চাউল ধোৱা পানীৰে সৌন্দৰ্যচৰ্চা কেনেকৈ কৰিব?

0
1984

কাৰ্বহাইড্ৰেট, ভিটামিন-বি আৰু ফাইবাৰযুক্ত চাউলৰ গুণাগুণৰ বিষয়ে আপোনালোকে নিশ্চয় জানে৷ কিন্তু চাউল ধোৱা পানী বা ভাতৰ মাৰৰ গুণাগুণৰ কথা জানিবলৈ আপুনি কেতিয়াবা চেষ্টা কৰিছেনে? ভাতৰ মাৰ শৰীৰৰ বাবে অতি লাভদায়ক৷ ইয়াত প্ৰচুৰ পৰিমাণে প্ৰ’টিন, ভিটামিন আৰু এণ্টিঅক্সিডেণ্ট পোৱা যায়৷ ই শৰীৰৰ কাৰণে যেনেদৰে প্ৰয়োজনীয়, ঠিক তেনেদৰে ই ছালৰ কাৰণেও লাভদায়ক৷ এহেজাৰ বছৰৰ আগতে জাপানত পোনপ্ৰথমে চাউল ধোৱা পানী সৌন্দৰ্যচৰ্চাত ব্যৱহাৰ কৰা হৈছিল৷ চাউল উতলোৱাৰ সময়ত ইয়াৰ পানীখিনি পৃথককৈ ৰাখি বিভিন্ন সৌন্দৰ্যচৰ্চাত এই পানীখিনি ব্যৱহাৰ কৰিব পাৰি নাইবা গোটেই ৰাতি চাউল পানীত তিয়াই ৰাখি ৰাতিপুৱা তাৰ পৰা পানীখিনি পৃথক কৰি তাত অলপ তেল মিহলায়ো ব্যৱহাৰ কৰিব পাৰি৷

(১) চাউল ধোৱা পানী বা ভাতৰ মাৰত ভিটামিন-বি, ভিটামিন-চি, ভিটামিন-ই আৰু এমিন’ এচিড থাকে, যি চুলিৰ বিকাশত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে৷
(২) চাউল ধোৱা পানীৰে চুলি ধুলে উফি নাইকিয়া হোৱাৰ লগতে ওকণীও মৰে৷
(৩) শোৱাৰ আগতে চুলিখিনি চাউল ধোৱা পানীৰে স্প্ৰে কৰিলে শুকান আৰু ফটা চুলি ভাল হয়৷
(৪) চাউল ধোৱা পানীত কপাহ তিয়াই মুখত লগালে শালমইনা নাইকিয়া হয়৷
(৫) চাউল ধোৱা পানীয়ে ছালখন মসৃণ আৰু উজ্জ্বল কৰে৷
(৬) মুখৰ দাগ নোহোৱা কৰাত, ছাল বগা কৰাত চাউল ধোৱা পানী বা ভাতৰ মাৰে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে৷ বিভিন্ন প্ৰসাধনৰ সামগ্ৰী– চাবোন, ট’নাৰ, ক্ৰীম আদিত চাউল ধোৱা পানী মিহলি হৈ থাকে৷
(৭) চাউল ধোৱা পানীৰ পৰা প্ৰস্তুত কৰা ৱাইনে ছালত ক’লাজেন বৃদ্ধি কৰে, যিয়ে ছালখন কোমল কৰাৰ লগতে বয়সৰ চাপ পৰাত বাধা দিয়ে৷
(৮) চাউল ধোৱা পানীয়ে ছানবাৰ্নৰ পৰা সুৰক্ষা দিয়ে৷
(৯) চাউল ধোৱা পানীত ইন’চিটোল নামৰ কাৰ্বহাইড্ৰেট পোৱা যায়, যিয়ে চুলি মজবুত কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here