দেশৰ অৰ্থনীতিত কৰ’নাৰ প্ৰচণ্ড আঘাত

0
1389
ভাৰতীয় অৰ্থনীতিত কৰ’না ভাইৰাছৰ সংক্ৰমণে প্ৰচণ্ড আঘাত দিছে৷ এই কথা ভাৰতীয় ৰিজাৰ্ভ বেংক চমুকৈ RBI-এ ইয়াৰ বাৰ্ষিক প্ৰতিবেদনত প্ৰকাশ কৰিছে ৷ প্ৰতিবেদনখনত উল্লেখ কৰা মতে, দেশত কৰ’নাৰ দ্বিতীয়টো ঢৌৰ প্ৰভাৱ অত্যন্ত চিন্তাজনক৷ প্ৰতিবেদনখনত উল্লেখ কৰা অনুসৰি চলিত বিত্তীয় বৰ্ষত উন্নয়নৰ হাৰ সংশোধন কৰিবলৈ বিচৰা হৈছে, কিন্তু প্ৰায় সকলোৱে এইবুলি মত প্ৰকাশ কৰিছে যে চলিত বিত্তীয় বৰ্ষত উন্নয়নৰ হাৰ পূৰ্বতে কৰা অনুমানৰ সমান হোৱাৰ সম্ভাৱনা আছে৷ প্ৰতিবেদনখনত লগতে কোৱা হৈছে যে কৰ’নাৰ সংক্ৰমণে যোৱা বছৰ দেশৰ অৰ্থনীতিত এক গভীৰ আঘাতৰ সৃষ্টি কৰিলে৷ কৰ’নাৰ দ্বিতীয়টো ঢৌ অত্যন্ত চিন্তাজনক বুলি প্ৰতিবেদনখনত কোৱা হৈছে৷ প্ৰতিবেদনখনত কোৱা হৈছে যে কৰ’নাৰ দ্বিতীয়টো ঢৌৱে দেশৰ অৰ্থনীতিৰ বাবে শংকাৰ সৃষ্টি কৰিছে৷ কেন্দ্ৰীয় বেংকটোৱে কয় যে ২০২১-২২ বিত্তীয় বৰ্ষৰ মুদ্ৰানীতি নিৰ্ভৰ কৰিব সামগ্ৰিক অৰ্থনৈতিক পৰিস্থিতিৰ ওপৰত৷ দ্বিতীয়টো ঢৌত সংক্ৰমণৰ হাৰ অত্যন্ত চিন্তাজনক বুলি দোহাৰি কোৱা হৈছে যে ইমান দ্ৰুতগতিত সংক্ৰমণ বৃদ্ধি পোৱাৰ ফলত স্বাস্থ্য আন্তঃগাঁথনি নিজৰ ক্ষমতাতকৈ অধিক বিস্তাৰ কৰিবলগীয়া হৈছে৷ অৰ্থনীতিক সঠিক পথলৈ ঘূৰাই অনাৰ বাবে চৰকাৰে কৰ’নাৰ পৰিস্থিতিৰ পৰা বাহিৰলৈ ওলেৱাৰ বাবে এক স্পষ্ট নীতি পালন কৰিব লাগে আৰু ৰাজকোষীয় জৰুৰী কোষ গঠন কৰিব লাগে যাক ভৱিষ্যতে উন্নয়নৰ হাৰত সৃষ্টি হ’ব পৰা বিপৰ্যয় প্ৰতিৰোধ কৰিবলৈ ব্যৱহাৰ কৰিব লাগে৷  প্ৰতিবেদনখনৰ মতে আৰ বি আইত জমা থকা ধনৰ পৰিমাণ ৫৭ লাখ কোটি টকা৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here