Home Daily news জলবায়ু পৰিৱৰ্তন হ্ৰাস কৰিবলৈ গছপুলি ৰোপণ কৰক : কাৰ এই আহ্বান

জলবায়ু পৰিৱৰ্তন হ্ৰাস কৰিবলৈ গছপুলি ৰোপণ কৰক : কাৰ এই আহ্বান

জলবায়ু পৰিৱৰ্তনে মানৱ জাতিলৈ ভাবুকি কঢ়িয়াই আনিছে৷ প্ৰাকৃতিক দুৰ্যোগৰ কবলত পৰা জীৱশ্ৰেষ্ঠ মানৱ জাতিয়ে উদ্ধাৰ হ’বলৈ হ’লে গছপুলি ৰোপণ কৰিব লাগে৷ মন্দিৰ, মছজিদ, গীৰ্জা তথা অন্যান্য ধৰ্মীয় উপাসনাস্থলী নিৰ্মাণ কৰাৰ বিপৰীতে গছপুলি ৰোপণ কৰিব লাগে৷ ভীমৰাও আম্বেদকাৰে গছৰ তলত বহি চুক্তিত চহী কৰিছিল৷ প্ৰকৃতিৰ ভাৰসাম্য আছে আৰু সেইকাৰণে প্ৰাকৃতিক দুৰ্যোগৰ কবলত পৰে৷ নামনি সোৱণশিৰি জলবিদু্যৎ প্ৰকল্প বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰা বুলি ক’লেও প্ৰকৃতিৰ ভাৰসাম্য হেৰাই যোৱাৰ ফলত ধ্বংস হ’বলৈ ধৰিছে৷ আমি ইংৰাজৰ মতে চলি আছোঁ৷ নিজৰ কৃষ্টি-সংস্কৃতি আৰু সভ্যতাৰ মাজত জীয়াই থাকিব লাগে বুলি সদৰী কৰে অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙে৷ বগীবিল দলঙৰ উত্তৰ পাৰত জংকী পানৈ ৰিজ’ৰ্টৰ চৌহদত ফলমূল, ঔষধীয় গছপুলি ৰোপণ কৰি তেওঁ এনেদৰে কয়৷ গছপুলি ৰোপণ অনুষ্ঠানত মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰকান্ত বঢ়ি, জহান দলে, জ্যেষ্ঠ সমাজসেৱক ভৱকান্ত পাইত, লগতে টি এম পি কে, এম এম কে, টি এম এম কে ডিব্ৰুগড় জিলা সমিতি আৰু মধ্য চিচি টঙানী আঞ্চলিক টি এম পি কেৰ ভালেসংখ্যক লোক উপস্থিত থাকি গুমৰাগ নৃত্যৰে যাদৱ পায়েঙক আদৰণি জনাই সম্বৰ্ধনা জ্ঞাপন কৰে৷

Most Popular

বেদতে আছিল বিজ্ঞানৰ সমস্ত সূত্ৰতোলপাৰ লগাইছে এই দাবীয়ে

বিজ্ঞানৰ সমস্ত সূত্ৰ বেদতে আছিল৷ এই দাবী কৰিছে ইছৰ’ৰ অধ্যক্ষ এছ সোমনাথে৷ ভাৰতৰ মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰ’ৰ অধ্যক্ষ সোমনাথে কোৱা মতে...

প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰপৰাপৃথিৱীলৈ এলিয়েন ছিগ্‌নেল প্ৰেৰণ

পৃথিৱীৰ বাহিৰতো আন জীৱৰ সন্ধান অব্যাহত থকা অৱস্থাত প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰ পৰা পৃথিৱীলৈ মহাবিশ্বৰ এটা সংকেত প্ৰেৰণ কৰা হৈছে৷ আন...

সুখবৰ : ডায়েবেটিছৰ বাবে বিশ্বৰ প্ৰথম অৰেল ইনছুলিন উদ্ভাৱন

বৰ্তমান বিশ্বত ডায়েবেটিছ ৰোগে ভয়াৱহভাৱে দেখা দিছে৷ অনিয়মীয়া খাদ্য গ্ৰহণ, দৈনন্দিন জীৱন প্ৰণালীৰ সালসলনি, আৰামপ্ৰিয় জীৱন, পৰিশ্ৰমহীন কৰ্ম, খাদ্য সামগ্ৰী ভেজালকৰণ ইয়াৰ...

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,