ঘৰত পৰুৱাৰ উৎপাতৰ পৰা কেনেকৈ ৰক্ষা পৰিব?

0
1154
সাধাৰণতে খৰালিতকৈ বাৰিষা কালত আমাৰ সকলোৰে ঘৰত পৰুৱাৰ সংখ্যা বাঢ়ি উৎপাতৰ সৃষ্টি কৰে৷ ঘৰত পৰুৱাৰ উৎপাত আমাৰ সকলোৰে এটা ডাঙৰ সমস্যা৷ ঘৰৰ বিশেষকৈ পাকঘৰত যিমানে চাফ-চিকুণকৈ নাৰাখক লাগিলে পৰুৱাৰ আতিশয্যৰ পৰা পৰিত্ৰাণ পোৱাটো কঠিন৷ পাকঘৰৰ বিস্কুটৰ টেমা, চেনিৰ টেমা, আন খাদ্যবস্তু ৰখা বৈয়াম আদি সকলোতে পৰুৱাৰ আধিপত্য৷ এই সকলো কাৰকৰ বাবে ৰান্ধনীৰ কেতিয়াবা অসহ্যকৰ আতিশয্যৰ স্বীকাৰ হয়৷ পৰুৱাৰ পৰা পৰিত্ৰাণ পাবলৈ গৃহস্থই বজাৰত উপলব্ধ ৰাসায়নিক দ্ৰব্য মিশ্ৰিত পদাৰ্থ ঘৰত ছটিওৱা দেখা যায়৷ এনে ৰাসায়নিক দ্ৰব্যমিশ্ৰিত পদাৰ্থবোৰ ছটিয়ালে পৰুৱা নাইকিয়া হয় ঠিকেই, কিন্তু ইয়াৰ লগে লগে আমাৰ শৰীৰকো এনেবোৰ দ্ৰব্যই ক্ষতি কৰিব পাৰে৷ সেয়েহে প্ৰাকৃতিকভাৱে পোৱা উপাদানেৰে কিদৰে ঘৰৰ পৰা পৰুৱা নোহোৱা কৰিব পাৰি জানো আহক৷

[১] ঘৰৰ চৌহদ পোক-পৰুৱাৰ পৰা মুক্ত কৰি ৰাখিবলৈ হ’লে প্ৰথম প্ৰয়োজন হ’ল প্ৰতিদিনে ঘৰৰ চৌপাশ পৰিষ্কাৰ-পৰিচ্ছন্নকৈ ৰখা৷ ঘৰৰ চাৰিওফাল নিয়মিত চাফা কৰিলে পৰিৱেশটোৰ সৌন্দৰ্য বৰ্ধনৰ লগতে পোক-পৰুৱাৰ পৰাও হাত সাৰিব পাৰি৷


[২] পানীত কীটনাশক মিহলাই কমেও পুৱা-গধূলি দুবাৰকৈ ঘৰৰ মজিয়া, চুক-কোণ মচিব লাগে৷


[৩] ফল-মূল, খাদ্য খোৱাৰ পাছত তাৰ অৱশিষ্টখিনি য’তে-ত’তে নেপেলাই ডাষ্টবিনত পেলাব লাগে৷ অনুৰূপ ধৰণে পাকঘৰত পাচলি কাটোতেও অৱশিষ্টখিনি লগে লগে ডাষ্টবিনত পেলাই দিব লাগে৷


[8] ডাইনিং টেবুলত বহুদিন ধৰি খোৱাবস্তু থৈ দিব নালাগে৷ খাদ্য খোৱাৰ পাছতেই ডাইনিং টেবুলখন ভালদৰে মচি দিব লাগে৷


[৫] ভিনেগাৰ আৰু পানী সমপৰিমাণে এটা পাত্ৰত মিহলাই ঘৰৰ চুক-কোণ আদিত তাৰ মিশ্ৰণ ছটিয়াব লাগে৷ এসপ্তাহ এনেদৰে কৰিলে পৰুৱাৰ উৎপাত নাইকিয়া হয়৷


[৬] ঘৰৰ যিবোৰ ঠাইত পৰুৱাৰ উৎপাত বেছি৷ সেই ঠাইত ডালচেনিৰ গুড়ি ছটিয়াই দিব লাগে৷ ডালচেনিৰ উগ্ৰ গোন্ধ পৰুৱাই সহ্য কৰিব নোৱাৰে৷


[৭] কেইচামুচমান নিমখ গৰম পানীত মিহলাই মিশ্ৰণটো ঠাণ্ডা হ’বলৈ দিয়ক৷ এটা বটলত এই মিশ্ৰণখিনি লৈ সম্ভাব্য পৰুৱা থকা ঠাইত স্প্ৰে কৰি দিয়ক৷ কিছুসময় পাছত দেখিব সেই ঠাইত পৰুৱা নোহোৱা হৈছে৷


[৮] চকগুৰি অথবা বেবী পাউডাৰ পানীত মিহলাই ঘৰৰ বিভিন্ন কোণত ছটিয়াই দিব৷ পৰুৱা ঘৰৰ পৰা নোহোৱা হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here