গুৱাহাটী মহানগৰৰ জাবৰ নিষ্কাশনৰ বাবে জি এম চিয়ে নিতৌ ন ন কৌশল অৱলম্বন কৰি আহিছে৷ ইয়াৰ সমান্তৰালভাৱে উক্ত নিষ্কাশিত আৱৰ্জনাবোৰ কি উপায়েৰে পুনৰব্যৱহাৰ্য কৰিব পাৰি তাৰো চিন্তা অব্যাহত ৰাখিছে৷ শেহতীয়াকৈ মহানগৰৰ আৱৰ্জনা নিষ্কাশনৰ বাবে গুৱাহাটী পৌৰ নিগমে ৩৫ কোটি টকা ব্যয়সাপেক্ষে এক অভিলাষী আঁচনি হাতত লৈছে৷ উক্ত প্ৰকল্পটো স্থাপনৰ কাম আৰম্ভ কৰিছে পৌৰ নিগমে৷ গুৱাহাটীস্থিত বেলৰতল ডাম্পিং গ্ৰাউণ্ডত জি এম চিয়ে স্থাপন কৰা উক্ত প্ৰকল্পটোৰ স্থাপনৰ দায়িত্ব দিয়া হৈছে জিৰন ইঞ্জিনিয়াৰিং প্ৰাইভেট লিমিটেড নামৰ দিল্লীস্থ কোম্পানী এটাক৷
মহানগৰীক নিতৌ ৫০০ টন আৱৰ্জনা উৎপন্ন হয় আৰু এই ৫০০ টন আৱৰ্জনাৰ ভিতৰত ১৫০ টন আৱৰ্জনা এই প্ৰকল্পটোত বিজ্ঞানসন্মতভাৱে নিষ্কাশন কৰা হ’ব৷ এই নিষ্কাশিত আৱৰ্জনাৰে দৈনিক ৭০ টনৰ আৱৰ্জনাৰ পৰা সাৰ উৎপাদন কৰিব পৰা যাব৷ এইদৰে উৎপাদিত সাৰ জি এম চিয়ে বিক্ৰীৰ ব্যৱস্থা কৰিব বুলিও সদৰী কৰিছে৷ উল্লেখ্য যে ইতিমধ্যে এই প্ৰকল্পটোৰ কাম-কাজ নিৰীক্ষণৰ বাবে চুৰাটৰ পৰা এজন বিশেষজ্ঞৰ আনি কনছালটেণ্ট হিচাপে নিয়োগ কৰিছে৷ জেৰন প্ৰাইভেট লিমিটেড কোম্পানীটোৱে চলিত বৰ্ষৰ শেষৰ ফালে এই প্ৰকল্পটোৰ কাম আৰম্ভ কৰিব বুলি জানিবলৈ দিছে
দৈনিক নিষ্কাশিত আৱৰ্জনাৰে সাৰ প্ৰস্তুতৰ লক্ষ্য জি এম চিৰ
Appreciation
March 31, 2022
Very informative. Helpful for people irrespective of age, gender, education and to develop fundamental knowledge on various food and beverages around us.
very useful website
November 6, 2021
For me, health is everything. Without a healthy body we cannot perform our level best. So, people, who are concern about their health, can visit this website regularly.
Strong information on health
March 12, 2021
From this website anyone can get good information on health. As health is wealth, so, following this website let’s take care for our health.