ধঁপাতৰ ব্যৱহাৰ নিয়ন্ত্ৰণৰ বাবে কোনে পালে WHO-ৰ বঁটা

0
300

ধঁপাতৰ ব্যৱহাৰ নিয়ন্ত্ৰণ কৰিবলৈ চলোৱা প্ৰচেষ্টাক স্বীকৃতি দি বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ ডব্লিউ এইচ অ’ই ঝাৰখণ্ডক ২০২২ চনৰ বিশ্ব ধঁপাত-বিৰোধী দিৱস বঁটা [ৱৰ্ল্ড ন’ টবেকো ডে’, চমুকৈ ডব্লিউ এন টি ডি]ৰ বাবে বাছনি কৰিছে৷ এজন চৰকাৰী বিষয়াই এই কথা কয়৷ অহা ৩১ মে’ত বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে নতুন দিল্লীত আয়োজন কৰিবলগীয়া এটা অনুষ্ঠানত ৰাজ্যখনৰ স্বাস্থ্য বিভাগৰ ধঁপাত নিয়ন্ত্ৰণ কোষে বঁটাটো গ্ৰহণ কৰিব৷ উল্লেখ্য যে ঝাৰখণ্ডত ২০১২ চনত ৰাষ্ট্ৰীয় ধঁপাত নিয়ন্ত্ৰণ কাৰ্যসূচী আৰম্ভ কৰা হৈছিল আৰু সেই সময়ত ৰাজ্যখনৰ ৫১ শতাংশ লোকে ধঁপাত সেৱন কৰিছিল৷ কিন্তু ধঁপাত সেৱনকাৰীৰ সংখ্যা ২০১৮ চনত ৩৮.শতাংশলৈ কমে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here