Home Daily news ডল’ প্ৰেছক্ৰাইব কৰিবলৈ চিকিৎসকক উপহাৰ দিয়া হৈছিল : ক’ত ?

ডল’ প্ৰেছক্ৰাইব কৰিবলৈ চিকিৎসকক উপহাৰ দিয়া হৈছিল : ক’ত ?

৬৫০ মিলিগ্ৰামৰ ডল’ টেবলেট ৰোগীক প্ৰেছক্ৰাইব কৰিবলৈ চিকিৎসকক কোম্পানীটোৰ তৰফৰ পৰা বিনামূলীয়া উপহাৰ দিয়া বুলি উঠা অভিযোগ গুৰুতৰ বুলি উল্লেখ কৰি উচ্ছতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক এই বিষয়ত ১০ দিনৰ ভিতৰত উত্তৰ দিবলৈ নিৰ্দেশ দিয়ে৷ কৰ’নাৰ সংক্ৰমণৰ সময়ত ক’ভিড ৰোগীয়ে জ্বৰ প্ৰতিৰোধী ঔষধৰূপে বৃহৎ হাৰত ডল’ ৬৫০ [পেৰাছিটামল] টেবলেট সেৱন কৰিছিল৷ ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ এ এছ বোপান্নাক লৈ গঠিত এখন পীঠে কয় যে কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ ব’ৰ্ডে [চি ডি বি টি] কৰা অভিযোগ অনুসৰি ৰোগীক এই টেবলেট প্ৰেছক্ৰাইব কৰিবলৈ ঔষধ প্ৰস্তুত কৰা কোম্পানীটোৱে দেশৰ চিকিৎসকসকলক উপহাৰ দিবলৈ ৰ হাজাৰ কোটি টকা খৰচ কৰিছিল৷ ফেডাৰেশ্যন অব্‌ মেডিকেল এণ্ড ছেল্‌ছে ৰিপ্ৰেজেন্‌টেটিভ্‌ছ এছ’চিয়েশ্যন অব্‌ ইণ্ডিয়াৰ অধিবক্তা সঞ্জয় পাৰিখ আৰু অধিবক্তা অৰ্পনা পাৰিখে কয় যে  ৫০০ মিলিগ্ৰামলৈকে টেবলেটৰ দাম চৰকাৰে নিয়ন্ত্ৰণ কৰে, কিন্তু ৫০০ মিলিগ্ৰামৰ অধিক পৰিমাণৰ টেবলেটৰ দাম নিৰ্ধাৰণ কৰে সংশ্লিষ্ট কোম্পানীয়ে৷

Most Popular

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,

ঘণ্টা ঘণ্টা ধৰি কাণত হেডফোনথাকিলে হ’ব পাৰে এই মহা বিপদ

নিয়মিতভাৱে হেডফোন ব্যৱহাৰ কৰিলে বিভিন্ন সমস্যাই দেখা দিব পাৰে৷ এই তালিকাত কিছু ভয়াৱহ ৰোগৰ নামো সন্নিৱিষ্ট হৈছে৷ সময় থাকোঁতে সেয়ে এই বিষয়ে...

তিতাকেৰেলা এইবোৰৰসৈতে ভুলতো নাখাব

খাবলৈ তিতা হ’লেও তিতাকেৰেলা যে আমাৰ শৰীৰৰ বাবে ভীষণ উপকাৰী সেই কথা সকলোৱে জানে৷ তিতাকেৰেলা এনে এবিধ পাচলি, যাৰ আছে হাজাৰটা ঔষধি...