সুখবৰ : ডায়েবেটিছৰ বাবে বিশ্বৰ প্ৰথম অৰেল ইনছুলিন উদ্ভাৱন

0
225


বৰ্তমান বিশ্বত ডায়েবেটিছ ৰোগে ভয়াৱহভাৱে দেখা দিছে৷ অনিয়মীয়া খাদ্য গ্ৰহণ, দৈনন্দিন জীৱন প্ৰণালীৰ সালসলনি, আৰামপ্ৰিয় জীৱন, পৰিশ্ৰমহীন কৰ্ম, খাদ্য সামগ্ৰী ভেজালকৰণ ইয়াৰ লগতে বংশাণুক্ৰমিকভাৱেও ডায়েবেটিছ ৰোগ প্ৰাদুৰ্ভাৱ দ্ৰুতগতিত বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে৷ ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ টেবলেট সেৱন কৰাৰ লগতে নিয়মিতভাৱে শৰীৰত ইনছুলিন ব্যৱহাৰ কৰিবলগীয়া হৈছে৷ শেহতীয়াভাৱে এক খবৰে ডায়েবেটিছ ৰোগ ভোগাসকলৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে৷ যিসকলে নিয়মিতভাৱে ইনছুলিন ব্যৱহাৰ কৰে, তেওঁলোকে বেজিৰে ইনছুলিন নল’লেও হ’ব৷ কিয়নো বিজ্ঞানীয়ে মুখেৰে সেৱন কৰিব পৰা ইনছুলিন আৱিষ্কাৰ কৰিছে৷ টাইপ-টু ডায়েবেটিছ ৰোগীসকলৰ বাবে চীনে প্ৰথমবাৰৰ কাৰণে অৰেল ইনছুলিন অৰ্থাৎ মুখেৰে সেৱন কৰিব পৰা ইনছুলিন উদ্ভাৱন কৰিছে৷ চীনৰ হেফেই টিয়াংহুই বায়’টেকন’লজিয়ে এই অৰেল ইনছুলিন উদ্ভাৱন কৰিছে৷ এই অৰেল ইনছুলিন বজাৰত মুকলিৰ বাবে এতিয়া দেশখনৰ নেশ্যনেল মেডিকেল প্ৰডাক্টছ এডমিনিষ্ট্ৰেশ্যনৰ পৰা অনুমোদনৰ বাবে প্ৰতিষ্ঠানটোৱে আৱেদন কৰিছে৷ উল্লেখ্য যে টাইপ-টু ডায়েবেটিছত প্ৰাপ্তবয়স্ক লোকে আক্ৰান্ত হোৱাই নহয়, শিশু আৰু কিশোৰৰ দেহতো এই ৰোগৰ প্ৰভাৱে বিস্তাৰ লাভ কৰিছে৷ ইয়াৰ পৰিপ্ৰেক্ষিততে বেজীৰে দিয়া ইনছুলিনৰ উপৰি মুখেৰে সেৱন কৰিব পৰা ইনছুলিনৰ আৱশ্যকতালৈ লক্ষ্য কৰি এই অৰেল ইনছুলিন উদ্ভাৱন কৰাৰ কথা প্ৰতিষ্ঠানটোৱে সদৰী কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here