দীৰ্ঘ সময় চাইকেল চলালে যৌনশক্তিৰ ক্ষতি হয় নেকি? Does cycling for a prolonged period affect sexual strength?

0
300
দীৰ্ঘ সময় ধৰি চাইকেল চলালে যৌনশক্তিৰ ক্ষতি হয়৷ আচৰিত হ’লেও এই কথা সত্য৷ কিয়নো দীৰ্ঘকাল চাইকেল চলোৱাৰ ফলত তলপেটৰ আশে-পাশে ব্যথা হ’ব পাৰে৷ বিশেষকৈ পুৰুষসকলৰ ক্ষেত্ৰত চাইকেল চলালে যৌনাংগত অধিক চাপ পৰে৷ বহুদিন ধৰি এই দাবী কৰি অহা হৈছে যে চাইকেল চলালে যৌনাংগত চাপ পৰাৰ ফলত তেজ জমা হ’ব পাৰে৷ সেয়েহে এই অংশৰ ক্ষতি হোৱাৰ আশংকা বেছি থাকে৷ সেয়ে দেখা যায় যে বহুতেই দীৰ্ঘ সময় চাইকেল চলোৱা এৰিয়েই দিয়ে৷ 

সম্প্ৰতি এই বিষয়টোক লৈ ইউৰ’লজি জাৰ্নালৰ এটা গৱেষণাপত্ৰত কিছু তথ্য প্ৰকাশিত হৈছে৷ ২৭১৪জন চাইক্লিষ্ট, ৫৩৯জন সাঁতোৰবিদ আৰু ৭৮৯জন এথলীটক লৈ যৌনস্বাস্থ্য সম্পৰ্কে গৱেষণা কৰা হয়৷ দেখা গৈছে যে যিসকলে নিয়মিত চাইকেল চলায়, তেওঁলোকৰ অন্যসকলতকৈ যৌনস্বাস্থ্যৰ বিকাৰ অধিক বেছি৷ কেলিফ’ৰ্নিয়া বিশ্ববিদ্যালয়ৰ এদল গৱেষকে চাইকেল চলালে শৰীৰত কি প্ৰভাৱ পৰে, তাক লৈ গৱেষণা চলাইছিল৷ দলটোৱে উল্লেখ কৰা মতে, যিসকলে নিয়মিত চাইকেল চলায়, তেওঁলোকৰ হাড়ৰ গঠন মজবুত হয়, তেজৰ সঞ্চালন উন্নত হয়, হাঁওফাঁওৰ ক্ষমতা বৃদ্ধি হয় যদিও পুৰুষৰ যৌনস্বাস্থ্যৰ কিছু অসুবিধা হোৱাৰ কথা উল্লেখ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here