দৈনিক নিষ্কাশিত আৱৰ্জনাৰে সাৰ প্ৰস্তুতৰ লক্ষ্য জি এম চিৰ

0
299

গুৱাহাটী মহানগৰৰ জাবৰ নিষ্কাশনৰ বাবে জি এম চিয়ে নিতৌ ন ন কৌশল অৱলম্বন কৰি আহিছে৷ ইয়াৰ সমান্তৰালভাৱে উক্ত নিষ্কাশিত আৱৰ্জনাবোৰ কি উপায়েৰে পুনৰব্যৱহাৰ্য কৰিব পাৰি তাৰো চিন্তা অব্যাহত ৰাখিছে৷ শেহতীয়াকৈ মহানগৰৰ আৱৰ্জনা নিষ্কাশনৰ বাবে গুৱাহাটী পৌৰ নিগমে ৩৫ কোটি টকা ব্যয়সাপেক্ষে এক অভিলাষী আঁচনি হাতত লৈছে৷ উক্ত প্ৰকল্পটো স্থাপনৰ কাম আৰম্ভ কৰিছে পৌৰ নিগমে৷ গুৱাহাটীস্থিত বেলৰতল ডাম্পিং গ্ৰাউণ্ডত জি এম চিয়ে স্থাপন কৰা উক্ত প্ৰকল্পটোৰ স্থাপনৰ দায়িত্ব দিয়া হৈছে জিৰন ইঞ্জিনিয়াৰিং প্ৰাইভেট লিমিটেড নামৰ দিল্লীস্থ কোম্পানী এটাক৷ 
মহানগৰীক নিতৌ ৫০০ টন আৱৰ্জনা উৎপন্ন হয় আৰু এই ৫০০ টন আৱৰ্জনাৰ ভিতৰত ১৫০ টন আৱৰ্জনা এই প্ৰকল্পটোত বিজ্ঞানসন্মতভাৱে নিষ্কাশন কৰা হ’ব৷ এই নিষ্কাশিত আৱৰ্জনাৰে দৈনিক ৭০ টনৰ আৱৰ্জনাৰ পৰা সাৰ উৎপাদন কৰিব পৰা যাব৷ এইদৰে উৎপাদিত সাৰ জি এম চিয়ে বিক্ৰীৰ ব্যৱস্থা কৰিব বুলিও সদৰী কৰিছে৷ উল্লেখ্য যে ইতিমধ্যে এই প্ৰকল্পটোৰ কাম-কাজ নিৰীক্ষণৰ বাবে চুৰাটৰ পৰা এজন বিশেষজ্ঞৰ আনি কনছালটেণ্ট হিচাপে নিয়োগ কৰিছে৷ জেৰন প্ৰাইভেট লিমিটেড কোম্পানীটোৱে চলিত বৰ্ষৰ শেষৰ ফালে এই প্ৰকল্পটোৰ কাম আৰম্ভ  কৰিব বুলি জানিবলৈ দিছে

LEAVE A REPLY

Please enter your comment!
Please enter your name here