Home Daily news ডিব্ৰুগড়ৰ কেঞ্চাৰ চেণ্টাৰত অত্যাধুনিক পেট স্কেন মেচিনৰ শুভাৰম্ভ

ডিব্ৰুগড়ৰ কেঞ্চাৰ চেণ্টাৰত অত্যাধুনিক পেট স্কেন মেচিনৰ শুভাৰম্ভ

ডিব্ৰুগড়ৰ ঐতিহ্যমণ্ডিত অসম চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেল চমুকৈ এ এম চি এইচৰ চৌহদত থকা ডিব্ৰুগড়ৰ কেঞ্চাৰ চেণ্টাৰত গুণগত চিকিৎসা সেৱাৰ এক নতুন সংযোজনেৰে ককৰ্ট ৰোগীসকলৰ বাবে পেটস্কেন [পজিট্ৰন ইমিশ্যন ট’ম’গ্ৰাফী স্কেন] মেচিনৰ শুভাৰম্ভ কৰা হয়৷ উল্লেখ্য যে এই সুবিধাৰ অভাৱৰ বাবে ইয়াৰ পূৰ্বে উজনিৰ ককৰ্ট ৰোগীসকলে বহু ধন খৰচ কৰি চিকিৎসাৰ বাবে দূৰলৈ যাবলগীয়া হৈছিল৷ ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে উপায়ুক্ত বিশ্বজিৎ পেগুৰ উপস্থিতিত এই মেচিনৰ শুভাৰম্ভ কৰে৷ 
অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনে অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ যৌথ সহযোগত চলাই থকা ডিব্ৰুগড় কেঞ্চাৰ চেণ্টাৰত উপলব্ধ হোৱা পেট স্কেন মেচিনৰ দ্বাৰা ককৰ্ট ৰোগীৰ এক জটিল পৰীক্ষা কৰাৰ উপৰি ককৰ্ট ৰোগী এগৰাকীৰ নিৰ্দিষ্ট অংশত হোৱা ৰোগৰ চিকিৎসা প্ৰদান কৰা হয়৷ এতিয়াৰ পৰা উজনি অসম তথা চুবুৰীয়া অৰুণাচল প্ৰদেশৰ ককৰ্ট ৰোগীয়ে সুলভ মূল্যত এই সেৱা গ্ৰহণ কৰিব পাৰিব৷ ডিব্ৰুগড় কেঞ্চাৰ চেণ্টাৰত থকা নিউক্লিয়েৰ মেডিচিনৰ একমাত্ৰ চিকিৎসক নীতিন গানগ্ৰাডেয়ে জনায় যে ডিব্ৰুগড়ত উপলব্ধ এই পেট স্কেনৰ মেচিনটো শেহতীয়া অত্যাধুনিক মেচিন৷ এতিয়াৰ পৰা দেশৰ ডাঙৰ ডাঙৰ ৰাজ্যবিলাকত থকা মেচিনসমূহত কৰা পৰীক্ষাসমূহ ইয়াতে কৰিব পৰা যাব৷ ইফালে ডিব্ৰুগড় কেঞ্চাৰ চেণ্টাৰত থকা দুটাকৈ লিনিয়াৰ এচিলিৰেটৰ দ্বাৰা [উজনি অসমত থকা প্ৰথমটো মেচিন] দৈনিক ৬০ গৰাকী ককৰ্ট ৰোগীয়ে সুবিধা লাভ কৰিছে৷

Most Popular

চাহৰ সৈতে বিস্কুট কিমান স্বাস্থ্যকৰ ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

চাহৰ সৈতে বিস্কুটকিমান স্বাস্থ্যকৰ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

স্বৰ্গ-মৰ্ত্যৰ মাজৰ এই উপত্যকা!য’ত সময়ো থমকি ৰৈছে

ছাংগ্ৰিলা উপত্যকা– সঁচাকৈয়ে কি আছে এই ৰহস্যময় উপত্যকাত৷ ইয়াক লৈ বিভিন্ন সময়ত নানা প্ৰশ্নৰ উদয় হৈছে৷ ইয়াৰ ৰহস্য...

ভূপৃষ্ঠত সূৰ্যৰ উৎপত্তিৰ আগতেই পানী আছিল : কোনে ক’লে?

বিশ্বব্ৰহ্মাণ্ডত নক্ষত্ৰ সৃষ্টি হোৱাৰ আগৰে পৰাই পানী আছিল৷ বিজ্ঞানীসকলে ইয়াৰ তথ্য লাভ কৰিছে৷ উল্লেখ্য যে বিজ্ঞানীসকলে বিশ্বব্ৰহ্মাণ্ডত প্ৰথমে নক্ষত্ৰ, পানী, পৃথিৱী নে...