Home Diet Plus দ্ৰুতভাৱে পেটৰ চৰ্বি কেনেকৈ কমাব ?

দ্ৰুতভাৱে পেটৰ চৰ্বি কেনেকৈ কমাব ?

বিশেষজ্ঞসকলে ঠাৱৰ কৰিছে যে পেটত অতিৰিক্ত চৰ্বি জমা হ’লে বিভিন্ন ৰোগৰ কাৰক হ’ব পাৰে৷ পেটত জমা হোৱা অতিৰিক্ত চৰ্বিয়ে যথে¸ষ্ট সমস্যাৰ সৃষ্টি কৰে৷ এই সমস্যাৰ পৰা সমাধান পাবলৈ বিভিন্ন উপায় অৱলম্বন কৰা হয় যদিও কেতিয়াবা কোনো সুফল পোৱা নাযায়৷ সেয়েহে পেটত জমা হোৱা অত্যধিক চৰ্বি কমাবলৈ নিয়মিত ভাৰোত্তোলন কৰিব পাৰে৷ প্ৰতিদিনে ২০ মিনিট কৰি ভাৰোত্তোলন কৰিলে পেটত জমা হোৱা অনাকাংক্ষিত চৰ্বি কমাত সহায় কৰে৷ সাম্প্ৰতিক এক গৱেষণাত এই তথ্য প্ৰকাশ পাইছে৷ তদুপৰি ৱেট টেনিং আৰু এৰোবিক্স একেলগে চলাত দ্ৰুত ফল পোৱা যায়৷ বিশেষকৈ মধ্যবয়সীয়া মহিলাৰ ক্ষেত্ৰত পেটৰ অতিৰিক্ত মেদ কমোৱাত ৱেট টেনিং খুব কাৰ্যকৰী হিচাপে কাম কৰি বুলি গৱেষণাৰ পৰা জনা গৈছে৷ হাৰ্ভাৰ্ড স্কুল অব্‌ হেলথৰ অধ্যাপক  ফাংক হুৱে অতিসম্প্ৰতি জনাইছে এই তথ্য৷ আনহাতে যিসকলৰ হৃদযন্ত্ৰৰ সমস্যা আছে, তেওঁলোকে এই পদ্ধতি অনুশীলন কৰাৰ পৰা বিৰত থকা উচিত৷ এই সমীক্ষাটো ৪০ বছৰ বয়সৰ ১০ হাজাৰ ৫০০ গৰাকী নাৰী-পুৰুষৰ মাজত পৰীক্ষা কৰি উক্ত তথ্যটো পোৱা গৈছে৷ এই পৰীক্ষা মতে যিসকলে প্ৰতিদিনে অন্তত ১০ মিনিট ভাৰোত্তোলনৰ অনুশীলন কৰিছিল, তেওঁলোকৰ পেটৰ চৰ্বি দ্ৰুতভাৱে কমি গৈছিল৷ আনহাতে যিসকলে মডাৰেট এৰোবিক্সৰ মাজত আছিল বা যিসকলে সাধাৰণ ব্যায়াম কৰিছিল, তেওঁলোকৰ চৰ্বি কমাত সময় হৈছিল৷

Most Popular

চাহৰ সৈতে বিস্কুট কিমান স্বাস্থ্যকৰ ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

চাহৰ সৈতে বিস্কুটকিমান স্বাস্থ্যকৰ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

স্বৰ্গ-মৰ্ত্যৰ মাজৰ এই উপত্যকা!য’ত সময়ো থমকি ৰৈছে

ছাংগ্ৰিলা উপত্যকা– সঁচাকৈয়ে কি আছে এই ৰহস্যময় উপত্যকাত৷ ইয়াক লৈ বিভিন্ন সময়ত নানা প্ৰশ্নৰ উদয় হৈছে৷ ইয়াৰ ৰহস্য...

ভূপৃষ্ঠত সূৰ্যৰ উৎপত্তিৰ আগতেই পানী আছিল : কোনে ক’লে?

বিশ্বব্ৰহ্মাণ্ডত নক্ষত্ৰ সৃষ্টি হোৱাৰ আগৰে পৰাই পানী আছিল৷ বিজ্ঞানীসকলে ইয়াৰ তথ্য লাভ কৰিছে৷ উল্লেখ্য যে বিজ্ঞানীসকলে বিশ্বব্ৰহ্মাণ্ডত প্ৰথমে নক্ষত্ৰ, পানী, পৃথিৱী নে...