শক্তিশালী আৰু সংবেদনশীল হ’বলৈ এই পাঁচটা অভ্যাস কৰক

0
1043

প্ৰতিদিনে আপুনি বহুত লোকৰ সংগ লাভ কৰে৷ দিনটোৰ বিভিন্ন সময়ত ভিন্ন মানুহৰ সংগই তেনে লোকৰ ব্যক্তিত্ব অনুভৱ কৰে৷ সাধাৰণতে দেখিবলৈ পোৱা যায় দিনটোত লগ পোৱা সকলো মানুহৰে স্বভাৱ-চৰিত্ৰ, ব্যক্তিত্ব কাৰো লগতে নিমিলে, বেলেগ বেলেগ ধৰণৰ হয়৷ এজন লোকৰ সকলোখিনি গম পোৱা যায় লোকজনৰ সংগ লাভৰ ফলত৷ বহু মানুহ আছে, যিয়ে কম সময়ত ভিতৰতে এজনক অতি আপোন কৰি ল’ব পৰা গুণ থাকে৷ আনহাতে এনে কিছু লোকে আছে, যি আনৰ লগত মিলিবলৈ দ্বিধাবোধ কৰে অথবা যথেষ্ট সময় লয়৷ আপোনালোকক জনাবলৈ বিচাৰিছোঁ যে এজন মানুহ শক্তিশালী মনৰ অধিকাৰী হ’বলৈ তথা সংবেদনশীল হ’বলৈ কি কি গুণৰ দৰকাৰ৷ যিসকল লোক সঠিক পথেৰে বাট বোলে, কোনো কথা, কাম সঠিক সিদ্ধান্ত বুলি জানে, আপুনি তেনে লোকৰ সংগ দিয়ক৷ অন্যায়, অনিয়মৰ বিৰুদ্ধে থিয় হোৱাজনৰ কাষত থিয় দিয়ক৷ অথবা ইয়াৰ বিৰুদ্ধে সজোৰে প্ৰতিবাদ কৰক৷ সংবেদনশীল ব্যক্তিয়ে অন্য লোকৰ সমস্যাৰ লগত সহমত পোষণ কৰিবলৈ কুণ্ঠাবোধ নকৰে৷ মন শক্তিশালী হোৱাৰ বাবে আপুনি এনে কু-কীৰ্তিৰ বিৰুদ্ধে মাত মাতিব পাৰিছে৷
সংবেদনশীল বা শক্তিশালী মনৰ গৰাকীয়ে যিকোনো সমস্যা তথা পৰিস্থিতিত সঠিক বা উপযুক্ত সিদ্ধান্ত লোৱাৰ আগে আগে বহু কথা চিন্তা কৰে৷ যিকোনো সিদ্ধান্ত হঠাতে লৈ নেপেলায়৷ সকলো দিশ চাই-চিন্তিহে আনৰ হিত সাধন যাতে হয়, তেনেকুৱা সিদ্ধান্ত গ্ৰহণ কৰে৷
আপুনি যদি আনৰ সন্মুখত সত্য তথা সাহসেৰে কথা ক’বলৈ ভয় নকৰে অথবা স্পষ্টবাদী হয়, তেনে মানুহ সদায় শক্তিশালী মনৰ গৰাকী হয়৷ আনহাতে আনক মিথ্যা, আশা নিদি ভাল উপায়ে শব্দ চয়ন কৰিলে আপুনি সন্মুখৰজনক সত্য কথা ক’লে সাহসী, শক্তিশালী মনৰ অধিকাৰী হ’ব পাৰিব৷
যিজনে আনৰ দুখৰ সময়ত সমভাগী হৈ ওচৰত থিয় দিব পৰ গুণ থাকে, আনৰ সমস্যাৰ সমাধান কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে৷ সদায় সহায়ত এখন হাত লগত থাকে, তেনে লোক শক্তিশালী মনৰ গৰাকী হয়৷ শক্তিশালী ব্যক্তিত্বৰ কাৰণে আনৰ বিষয়সমূহ ভালভাৱে অনুধাৱন কৰিব পাৰে, মানুহৰ সমস্যাসমূহ বুজি সমাধানৰ চেষ্টা কৰাজনে শক্তিশালী আৰু সংবেদনশীল হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here