Home Daily news ডিফুত ডেংগুৰ ভয়াৱহ ৰূপ ডেংগুৰ লক্ষণ আৰু ল’বলগীয়া সজাগতা

ডিফুত ডেংগুৰ ভয়াৱহ ৰূপ ডেংগুৰ লক্ষণ আৰু ল’বলগীয়া সজাগতা

যোৱা কিছুদিন ধৰি ডিফু চহৰ আৰু ইয়াৰ পাৰ্শ্ববৰ্তী এলেকাসমূহত ডেংগুৰ সংক্ৰমণ যথেষ্ট পৰিমাণে বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে৷ চৰকাৰী তথ্য অনুসৰি ডিফু  চহৰ আৰু ইয়াৰ পাশ্বৰ্ৱৰ্তী অঞ্চলসমূহত নতুনকৈ ৭২ গৰাকী লোক ডেংগুত আক্ৰান্ত হৈছে৷ আনহাতে কাৰ্বি আংলং জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে যুদ্ধকালীন তৎপৰতাৰে ডেংগু প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে যদিও এতিয়াও ডেংগু প্ৰতিৰোধ কৰিবলৈ সক্ষম হোৱা নাই৷ তথ্য মতে ৬ নৱেম্বৰত ডিফুত ৭৪জন, ৭ নৱেম্বৰত ৬০জন, ৮ নৱেম্বৰত ৭২জন লোক ডিফু আৰু ইয়াৰ পাশ্বৰ্ৱৰ্তী এলেকাত ডেংগু ৰোগত আক্ৰান্ত হোৱাৰ বিপৰীতে বোকাজান নগৰতো আন চাৰিজন লোক ডেংগুত আক্ৰান্ত হৈছে৷ আনহাতে কাষৰীয়া ডিমা হাছাও জিলাত পুনৰ তিনিজন লোকৰ দেহত ডেংগুৰ সংক্ৰমণ ধৰা পৰিছে৷ চৰকাৰী তথ্য মতে বৰ্তমানলৈ ১০৪২ গৰাকী লোকক এলিছা টেষ্ট কৰাত ৫৫৭ গৰাকীৰ দেহত ডেংগুৰ উপস্থিতি ধৰা পৰিছে৷ আনহাতে ডিফু স্বাস্থ্য বিভাগে সদৰী কৰা মতে বৰ্তমানলৈ ডিফু মেডিকেল কলেজ হাস্পাতালত ২৫জন ডেংগুত আক্ৰান্ত লোক ভৰ্তি হৈ আছে৷ 
ডেংগুৰ লক্ষণ আৰু ল’বলগীয়া সজাগতা ঃ ডেংগু এডিছ মহৰ দ্বাৰা সংক্ৰমিত এবিধ ভাইৰাছজনিত গ্ৰীষ্মমণ্ডলীয় ৰোগ৷ এডিছ মহে কামোৰাৰ ফলত ইয়াৰ মাধ্যমেৰে মানুহৰ দেহলৈ এই ৰোগ বিয়পি যায়৷ সচৰাচৰ এই মহে কামোৰাৰ তিনিদিনৰ ভিতৰত ইয়ৰ উপসৰ্গই মানুহৰ শৰীৰত দেখা দিয়ে৷ ডেংগু ৰোগৰ লক্ষণসমূহ ভিতৰত প্ৰথমে জ্বৰ হ’বলৈ আৰম্ভ কৰে৷ ক্ৰমান্বয়ে মূৰৰ বিষ, বমি, সৰ্বশৰীৰ বিষ, গাঁঠিৰ বিষ, উশাহ লোৱাৰ কষ্ট অনুভৱ আদি বিভিন্ন লক্ষণে দেখা দিয়ে৷ দুইৰ পৰা এসপ্তাহলৈকে শৰীৰত এইবোৰ উপসৰ্গই ক্ৰিয়া কৰি থাকে৷ কিছু কিছু ক্ষেত্ৰত ৰোগে মাৰাত্নক ৰূপ ধাৰণ কৰিব পাৰে৷ যাৰ ফলত ৰক্তপাত হ’ব পাৰে, তেজত অনুচক্ৰিয়াৰ মাত্ৰা কমি যায় অথবা তেজৰ প্লাজমা নিঃসৰণ ঘটিব পাৰে৷ ৰক্তচাপ বিপজ্জনকভাৱে কমি গৈ ৰোগীৰ মৃত্যুপৰ্যন্ত হয়৷ ডেংগু ৰোগ প্ৰতিৰোধৰ প্ৰধান উপায়টো হৈছে এডিছ মহৰ বংশবৃদ্ধি নাইকিয়া কৰা৷ এডিছ মহৰ কামোৰৰ পৰা ৰক্ষা পাবলৈ ইয়াৰ আৱাসস্থলীসমূহ ধবংস কৰা৷ এই মহবিধৰ বংশবৃদ্ধিৰ ৰোধৰ বাবে ইয়াৰ উপযোগী বিভিন্ন আধাৰ– যেনে পানী জমা হোৱা নলা-নৰ্দমা সদায় পৰিষ্কাৰকৈ ৰখা, যাতে নলাৰ আবদ্ধ পানীবোৰ ওলাই যাব পাৰে৷ নহ’লে নলাত আবদ্ধ হৈ থকা পানীত মহবিধে কণী পাৰি বংশবৃদ্ধি ঘটাব যাতে নোৱাৰে তালে চকু দিয়া৷ ফুলনিত টাব, অব্যৱহৃত হৈ পৰি থকা টায়াৰ, ফটা বাল্টি, নাৰিকল আদিৰ খোলা আদিত যাতে পানী আবদ্ধ হৈ নাথাকে, সেইটো লক্ষ্য ৰখা উচিত৷ আনহাতে ঘৰৰ চৌহদত আৱৰ্জনা কেতিয়াও নেপেলাব৷ ঘৰৰ পৰা ওলোৱা আৱৰ্জনা ডাষ্টবিনত জমা কৰক অথবা যিসমূহ আৱৰ্জনা  জ্বলাই দিব পাৰি সেইসমূহ জ্বলাই দি পৰিৱেশটো পৰিষ্কাৰকৈ ৰাখিবলৈ চেষ্টা কৰিব লাগে৷ ঘৰৰ চৌহদ সদায় চাফ-চিকুণকৈ ৰাখিবলৈ চেষ্টা কৰক৷

Most Popular

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,

ঘণ্টা ঘণ্টা ধৰি কাণত হেডফোনথাকিলে হ’ব পাৰে এই মহা বিপদ

নিয়মিতভাৱে হেডফোন ব্যৱহাৰ কৰিলে বিভিন্ন সমস্যাই দেখা দিব পাৰে৷ এই তালিকাত কিছু ভয়াৱহ ৰোগৰ নামো সন্নিৱিষ্ট হৈছে৷ সময় থাকোঁতে সেয়ে এই বিষয়ে...

তিতাকেৰেলা এইবোৰৰসৈতে ভুলতো নাখাব

খাবলৈ তিতা হ’লেও তিতাকেৰেলা যে আমাৰ শৰীৰৰ বাবে ভীষণ উপকাৰী সেই কথা সকলোৱে জানে৷ তিতাকেৰেলা এনে এবিধ পাচলি, যাৰ আছে হাজাৰটা ঔষধি...