বন্যাৰ্তক সহায়ৰ বাবে ড্ৰন আগবঢ়াব আই আই টি, গুৱাহাটী-এ

0
234

ৰাজ্যত অব্যাহত থকা ভয়াৱহ বানত আক্ৰান্ত এলেকাৰ ক্ষয়-ক্ষতি আৰু পৰিস্থিতিৰ বুজ লোৱাৰ উপৰি সাহায্য বিতৰণৰ বাবে অসম চৰকাৰক ড্ৰন প্ৰদান কৰিব আই আই টি, গুৱাহাটীয়ে৷ বানাক্ৰান্ত এলেকাৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰাৰ পাছত উদ্ধাৰ আৰু সাহায্য প্ৰদানৰ সময়ত চৰকাৰক সহায় কৰিবৰ বাবে আই আই টিয়ে বিশেষ ড্ৰনৰ উন্নয়নৰ কাম আৰম্ভ কৰিছে৷ 
অসম চৰকাৰে আই আই টিক কৰা আহবানৰ পাছত এটা যৌথ প্ৰকল্প ইতিমধ্যে আৰম্ভ কৰিছে৷ আই আই টিয়ে উন্নয়ন কৰা প্ৰকল্পত গুৱাহাটী আদি এলেকাত বাৰিষা ভয়াৱহ ৰূপ ধাৰণ কৰা কৃত্ৰিম বান আৰু ভূ্‌মিস্খলন প্ৰৱণ এলেকা চিনাক্ত কৰাৰ কামতো ব্যৱহাৰ কৰিব পৰা যাব৷ 
আই আই টি, গুৱাহাটীৰ ডীন পৰমেশ্বৰ আয়াৰে কয় যে নিৰ্মাণ কৰি থকা ড্ৰনৰ সহায়ত পথ যোগাযোগ বিচ্ছিন্ন হৈ পৰা স্থানত আকাশমাৰ্গৰ পৰা পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ লগতে সাহায্য আৰু উদ্ধাৰ অভিযানত নামিব পৰা যাব৷ দুৰ্গত বন্যাৰ্ত কোন স্থানত আছে সেয়াও আকাশমাৰ্গৰ পৰা চিনাক্ত কৰি সাহায্য সেই স্থানলৈ প্ৰেৰণ কৰাত সহায় কৰিব পৰা যাব এই ড্ৰনৰ সহায়ত৷ আই আই টিয়ে এই কাম কৰিবৰ বাবে ড্ৰনছ টেক্‌ লেব্‌ নামৰ প্ৰতিষ্ঠানৰ সৈতে এটা যৌথ ষ্টাৰ্ট আপ প্ৰকল্প আৰম্ভ কৰা বুলিও তেওঁ সদৰী কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here