকাৰী নীতি-নিয়মসমূহৰো কঠোৰতম বলৱৎ হ’ব লাগিব। কিন্তু আমি নিজেই যদি প্ৰতিজ্ঞাবদ্ধ হওঁ যে আমি এইসমূহৰ পৰা সদায় আঁতৰত থাকিম, তেন্তে কোনোৱে আমাক এই মৃত্যুমুখী যাত্ৰালৈ ঠেলি দিব নোৱাৰিব। সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰতিবছৰে ৩১ মে’ তাৰিখটো বিশ্ব ধঁপাত বিৰোধী দিৱস হিচাপে পালন কৰা হয়। কিন্তু ইয়াক এটা মাত্ৰ দিৱসতেই সীমাবদ্ধ নাৰাখি বাস্তৱক্ষেত্ৰত সঁ‌চা অৰ্থত ধপাত এৰাই চলাৰ প্ৰচেষ্টাত ব্ৰতী হ’ব পাৰিলেহে এনে দিৱস উদযাপনৰ আচল সাৰ্থকতা আহিব।

ইতিমধ্যে নাৰ্ছে জনালে যে ৰোগী অপাৰেচনৰ বাবে সাজু কৰা হৈছে। কথাখিনি শেষ কৰি তেওঁলোকক অপাৰেচন কক্ষৰ বাহিৰত অপেক্ষা কৰিবলৈ দি অস্ত্ৰোপচাৰৰ কাৰণে মই অপাৰেচন কক্ষত সোমালোঁ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here