জি এম চি এইচ চৌহদৰ ফাৰ্মাচীত নকল পেচমেকাৰ বিক্ৰী

0
839
ৰোগীৰ জীৱনক লৈ হেতালি খেলিছে GMCH চৌহদত থকা এখন ফাৰ্মাচীয়ে৷ জি এম চি চৌহদত অৱস্থিত উক্ত ফামাৰ্চীখনত এক আজব-কাণ্ড সংঘটিত হৈছে যোৱা ১২ জুনত৷ ৰুদালি মেডিক’জ নামৰ ফাৰ্মাচীখনত পেচমেকাৰত সংযোজিত নকল ৰিড বিক্ৰীৰ অভিযোগ উত্থাপন হৈছে৷ এজন ৰোগীৰ আত্মীয়ৰ উক্ত ফামাৰ্চীখনৰ পৰা ক্ৰয় কৰিছিল পেচমেকাৰত সংযোজিত নকল ৰিডটো৷ উক্ত ফাৰ্মাচীখনে গ্ৰাহকক দীৰ্ঘদিন যোগান ধৰি আহিছিল পেচমেকাৰত সংযোজিত নকল ৰিড৷ যোৱা ১২ জুনত জি এম চি চৌহদৰ অৱস্থিত উক্ত ফাৰ্মাচীখনে নকল ৰিড যোগান ধৰিছিল জি এম চি এইচত চিকিৎসাধীন এজন ৰোগীক৷ পিছে ৰোগীগৰাকীক চিকিৎসা চলোৱাৰ সময়ত পোহৰলৈ আহে সমগ্ৰ ঘটনা৷ পৰৱৰ্তী সময়ত জি এম চি এইচৰ অধ্যক্ষৰ তৎপৰতাত উক্ত ফাৰ্মাচীখনৰ স্বত্বাধিকাৰীৰ লগতে কৰ্মচাৰীক আটক কৰে ভঙাগড় আৰক্ষীয়ে৷ ইতিমধ্যে ভঙাগড় আৰক্ষীয়ে ৰুদালি মেডিক’জৰ মালিক বিভাস পাটোৱাৰী, মেনেজাৰ জাহাংগীৰ হুছেইন, সামগ্ৰী যোগান ধৰা গৌৰিদ পোদ্দাৰ, পূৰ্ণৰাম ডেকাক গ্ৰেপ্তাৰ কৰিছে৷ আৰক্ষীয়ে জনোৱা মতে, নকল চিকিৎসা সামগ্ৰীসমূহ জেনিফাৰ ফাৰ্মাচীৰ পৰা ৰুদালি মেডিক’জে ক্ৰয় কৰি গ্ৰাহকক যোগান ধৰিছিল৷ পৰৱৰ্তী সময়ত এইদৰে নকল সামগ্ৰী বিক্ৰী কৰি ৰোগীৰ জীৱনলৈ হেতালি খোৱা আৰু অধিক মুনাফা লুটা ফাৰ্মাচীসমূহৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল’বলৈ চৰকাৰৰ প্ৰতি সচেতন ৰাইজে আহবান জনাইছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here