Home Health Naturally ঘৰত জেঠীৰ উপদ্ৰৱ কিদৰে নাইকিয়া কৰিব ?

ঘৰত জেঠীৰ উপদ্ৰৱ কিদৰে নাইকিয়া কৰিব ?

সকলোৰে ঘৰত কম-বেছি পৰিমাণে জেঠী দেখা যায়৷ ঘৰৰ চুক-কোণ, চিলিং, পাকঘৰৰ চুক আদি ইহঁতে থাকে৷ সাধাৰণতে জেঠীয়ে আমাৰ বিশেষ অসুবিধা নিদিয়ে যদিও খোৱা খাদ্য, ৰান্ধি থোৱা আঞ্জা আদিৰ পৰিলে এইবোৰ বিষাক্ত হৈ পৰে আৰু এইবোৰ খাদ্য অজানিতে গ্ৰহণ কৰিলে পেটৰ বিভিন্ন সমস্যা হোৱা দেখা যায়৷ সেয়েহে ঘৰত জেঠীৰ উপদ্ৰৱ নোহোৱা কৰিবলৈ কিছুমান ঘৰুৱা উপায় অৱলম্বন কৰাটো আৱশ্যক৷ জানো আহক কিদৰে ঘৰুৱা উপায়েৰে জেঠীৰ উপদ্ৰৱৰ পৰা হাত সাৰিব পাৰি৷ বিশেষজ্ঞৰ পৰা জনা মতে জেঠীয়ে কফিৰ গোন্ধ একেবাৰে সহ্য কৰিব নোৱাৰে৷ সেয়েহে কফিৰে প্ৰস্তুত কৰা পনীয় ঘৰত কোণবোৰত ৰাখিলে জেঠীয়ে সেই ঠাই ত্যাগ কৰিবলৈ বাধ্য হয়৷
সাজ-পোছাক, বাচন-বৰ্তন বা অন্য সামগ্ৰী পোক-পৰুৱাৰ পৰা ৰক্ষা পৰিবলৈ সাধাৰণতে নেফথলিন ব্যৱহাৰ কৰা হয়৷ ঘৰত জেঠীৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবলৈও নেফথলিন ব্যৱহাৰ কৰিব পাৰি৷
জলকীয়াৰ উগ্ৰ গোন্ধ জেঠী, পঁইতাচোৰাৰ বাবে বিৰক্তিকৰ, ইহঁতে ইয়াৰ গোন্ধ একেবাৰে সহ্য কৰিব নোৱাৰে৷ যি ঠাইত জেঠী বেছিকৈ দেখা যায়, সেই ঠাইত জলকীয়া ে¦x’ কৰি দিলে নিমিষতে নাইকিয়া হয়৷
সাধাৰণতে জেঠীয়ে থাকিবলৈ গৰম ঠাই পচন্দ কৰে, ঠাণ্ডা ঠাই একেবাৰে সিহঁতে পচন্দ নকৰে৷ সেয়েহে ঠাণ্ডা পানীৰে ে¦x’ কৰি দিলেও জেঠী নোহোৱা হয়৷
আনহাতে ঘৰৰ ভিতৰত জেঠীৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ পাবলৈ পিঁয়াজ অথবা নহৰু কেইচকলমান কাটি ৰাখিব পাৰে৷ পিঁয়াজ বা নহৰুৰ গোন্ধ জেঠীয়ে সহ্য কৰিব নোৱাৰে৷
জেঠীৰ উপদ্ৰৱৰ সমস্যা দূৰ কৰাৰ বাবে সকলোতকৈ উত্তম পন্থা হৈছে ঘৰৰ চাৰিওফাল পৰিষ্কাৰ-পৰিচ্ছন্নকৈ ৰখা৷ ঘৰৰ চুক-কোণ আদিত লেতেৰা আৱৰ্জনা জমা হ’বলৈ নিদিয়ে জেঠীৰ বাসস্থান কৰিব নোৱাৰে৷ ইয়াৰ লগতে ঘৰৰ দৰ্জা, খিৰিকী সময়মতে খোলা ৰখা, জেঠীৰ থকা ঠাইবোৰ বন্ধ ৰখা, পৰিষ্কাৰকৈ ৰখা আদি কৰিলে জেঠীৰ পৰা পৰিত্ৰাণ পাব পাৰি৷

Most Popular

বেদতে আছিল বিজ্ঞানৰ সমস্ত সূত্ৰতোলপাৰ লগাইছে এই দাবীয়ে

বিজ্ঞানৰ সমস্ত সূত্ৰ বেদতে আছিল৷ এই দাবী কৰিছে ইছৰ’ৰ অধ্যক্ষ এছ সোমনাথে৷ ভাৰতৰ মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰ’ৰ অধ্যক্ষ সোমনাথে কোৱা মতে...

প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰপৰাপৃথিৱীলৈ এলিয়েন ছিগ্‌নেল প্ৰেৰণ

পৃথিৱীৰ বাহিৰতো আন জীৱৰ সন্ধান অব্যাহত থকা অৱস্থাত প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰ পৰা পৃথিৱীলৈ মহাবিশ্বৰ এটা সংকেত প্ৰেৰণ কৰা হৈছে৷ আন...

সুখবৰ : ডায়েবেটিছৰ বাবে বিশ্বৰ প্ৰথম অৰেল ইনছুলিন উদ্ভাৱন

বৰ্তমান বিশ্বত ডায়েবেটিছ ৰোগে ভয়াৱহভাৱে দেখা দিছে৷ অনিয়মীয়া খাদ্য গ্ৰহণ, দৈনন্দিন জীৱন প্ৰণালীৰ সালসলনি, আৰামপ্ৰিয় জীৱন, পৰিশ্ৰমহীন কৰ্ম, খাদ্য সামগ্ৰী ভেজালকৰণ ইয়াৰ...

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,