Home Daily news জ্যেষ্ঠ নাগৰিকৰ বাবে সবাতোকৈ অসুৰক্ষিত ৰাজ্য কোনখন ?

জ্যেষ্ঠ নাগৰিকৰ বাবে সবাতোকৈ অসুৰক্ষিত ৰাজ্য কোনখন ?

জ্যেষ্ঠজনক সদায়ে শ্ৰদ্ধা-ভক্তি কৰা হয়, সন্মানেৰে সন্মানীয় কৰা হয় সকলোতকৈ জ্যেষ্ঠজনক৷ আনহাতে দেশত জ্যেষ্ঠ নাগৰিকসকলৰ সকলো দিশৰ পৰা আগস্থান দিয়া হয়৷ লাগিলে অনুষ্ঠান আদিতে হওক বা বাছ-ট্ৰেইন, শ্বপিংমল বেংক আদি সকলোতে জ্যেষ্ঠসকলৰ বাবে আসন সংৰক্ষণ ব্যৱস্থা কৰিছে৷ যিকোনো কাৰ্যত জ্যেষ্ঠজনৰ আগতে হোৱাৰ পাছতে আনবোৰক অগ্ৰাধিকাৰ দিয়ে৷ কিন্তু শেহতীয়াকৈ প্ৰকাশিত এক সমীক্ষাই বিশেষ দৃষ্টি আকৰ্ষণ কৰিছে৷ 
দেশৰ ভৱিষ্যতৰ এক অশনি সংকেত, কিয়নো জ্যেষ্ঠজনক অসন্মান কৰা তথা অসুৰক্ষিত অনুভৱ কৰিছে এখন ৰাজ্যত৷ প্ৰকাশিত তথ্য মতে দেশৰ ভিতৰতে জ্যেষ্ঠ নাগৰিকৰ অসুৰক্ষিত ৰাজ্য হৈছে মধ্য প্ৰদেশ৷ ৰাষ্ট˜ীয় অপৰাধ অভিযোগে প্ৰকাশ কৰা ক্ৰাইমছ ইন ইণ্ডিয়া ২০২১ শীৰ্ষক এক প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে৷ প্ৰতিবেদনখনত জ্যেষ্ঠসকলৰ অসুৰক্ষিত ৰাজ্য হিচাপে দ্বিতীয় স্থানত আছে ছট্টিশগড় আৰু তৃতীয় স্থান দখল কৰিছে হিমাচল প্ৰদেশে৷ বিগত বৰ্ষত মধ্য প্ৰদেশত ৬০ বছৰৰ ঊধবৰ্ৰ লোকৰ বিৰুদ্ধে ৯২.৩ শতাংশ অপৰাধ সংঘটিত হৈছিল৷ ছট্টিশগড়ত ৭০ শতাংশ আৰু হিমাচল প্ৰদেশত ৫৯.৬ শতাংশ অপৰাধ সংঘটিত হৈছিল জ্যেষ্ঠ নাগৰিকৰ বিৰুদ্ধে৷

Most Popular

বেদতে আছিল বিজ্ঞানৰ সমস্ত সূত্ৰতোলপাৰ লগাইছে এই দাবীয়ে

বিজ্ঞানৰ সমস্ত সূত্ৰ বেদতে আছিল৷ এই দাবী কৰিছে ইছৰ’ৰ অধ্যক্ষ এছ সোমনাথে৷ ভাৰতৰ মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰ’ৰ অধ্যক্ষ সোমনাথে কোৱা মতে...

প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰপৰাপৃথিৱীলৈ এলিয়েন ছিগ্‌নেল প্ৰেৰণ

পৃথিৱীৰ বাহিৰতো আন জীৱৰ সন্ধান অব্যাহত থকা অৱস্থাত প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰ পৰা পৃথিৱীলৈ মহাবিশ্বৰ এটা সংকেত প্ৰেৰণ কৰা হৈছে৷ আন...

সুখবৰ : ডায়েবেটিছৰ বাবে বিশ্বৰ প্ৰথম অৰেল ইনছুলিন উদ্ভাৱন

বৰ্তমান বিশ্বত ডায়েবেটিছ ৰোগে ভয়াৱহভাৱে দেখা দিছে৷ অনিয়মীয়া খাদ্য গ্ৰহণ, দৈনন্দিন জীৱন প্ৰণালীৰ সালসলনি, আৰামপ্ৰিয় জীৱন, পৰিশ্ৰমহীন কৰ্ম, খাদ্য সামগ্ৰী ভেজালকৰণ ইয়াৰ...

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,