ডিছেম্বৰৰ ভিতৰত সকলো প্ৰাপ্তবয়স্কক দিয়া হ’ব কভিডৰ ভেক্‌চিন

0
1228
‘National Expert Group on Vaccine Administration’ৰ মুৰববী ডাঃ এন কে অৰোৰাই  কয় যে ভাৰতৰ সমগ্ৰ প্ৰাপ্তবয়স্ক জনসংখ্যাক ডিছেম্বৰৰ ভিতৰত কভিড-১৯ৰ ভেক্‌চিন দিয়া হ’ব৷ তেওঁ এইবুলি আশা প্ৰকাশ কৰে যে এই লক্ষ্যত উপনীত হ’বলৈ চৰকাৰ সক্ষম হ’ব৷ তেওঁ কয় যে আগন্তুক মাহবোৰত ভেক্‌চিনৰ যোগান বৃদ্ধি পাব বুলি আশা কৰা হৈছে আৰু তাৰ ভিত্তিত এই লক্ষ্যত উপনীত হ’ব পৰা যাব৷ কিন্তু ৰাজ্যসমূহেও তেওঁলোকৰ ফালৰ পৰা টিকাকৰণ কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰিব লাগিব৷ ডাঃ অৰোৰাই কয় যে ভেক্‌চিনৰ পৰ্যাপ্ততা ক্ৰমাৎ বাঢ়ি আহিছে৷ মে’লৈকে দেশখনে প্ৰতিমাহে পাইছিল ৫.৬ কোটি ড’জ৷ বৰ্তমান পাইছে ১০-১২ কোটি ড’জ আৰু অহা মাহত ১৬-১৮ কোটি ড’জলৈ বাঢ়িব লাগে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here