Home Daily news ধঁপাতৰ ব্যৱহাৰ নিয়ন্ত্ৰণৰ বাবে কোনে পালে WHO-ৰ বঁটা

ধঁপাতৰ ব্যৱহাৰ নিয়ন্ত্ৰণৰ বাবে কোনে পালে WHO-ৰ বঁটা

ধঁপাতৰ ব্যৱহাৰ নিয়ন্ত্ৰণ কৰিবলৈ চলোৱা প্ৰচেষ্টাক স্বীকৃতি দি বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ ডব্লিউ এইচ অ’ই ঝাৰখণ্ডক ২০২২ চনৰ বিশ্ব ধঁপাত-বিৰোধী দিৱস বঁটা [ৱৰ্ল্ড ন’ টবেকো ডে’, চমুকৈ ডব্লিউ এন টি ডি]ৰ বাবে বাছনি কৰিছে৷ এজন চৰকাৰী বিষয়াই এই কথা কয়৷
অহা ৩১ মে’ত বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে নতুন দিল্লীত আয়োজন কৰিবলগীয়া এটা অনুষ্ঠানত ৰাজ্যখনৰ স্বাস্থ্য বিভাগৰ ধঁপাত নিয়ন্ত্ৰণ কোষে বঁটাটো গ্ৰহণ কৰিব৷ উল্লেখ্য যে ঝাৰখণ্ডত ২০১২ চনত ৰাষ্ট্ৰীয় ধঁপাত নিয়ন্ত্ৰণ কাৰ্যসূচী আৰম্ভ কৰা হৈছিল আৰু সেই সময়ত ৰাজ্যখনৰ ৫১ শতাংশ লোকে ধঁপাত সেৱন কৰিছিল৷ কিন্তু ধঁপাত সেৱনকাৰীৰ সংখ্যা ২০১৮ চনত ৩৮.শতাংশলৈ কমে৷

Most Popular

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,

ঘণ্টা ঘণ্টা ধৰি কাণত হেডফোনথাকিলে হ’ব পাৰে এই মহা বিপদ

নিয়মিতভাৱে হেডফোন ব্যৱহাৰ কৰিলে বিভিন্ন সমস্যাই দেখা দিব পাৰে৷ এই তালিকাত কিছু ভয়াৱহ ৰোগৰ নামো সন্নিৱিষ্ট হৈছে৷ সময় থাকোঁতে সেয়ে এই বিষয়ে...

তিতাকেৰেলা এইবোৰৰসৈতে ভুলতো নাখাব

খাবলৈ তিতা হ’লেও তিতাকেৰেলা যে আমাৰ শৰীৰৰ বাবে ভীষণ উপকাৰী সেই কথা সকলোৱে জানে৷ তিতাকেৰেলা এনে এবিধ পাচলি, যাৰ আছে হাজাৰটা ঔষধি...