সু-স্বাস্থ্যৱান হোৱাৰ পাঁচটা টিপ্‌ছ || Five tips to remain healthy

0
749

ৰোগবিহীন শৰীৰ এটা সকলোৰে কাম্য৷ কিয়নো এটা সুস্থ দেহতহে সুস্থ মনৰ সৃষ্টি হয়৷ সেয়েহে আজি আমি কথা পাতিম– কেনেকৈনো আপুনি শৰীৰটো ৰোগমুক্ত কৰি ৰাখিব পাৰিব৷ ইয়াৰ বাবে আপোনালোকে বহুত কিবা কৰাৰ প্ৰয়োজন নাই৷ মাত্ৰ এই পাঁচটা টিপছ অনুসৰণ কৰক আৰু পাওক এটা ৰোগমুক্ত শৰীৰ৷


[১] নিৰোগী শৰীৰ লাভ কৰাৰ প্ৰথম উপায়টোৱে হৈছে পানী৷ সময়মতে প্ৰচুৰ পৰিমাণে পৰিষ্কাৰ পানী সেৱন কৰা উচিত৷ পানীয়ে শৰীৰটোক হাইড্ৰেট কৰি ৰখাৰ লগতে শৰীৰৰ অলাগতিয়াল বৰ্জনীয় পদাৰ্থসমূহ ঘাম, প্ৰস্ৰাৱ আদিৰ জৰিয়তে বাহিৰ কৰে৷

Are You Drinking Too Much Water? Heres Why You Should Stop! - NDTV Food
Drinking plenty of water can help you lose weight.

[২] দৈনিক খোজকাঢ়িলে আমাৰ অন্য ব্যায়াম কৰাৰ প্ৰয়োজন নাই৷ WHOৰ মতে সু-স্বাস্থ্যৰ অধিকাৰী হৈ থাকিবলৈ ৮০০০টা ষ্টেপ খোজকঢ়া জৰুৰী৷ খোজ কাঢ়িলে আমাৰ তেজ চলাচল প্ৰক্ৰিয়া উন্নত হয়৷ ফলত হাৰ্টৰ অসুখ, ডায়েবেটিছ, গাঁঠিৰ বিষ আদি সমস্যাৰ পৰা হাত সাৰিব পাৰি৷

36 Tips When You're Walking to Lose Weight | Eat This Not That
Walking is some of the best exercise for heart health.

[৩] আয়ুৰ্বেদ শাস্ত্ৰ অনুসৰি যিকোনো বেমাৰৰ অন্যতম কাৰক হৈছে আমাৰ পেটটো৷ যদি আমি পেটটো সুস্থ কৰি ৰাখিব পাৰোঁ, তেন্তে যিকোনো বেমাৰৰ পৰা হাত সাৰিব পৰা যায়৷ সেয়েহে আমাৰ পাচন প্ৰক্ৰিয়া সুস্থ হোৱাটো অতি প্ৰয়োজনীয়৷ ইয়াৰ বাবে আমি খাদ্য খাওঁতে ৩২ বাৰ চোবাই খাব লাগে৷ খাদ্য খাই উঠিয়েই পানী খাব নালাগে৷ খাদ্য খাই লগে লগে পানী খালে সহজে হজম নহয়৷ গতিকে খাদ্য খোৱাৰ আধা ঘণ্টা পাছতহে পানী খাব লাগে৷

You Shouldn't Drink Water Immediately Before And After Meals. Know The Reason Here
Drinking water during or after a meal actually aids digestion.

[৪] শোওঁতে বাওঁফাল হৈ শুব লাগে৷ এনেদৰে শোৱাৰ ফলত আমাৰ হজম শক্তি বৃদ্ধি হোৱাৰ উপৰি নাকৰ পৰা ওলোৱা শব্দও বন্ধ হয়৷

What is the best sleeping position for digestion?
Sleeping on your left side is thought to have the most benefits to your overall health.

[৫] নিৰোগী শৰীৰ বা জীৱনৰ আন এটা অন্যতম কাৰক হৈছে আমাৰ মনটো৷ মানসিকভাৱে সুস্থ-সবল হৈ থাকিলে কোনো বেমাৰে আপোনাক কাবু কৰিব নোৱাৰে৷ সেয়েহে আনন্দত থাকক, গান শুনক, বিশুদ্ধ বায়ু সেৱন কৰক, সৃষ্টিৰ লগত জড়িত থাকক আৰু এটা সুন্দৰ জীৱন উপভোগ কৰক৷

How to Live a Happy Life: A Quick Guide – Life Optimizer
Having a positive outlook benefits like lower blood pressure, less heart disease, better weight control and healthier blood sugar levels

LEAVE A REPLY

Please enter your comment!
Please enter your name here