Home Beauty Plus ঘৰুৱাভাৱে কিদৰে তৈয়াৰ কৰিব মুলতানি মাটিৰ ফেচপেক

ঘৰুৱাভাৱে কিদৰে তৈয়াৰ কৰিব মুলতানি মাটিৰ ফেচপেক

বহু প্ৰাচীন কালৰে পৰা মুলতানী মাটি ৰূপচৰ্চাত ব্যৱহাৰ কৰি অহা হৈছে৷ মুলতানী মাটিৰে তৈয়াৰী ফেচপেকে অসাধাৰণ কাম কৰে৷ এই ফেচপেক আপুনি নিয়মিতভাৱে মুখত লগালে ছাল উজ্জ্বল হৈ ছালৰ সতেজতা বৃদ্ধিত অৰিহণা যোগায়৷ জানো আহক ছালৰ উজ্জ্বলতা বঢ়াবলৈ মুলতানী মাটি কিদৰে ব্যৱহাৰ কৰিব৷ শুষ্ক ছালৰ বাবে মুলতানী মাটি ব্যৱহাৰ কৰিব পাৰে৷ ই অসাধাৰণ এক্সফলিয়েটৰ হিচাপে কাম কৰে৷ যিসকলৰ ছাল ৰুক্ষ, শুকান, তেওঁলোকে ছালত মুলতানী মাটি ব্যৱহাৰ কৰক৷ ইয়াৰ বাবে মুলতানী মাটিৰ সৈতে নাৰিকল তেল মিহলাই মুখত লগালে ছালৰ শুষ্কতা ৰোধ কৰে৷
অফিচ, বজাৰ-সমাৰ কৰি বাহিৰৰ পৰা অহাৰ পাছত মুলতানী মাটি লগাই মুখখন ধুই পেলালে ছালখনৰ ধূলি-মাকতি, ময়লা আদি দূৰ কৰাত সহায় কৰে৷
যিসকলৰ ছালখন কম বয়সতে বেছি বয়সীয়া যেন দেখি, অকালবাৰ্ধক্যত ভুগিছে, তেনে লোকে মুলতানী মাটি ব্যৱহাৰ কৰিলে যথেষ্ট সুফল পাব৷
গাখীৰৰ লগত মুলতানী মাটি মিহলাই এটা পেক প্ৰস্তুত কৰক৷ এই মিশ্ৰণটো মুখত লগালে মুখত পৰা ক’লা দাগ নিমিষতে নাইকিয়া কৰাৰ লগতে ছালখন একেবাৰে নৰম হৈ পৰিব৷
মুলতানী মাটিত অলপ মৌ মিহলাই এটা মিশ্ৰণ তৈয়াৰ কৰক৷ এই মিশ্ৰণটো সপ্তাহত তিনিবাৰ মুখত লগাওক৷ যিসকলৰ ছালখন অতি শুকান, তেওঁলোকৰ কাৰণে এই মিশ্ৰণটো অত্যন্ত কাৰ্যকৰী হিচাপে কাম কৰে৷
পকা অমিতা ছালৰ বাবে যথেষ্ট উপকাৰী৷ যিসকলৰ ছালৰ ক’লা দাগ পৰিছে, শুষ্কতা অধিক, ছালখনৰ ক্ষতস্থানৰ দাগ আছে, তেনে মুখত মুলতানী মাটি আৰু পকা অমিতাৰ পেক লগাতে সুফল পাব৷ ইয়াৰ বাবে পকা অমিতা আৰু মুলতানী মাটিৰ এটা পেষ্ট তৈয়াৰ কৰি মুখ, গল, পিঠি, কান্ধ, বাহু, কিলাকুটি আদিত লগালে ক’লা দাগ, ক্ষতস্থানৰ দাগ আদি নাইকিয়া হয়৷
কলত প্ৰচুৰ পৰিমাণে ভিটামিন-চি থাকে, যি ছালৰ সুন্দৰতা অটুট ৰাখে৷ পকা কল এটাৰ সৈতে মুলতানী মাটিৰে এটা পেষ্ট প্ৰস্তুত কৰি লওক৷ এসপ্তাহ সম্পূৰ্ণকৈ মুখত লগাওক৷ দেখিব মুখত পৰা বাৰ্ধক্যৰ চিন, বলিৰেখা আদি নোহোৱা হৈ গৈছে৷

Most Popular

চাহৰ সৈতে বিস্কুট কিমান স্বাস্থ্যকৰ ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

চাহৰ সৈতে বিস্কুটকিমান স্বাস্থ্যকৰ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

স্বৰ্গ-মৰ্ত্যৰ মাজৰ এই উপত্যকা!য’ত সময়ো থমকি ৰৈছে

ছাংগ্ৰিলা উপত্যকা– সঁচাকৈয়ে কি আছে এই ৰহস্যময় উপত্যকাত৷ ইয়াক লৈ বিভিন্ন সময়ত নানা প্ৰশ্নৰ উদয় হৈছে৷ ইয়াৰ ৰহস্য...

ভূপৃষ্ঠত সূৰ্যৰ উৎপত্তিৰ আগতেই পানী আছিল : কোনে ক’লে?

বিশ্বব্ৰহ্মাণ্ডত নক্ষত্ৰ সৃষ্টি হোৱাৰ আগৰে পৰাই পানী আছিল৷ বিজ্ঞানীসকলে ইয়াৰ তথ্য লাভ কৰিছে৷ উল্লেখ্য যে বিজ্ঞানীসকলে বিশ্বব্ৰহ্মাণ্ডত প্ৰথমে নক্ষত্ৰ, পানী, পৃথিৱী নে...