টাইগ্ৰীছ নদীৰ কাষত এখন প্ৰাচীন মহানগৰৰ সন্ধান পোৱা গৈছে৷ এই মহানগৰখন প্ৰাচীন মিট্টানি সাম্ৰাজ্যৰ আছিল৷ এই নগৰখন মিট্টানিৰ আটাইতকৈ পুৰণি মহানগৰ জখিকু হ’ব পাৰে বুলি পুৰাতত্ত্ববিদসকলে অনুমান কৰিছে৷ টাইগ্ৰীছ নদীৰ পানী শুকুওৱাৰ ফলত এই মহানগৰখন ওলাই পৰে৷ এই স্থানৰ পৰা গৱেষকসকলে চীনা মাটিৰে নিৰ্মিত পাঁচখন জাহাজ, আখৰ লিখা থকা কেইখনমান মাটিৰ ফলক, মাটিৰে তৈয়াৰ কৰা লেফাফা, ভালেমান ৰং-বিৰঙৰ প্ৰাচীন সামগ্ৰী উদ্ধাৰ হয়৷ বিশেষজ্ঞসকলে নক্সা তৈয়াৰ কৰি নগৰখনৰ ইতিহাসৰ বিষয়ে তথ্য লাভ কৰিছে৷ তেওঁলোকে কয় যে ৩৫০০ বছৰ পুৰণি মহানগৰখনত এটা বিশাল মহল আৰু কেইবাটাও কেইবামহলীয়া অট্টালিকা, ওখ টাৱাৰ থকা এটা বিশাল দুৰ্গ, উদ্যোগিক পৰিসৰ আছিল৷ পুৰাতত্ত্ববিদসকলৰ মতে এই প্ৰাচীন মহানগৰখনে মিট্টানি যুগৰ অন্ত আৰু অছিৰিয়ান শাসনৰ আৰম্ভণিৰ প্ৰসংগত গুৰুত্বপূৰ্ণ তথ্যৰ সন্ধান দিব পাৰে৷ জাৰ্মানি আৰু কুৰ্দৰ পুৰাতত্ত্ববিদসকলৰ এটা দলে ৩৫০০ বছৰ পুৰণি মহানগৰখন আৱিষ্কাৰ কৰে৷ উল্লেখ্য যে ইৰাকৰ তীব্ৰ খৰাঙৰ পৰিপ্ৰেক্ষিতত টাইগ্ৰীছ নদীৰ পানী একেবাৰে শুকাই গৈছিল৷ সেয়েহে ইয়াৰ কেইবাহাজাৰ বছৰ পুৰণি মহানগৰখনৰ ভগ্নাৱশেষ দেখা পোৱা গৈছে৷
টাইগ্ৰীছৰ পাৰত ৰহস্যময় সাম্ৰাজ্যৰ সন্ধান লাভ !
By Health Plus
125
Previous articleৰহস্যময় মৰুভূমি ! গৰম নহয়, য’ত বৰফ পৰে ক’ত জানেনে ?
RELATED ARTICLES
চাহৰ সৈতে বিস্কুট কিমান স্বাস্থ্যকৰ ?
Health Plus - 0
পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...
স্বৰ্গ-মৰ্ত্যৰ মাজৰ এই উপত্যকা!য’ত সময়ো থমকি ৰৈছে
Health Plus - 0
ছাংগ্ৰিলা উপত্যকা– সঁচাকৈয়ে কি আছে এই ৰহস্যময় উপত্যকাত৷ ইয়াক লৈ বিভিন্ন সময়ত নানা প্ৰশ্নৰ উদয় হৈছে৷ ইয়াৰ ৰহস্য...
ভূপৃষ্ঠত সূৰ্যৰ উৎপত্তিৰ আগতেই পানী আছিল : কোনে ক’লে?
Health Plus - 0
বিশ্বব্ৰহ্মাণ্ডত নক্ষত্ৰ সৃষ্টি হোৱাৰ আগৰে পৰাই পানী আছিল৷ বিজ্ঞানীসকলে ইয়াৰ তথ্য লাভ কৰিছে৷ উল্লেখ্য যে বিজ্ঞানীসকলে বিশ্বব্ৰহ্মাণ্ডত প্ৰথমে নক্ষত্ৰ, পানী, পৃথিৱী নে...
Most Popular
চাহৰ সৈতে বিস্কুট কিমান স্বাস্থ্যকৰ ?
পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...
চাহৰ সৈতে বিস্কুটকিমান স্বাস্থ্যকৰ?