Home Daily news ছিজাৰিয়ান, নেফ্ৰেকটমিৰ সফল যুটীয়া অস্ত্ৰোপচাৰ সম্পন্ন ঃ ক’ত?

ছিজাৰিয়ান, নেফ্ৰেকটমিৰ সফল যুটীয়া অস্ত্ৰোপচাৰ সম্পন্ন ঃ ক’ত?

এপ’ল’ প্ৰ’টন কেঞ্চাৰ চেণ্টাৰ, চেন্নাই-এ একে সময়তে মাতৃ আৰু সন্তানৰ জীৱন ৰক্ষাৰ বাবে ছিজাৰিয়ান আৰু বাওঁ কিডনীত থকা বৃহদাকাৰৰ টিউমাৰৰ বাবে ৰ’ব’টিক নেফ্ৰেকটমিৰ (Robotic Assisted Radical Nephrectomy) যুটীয়া অস্ত্ৰোপচাৰ সফলভাৱে সম্পন্ন কৰে৷
এগৰাকী ৩২ সপ্তাহৰ অন্তঃসত্ত্বা ২৭ বছৰীয়া মহিলাৰ বাওঁফালৰ কিডনীত এটা বৃহদাকাৰৰ টিউমাৰ ধৰা পৰা হেতুকে সমস্যাৰ সৃষ্টি হয়৷ এপ’ল’ প্ৰ’টন কেঞ্চাৰ চেণ্টাৰৰ ছাৰ্জনে প্ৰকাশ কৰা মতে, বিশ্বত প্ৰথমবাৰৰ বাবে এনেধৰণৰ অস্ত্ৰোপচাৰ সম্পন্ন হৈছে৷ এই প্ৰক্ৰিয়া সফলভাৱে সম্পন্ন কৰে O & G, Neonatology, Surgery আৰু Anaesthesiology বিভাগৰ এটা বিশেষজ্ঞৰ দলে৷
এপ’ল’ প্ৰ’টন কেঞ্চাৰ চেণ্টাৰৰ জ্যেষ্ঠা Uro-Gynaecology বিশেষজ্ঞ ডাঃ মীৰা ৰাঘৱনে ছিজাৰিয়ান অস্ত্ৰোপচাৰ কৰে আৰু একে সময়তে জ্যেষ্ঠ ইউৰ’লজি ছাৰ্জন ডাঃ এন ৰাঘৱনে ৰ’ব’টিক নেফ্ৰেকটমিৰ দ্বাৰা টিউমাৰটো অপসাৰণ কৰিবলৈ সক্ষম হয়৷ বিশেষজ্ঞসকলে এমাহৰ ভিতৰতে কেঞ্চাৰ চিকিৎসা তথা গৰ্ভস্থ সন্তানৰ ক্ষতি নোহোৱোকৈ সকলো সু-ব্যৱস্থা গ্ৰহণ কৰে৷ 
ডেলিভাৰীৰ বাবে চিকিৎসকে এবাৰহে হাতৰ ব্যৱহাৰ কৰে আৰু বাকী সকলো ৰ’ব’টিক ছাৰ্জাৰীৰ দ্বাৰা কৰা হেতুকে অতি সোনকালে ৰোগী আৰোগ্য হয় আৰু অস্ত্ৰোপচাৰৰ পিছদিনাখনৰ পৰাই নৱজাতকক মাতৃদুগ্ধ পান কৰাবলৈ সক্ষম হয়৷ ডাঃ এন ৰাঘৱনে প্ৰকাশ কৰে যে এই অস্ত্ৰোপচাৰ খুব জটিল আছিল, যিহেতু দুটা বেলেগ বিষয়ৰ একে সময়তে চিকিৎসাৰ প্ৰয়োজন হৈছিল৷ তেওঁলোকৰ ধনাত্মক চিকিৎসা পদ্ধতিয়ে দুটা জীৱন বচাবলৈ সক্ষম হ’ল৷

Most Popular

চাহৰ সৈতে বিস্কুট কিমান স্বাস্থ্যকৰ ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

চাহৰ সৈতে বিস্কুটকিমান স্বাস্থ্যকৰ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

স্বৰ্গ-মৰ্ত্যৰ মাজৰ এই উপত্যকা!য’ত সময়ো থমকি ৰৈছে

ছাংগ্ৰিলা উপত্যকা– সঁচাকৈয়ে কি আছে এই ৰহস্যময় উপত্যকাত৷ ইয়াক লৈ বিভিন্ন সময়ত নানা প্ৰশ্নৰ উদয় হৈছে৷ ইয়াৰ ৰহস্য...

ভূপৃষ্ঠত সূৰ্যৰ উৎপত্তিৰ আগতেই পানী আছিল : কোনে ক’লে?

বিশ্বব্ৰহ্মাণ্ডত নক্ষত্ৰ সৃষ্টি হোৱাৰ আগৰে পৰাই পানী আছিল৷ বিজ্ঞানীসকলে ইয়াৰ তথ্য লাভ কৰিছে৷ উল্লেখ্য যে বিজ্ঞানীসকলে বিশ্বব্ৰহ্মাণ্ডত প্ৰথমে নক্ষত্ৰ, পানী, পৃথিৱী নে...