Home Daily news টাইৱানৰ প্ৰতিনিধিয়ে পৰিদৰ্শন কৰিলে নগাঁৱৰ খেতিপথাৰ

টাইৱানৰ প্ৰতিনিধিয়ে পৰিদৰ্শন কৰিলে নগাঁৱৰ খেতিপথাৰ

বিশ্ব বেংকৰ সাহায্যত ‘অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তকৰণ’ [এপাৰ্ট] আঁচনিৰ অধীনত নগাঁও জিলাত ৰূপায়ণ হৈ থকা আঁচনিসমূহ পৰিদৰ্শন কৰে বিশ্ব শাক-পাচলি কেন্দ্ৰ, টাইৱানৰ এটা প্ৰতিনিধি দলে৷ টাইৱানৰ জ্যেষ্ঠ উদ্যান শস্যবিদ ড॰ পাওলা কাৰডনা আৰু পতংগবিদ ড॰ চোপানা 
ইয়লে জিলাখনৰ ডাকৰঘাটৰ উদ্যমী কৃষক পলাশ প্ৰকাশ শইকীয়াৰ পথাৰত ‘আত্মা’ৰ দ্বাৰা ৰূপায়ণ কৰি থকা প্ৰদৰ্শনমূলক ৰঙালাও খেতি, কাৱৈমাৰীৰ নীলোৎপল গোস্বামীৰ নাৰ্ছাৰী, শেনছোৱাৰ মিঠু শৰ্মাৰ নাৰ্ছাৰী আৰু কেঁচুসাৰ উৎপাদন গোট পৰিদৰ্শন কৰাৰ লগতে তেওঁলোকৰ লগত মত বিনিময় কৰে৷
জিলা কৃষি বিষয়া তৰুণ হাজৰিকাই জিলাখনৰ বিভিন্ন স্থানত বৰ্তমান হৈ থকা শাক-পাচলিৰ মাটিকালি, উৎপাদন আৰু বিপণনৰ বিষয়ে দলটোক চমু আভাস দাঙি ধৰে৷
প্ৰতিনিধি দলটোক সংগ দিয়ে নগাঁৱৰ উদ্যান শস্য সমন্বয়ক পংকজ হাজৰিকা আৰু বিশ্ব শাক-পাচলি সমন্বয়ক সুদীপ্ত দাসে৷ 
উল্লেখ্য যে এপাৰ্টৰ আঁচনি কৃষি বিভাগৰ লগতে আন কেইবাটাও বিভাগে ৰূপায়ণ কৰি আছে৷ বিশ্ব শাক-পাচলি কেন্দ্ৰ, টাইৱান,আন্তৰ্জাতিক ধান গৱেষণা কেন্দ্ৰ, আন্তঃৰাষ্ট্ৰীয় আলু কেন্দ্ৰ, পেৰু আদি বহুকেইটা আন্তঃৰাষ্ট্ৰীয় গৱেষণা প্ৰতিষ্ঠানে এই আঁচনি সফল ৰূপায়ণৰ বাবে কাৰিকৰী দিহা-পৰামৰ্শ দিয়াৰ 
লগতে ন-ন প্ৰযুক্তিৰ দ্বাৰা অসমৰ কৃষকৰ শস্যৰ উৎপাদন বৃদ্ধি আৰু অৰ্থনৈতিক বুনিয়াদ গঢ়াৰ পদক্ষেপ গ্ৰহণ কৰিছে৷ সুষম মাত্ৰাত ৰাসায়নিক সাৰ আৰু কীটনাশক দৰব আদি প্ৰয়োগ কৰি উন্নত পদ্ধতিৰে কবি, বেঙেনা, ৰঙালাও আদিৰ প্ৰদৰ্শনমূলক খেতিৰ দ্বাৰা উপকৃত হোৱাত গুৰুত্ব দি আহিছে৷

Most Popular

চাহৰ সৈতে বিস্কুট কিমান স্বাস্থ্যকৰ ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

চাহৰ সৈতে বিস্কুটকিমান স্বাস্থ্যকৰ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

স্বৰ্গ-মৰ্ত্যৰ মাজৰ এই উপত্যকা!য’ত সময়ো থমকি ৰৈছে

ছাংগ্ৰিলা উপত্যকা– সঁচাকৈয়ে কি আছে এই ৰহস্যময় উপত্যকাত৷ ইয়াক লৈ বিভিন্ন সময়ত নানা প্ৰশ্নৰ উদয় হৈছে৷ ইয়াৰ ৰহস্য...

ভূপৃষ্ঠত সূৰ্যৰ উৎপত্তিৰ আগতেই পানী আছিল : কোনে ক’লে?

বিশ্বব্ৰহ্মাণ্ডত নক্ষত্ৰ সৃষ্টি হোৱাৰ আগৰে পৰাই পানী আছিল৷ বিজ্ঞানীসকলে ইয়াৰ তথ্য লাভ কৰিছে৷ উল্লেখ্য যে বিজ্ঞানীসকলে বিশ্বব্ৰহ্মাণ্ডত প্ৰথমে নক্ষত্ৰ, পানী, পৃথিৱী নে...