Home Daily news দৈনিক নিষ্কাশিত আৱৰ্জনাৰে সাৰ প্ৰস্তুতৰ লক্ষ্য জি এম চিৰ

দৈনিক নিষ্কাশিত আৱৰ্জনাৰে সাৰ প্ৰস্তুতৰ লক্ষ্য জি এম চিৰ

গুৱাহাটী মহানগৰৰ জাবৰ নিষ্কাশনৰ বাবে জি এম চিয়ে নিতৌ ন ন কৌশল অৱলম্বন কৰি আহিছে৷ ইয়াৰ সমান্তৰালভাৱে উক্ত নিষ্কাশিত আৱৰ্জনাবোৰ কি উপায়েৰে পুনৰব্যৱহাৰ্য কৰিব পাৰি তাৰো চিন্তা অব্যাহত ৰাখিছে৷ শেহতীয়াকৈ মহানগৰৰ আৱৰ্জনা নিষ্কাশনৰ বাবে গুৱাহাটী পৌৰ নিগমে ৩৫ কোটি টকা ব্যয়সাপেক্ষে এক অভিলাষী আঁচনি হাতত লৈছে৷ উক্ত প্ৰকল্পটো স্থাপনৰ কাম আৰম্ভ কৰিছে পৌৰ নিগমে৷ গুৱাহাটীস্থিত বেলৰতল ডাম্পিং গ্ৰাউণ্ডত জি এম চিয়ে স্থাপন কৰা উক্ত প্ৰকল্পটোৰ স্থাপনৰ দায়িত্ব দিয়া হৈছে জিৰন ইঞ্জিনিয়াৰিং প্ৰাইভেট লিমিটেড নামৰ দিল্লীস্থ কোম্পানী এটাক৷ 
মহানগৰীক নিতৌ ৫০০ টন আৱৰ্জনা উৎপন্ন হয় আৰু এই ৫০০ টন আৱৰ্জনাৰ ভিতৰত ১৫০ টন আৱৰ্জনা এই প্ৰকল্পটোত বিজ্ঞানসন্মতভাৱে নিষ্কাশন কৰা হ’ব৷ এই নিষ্কাশিত আৱৰ্জনাৰে দৈনিক ৭০ টনৰ আৱৰ্জনাৰ পৰা সাৰ উৎপাদন কৰিব পৰা যাব৷ এইদৰে উৎপাদিত সাৰ জি এম চিয়ে বিক্ৰীৰ ব্যৱস্থা কৰিব বুলিও সদৰী কৰিছে৷ উল্লেখ্য যে ইতিমধ্যে এই প্ৰকল্পটোৰ কাম-কাজ নিৰীক্ষণৰ বাবে চুৰাটৰ পৰা এজন বিশেষজ্ঞৰ আনি কনছালটেণ্ট হিচাপে নিয়োগ কৰিছে৷ জেৰন প্ৰাইভেট লিমিটেড কোম্পানীটোৱে চলিত বৰ্ষৰ শেষৰ ফালে এই প্ৰকল্পটোৰ কাম আৰম্ভ  কৰিব বুলি জানিবলৈ দিছে

Most Popular

বিস্কুটৰ গাত অসংখ্য ছিদ্ৰ থকাৰ আঁৰৰ কথা জানেনে ?

বিস্কুট খোৱাটো আমি সকলোৱে পচন্দ কৰোঁ৷ পুৱাৰ ফিকা চাহকাপৰ সৈতে এখন বিস্কুট খোৱাৰ আমেজেই সুকীয়া৷ চাহ-বিস্কুটৰ জুতি নল’লে দিনটো যেন অসম্পূৰ্ণ হৈয়ে...

বিজ্ঞানীৰ উদ্ভাৱন : বিশ্বৰ ৰূপ সলনি কৰিব Red matter-এ

আধুনিক বিজ্ঞান-প্ৰযুক্তিৰ দিশত বিজ্ঞানীসকলে ন ন কৌশল উদ্ভাৱন ব্ৰতী হৈ আছে৷ ইয়াৰে ফচল হিচাপে এইবাৰ বিজ্ঞানীসকলে নতুন পদাৰ্থ...

নিমিষতে ম’বাইল ডাটা শেষনহ’বলৈ এই পদ্ধতি অৱলম্বন কৰক

আপুনি গোটেই দিনটোত ফে’চবুক, ৱাটছএপ কোনোটোৱে ব্যৱহাৰ কৰা নাই, অথচ আপোনাৰ স্মাৰ্টফোনটোৰ ডাটা ৫০ শতাংশ শেষ হৈ গৈছে৷ তাৰ বাবে আপুনি কাষ্টমাৰ...

বেচনৰ হেয়াৰ মাস্ক : চুলিৰ যত্নত কিদৰে ব্যৱহাৰ কৰিব ?

বহু যুগ ধৰি সৌন্দৰ্য বজাই ৰখাৰ বাবে বেচন ব্যৱহাৰ হৈ আহিছে৷ ছালৰ উজ্জ্বলতা, ব্ৰুন বা মুখৰ দাগ, পিগমেণ্টটেশ্যন আদি ছালৰ যিকোনো সমস্যা...