দুর্গা পূজা উদযাপনৰ বিশেষ নীতি-নিৰ্দেশনা জাৰি ৰাজ্য চৰকাৰৰ

0
1548

দুর্গা পূজা উদযাপনৰ বিশেষ নীতি-নিৰ্দেশনা জাৰি ৰাজ্য চৰকাৰৰ :

দুৰ্গা পূজা উদযাপনৰ বিশেষ নীতি-নিৰ্দেশনা জাৰি কৰিছে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মা‌ই। সেই অনুসৰি পূজা পাতিবলৈ জিলা প্ৰশাসনৰ অনুমতি ল’ব লাগিব পূজা সমিতিসমূহে।

পূজা সমিতিসমূহলৈ প্ৰশাসনে জাৰি কৰা নীতি-নিৰ্দেশনাসমূহ হ’ল :

১) পূজাৰ পুৰোহিত আৰু সমিতিৰ সদস্যসকলে পঞ্চমীৰ দিনা ক’ভিড পৰীক্ষা কৰোৱাটো বাধ্যতামূলক।

২) বিসৰ্জনৰ পাছত পুনৰ ক’ভিড পৰীক্ষা কৰাব লাগিব।

৩) পূজাৰ দিনকেইটাত ৰেস্তোৰা-হোটেল নিশা ৯ বজাৰ ভিতৰত বন্ধ কৰিব লাগিব।

৪) পূজাৰ সময়ছোৱাত আৰতি কৰাৰ বাহিৰে অন্য কোনো সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰিব নোৱাৰিব।

৫) পূজা মণ্ডপত একে সময়তে ৫০জনৰ অধিক ভক্ত সমৱেত হ’ব নোৱাৰিব।

৬) দেৱী বিসৰ্জনৰ সময়ত কোনো সমদল উলিয়াব নোৱাৰিব।

৭) মাস্ক আৰু ছেনিটাইজাৰ পূজাস্থলীত বাধ্যতামূলক।

৯) দুই তিনি দিনলৈ প্ৰতিমা বিসৰ্জনৰ ব্যৱস্থা কৰিব প্ৰশাসনে।

১০) সামাজিক দূৰত্ব মানি চলাটো বাধ্যতামূলক।

১১) পূজাৰ মণ্ডপ মুকলি ধৰণৰ হ’ব লাগিব।

১২) মণ্ডপত ভক্তৰ প্ৰৱেশ আৰু প্ৰস্থানৰ বাবে পৃথক পৃথক পথ থাকিব লাগিব।

১৩) পূজাৰ দিনকেইটাত দুচকীয়া বাহনত দুজন পুৰুষ একেলগে উঠিব নোৱাৰিব।

আহক অমি সকলোৱে চৰকাৰী নীতি-নিৰ্দেশনাসমূহ পালন কৰি সুস্থ আৰু শান্তিপূৰ্ণভাৱে পূজাটি পালন কৰোঁ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here