নাকটো কেনেকৈ ৰোগমুক্ত কৰি ৰাখিব?How to keep the nose disease-free?

0
1061

ধূলি-বালি, প্ৰদূষণ, গাড়ী-মটৰৰ পৰা ওলোৱা ধোঁৱা, বেমাৰৰ বীজাণু আদি আমাৰ নাকৰ জৰিয়তে শৰীৰত প্ৰৱেশ কৰে৷ ফলত শৰীৰত নানা ধৰণৰ বেমাৰে দেখা দিয়ে৷ গতিকে বেমাৰ কঢ়িওৱা অন্যতম কাৰক হৈছে আমাৰ নাকটো৷ সেয়েহে ইয়াৰ সঠিক পৰিচৰ্যা কৰাৰো প্ৰয়োজন৷


[১] প্ৰথমতে নাকত যাতে ধূলি-বালি, ধোঁৱা আদি সোমাব নোৱাৰে তাৰ বাবে সতৰ্ক হোৱা উচিত৷ ইয়াৰ বাবে মাস্ক ব্যৱহাৰ কৰাটো প্ৰয়োজনীয়৷

Premium Photo | Family in safety masks outdoors. riding boy on scooter in park. boy wears medical face mask. coronavirus epidemic.


[২] অফিচ-বজাৰ বা ধূলিময় পৰিৱেশত কাম কৰি আহি অলপ কুহুমীয়া গৰম পানীত নিমখ মিহলি কৰি নাকৰ ভিতৰখন চাফা কৰিব লাগে, তেতিয়া নাকটো ৰোগাক্ৰান্ত হোৱাৰ পৰা বচাব পাৰি৷

Why Adding Salt to Water Increases the Boiling Point


[৩] নাকৰ বিন্ধাত সৰিয়হৰ তেল দিলে বীজাণু নাশ হয়৷

Mustard Oil: Health Benefits, Uses, Nutrition & Side Effects - PharmEasy


[৪] পুৱা আৰু সন্ধিয়া নাকৰ বিন্ধাত তিলৰ তেল, নাৰিকলৰ তেল অথবা ঘিউ লগালে বীজাণুমুক্ত হোৱাৰ লগতে নাকৰ পথবোৰ পৰিষ্কাৰ হয়৷

Nasyam - Daily Ayurveda

[৫] নাকেৰে দিনটোত চাৰিবাৰমান গৰম পানীৰ ভাপ ল’লে নাক বীজাণুমুক্ত হোৱাৰ লগতে শুকান কাহ, নাক বন্ধ হোৱা আৰু মগজুৰ কোষসমূহক সঠিকভাৱে পৰিচালনা হোৱাত সহায় কৰে৷ এই গৰম পানীত সতেজ পদিনাৰ পাত অথবা আজৱাইন মিশ্ৰণ কৰিব পাৰে৷

Covid-19: Does steam therapy help in combating coronavirus? | Money9

[৬] নাকৰ পৰা তেজ ওলালে দূবৰি বন নাইবা পিঁয়াজ খুন্দি নাকেৰে শুঙিলে তেজ ওলোৱা বন্ধ হয়৷

10 home remedies to stop nose bleeding instantly | The Times of India

[৭] অনুলম-বিলোম কৰাটো নাক আৰু শৰীৰৰ অন্য অংগসমূহৰ বাবে যথেষ্ট লাভদায়ক৷

ANULOM VILOM: A simple breathing technique to lift up your mood and stay stress-free - Indus Scrolls

[৮] পানীলগা, ইনফ্লুয়েঞ্জা প্ৰতিৰোধ কৰিবৰ কাৰণে আমলখি, শিলিখা, নেমুৰ ৰস আদি ভিটামিন-C যু্‌ক্ত খাদ্য যথেষ্ট পৰিমাণে খাব লাগে৷

Closeup Indian Gooseberry Fruits Amla With Leaf And Lemon Set Watercolor Illustration Isolated On White Background Stock Image - Image of berry, ingredient: 185502933

LEAVE A REPLY

Please enter your comment!
Please enter your name here