ঢেঁকীয়া শাকৰ এনে কি উপকাৰিতা আছে?

0
2659

শাক আমাৰ শৰীৰৰ বাবে অতি উপকাৰী৷ আমাৰ ওচৰে-পাঁজৰে বিভিন্ন ধৰণৰ শাক দেখিবলৈ পোৱা যায় আৰু প্ৰায়ভাগ শাকেই খোৱাৰ বাবে উপযোগী৷ ইয়াৰ ভিতৰত ঢেঁকীয়া শাক অন্যতম৷ গ্ৰামাঞ্চলত এইবিধ শাক সহজলভ্য৷ ঢেঁকীয়া শাক অনেক গুণেৰে ভৰপূৰ৷ ইয়াৰ উপকাৰিতাৰ বিষয়ে জানো আহক–

(১) ঢেঁকীয়া শাকত প্ৰচুৰ পৰিমাণে ভিটামিন-এ আৰু ভিটামিন-চি থাকে৷ ভিটামিন-চিয়ে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷
(২) ঢেঁকীয়া শাকে দাঁতৰ ক্ষয় বা কেভিটি দূৰ কৰে৷
(৩) চকুৰ দৃষ্টিশক্তি বঢ়োৱাত ঢেঁকীয়া শাকে বিশেষ ভূমিকা লয়৷
(৪) ছালখন উজ্জ্বল আৰু মসৃণ কৰি ৰাখিবলৈ নিয়মিত ঢেঁকীয়া শাক খাব লাগে৷
(৫) ঢেঁকীয়া শাকত পটেচিয়াম যথেষ্ট পৰিমাণে থাকে বাবে উচ্ছ বা নিম্ন ৰক্তচাপ কমায়৷
(৬) হাঁওফাঁওৰ কেঞ্চাৰ, ছালৰ কেঞ্চাৰ আদিৰ প্ৰতিৰোধত ঢেঁকীয়া শাকে বিশেষ ভূমিকা গ্ৰহণ কৰে৷ ৰক্তনলীৰ সংকোচন প্ৰসাৰণ ক্ষমতা বৃদ্ধি কৰে৷
(৭) ঢেঁকীয়া শাকত থকা উপাদানে শ্বাসতন্ত্ৰক সতেজ কৰি তোলে৷ এইবিধ শাকে কটা বা ক্ষতস্থানৰ ঘা শুকুওৱাত নিৰ্ণায়ক ভূমিকা লয়৷
(৮) ডায়েবেটিছ ৰোগীৰ কাৰণে ঢেঁকীয়া শাক অতি উত্তম৷
(৯) বিভিন্ন প্ৰকাৰৰ বিষ-বেদনা, লিভাৰৰ ইনফেশ্যন আদিত ঢেঁকীয়া শাক খাব লাগে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here