বিশ্বৰ ভিতৰত বিলিয়নাৰৰ সংখ্যাত ভাৰতৰ স্থান তৃতীয়

0
457

৩০ মিলিয়ন আমেৰিকান ডলাৰ মূল্যৰ (প্ৰায় ২২৬ কোটি টকাৰ) সম্পত্তি থকা ভাৰতৰ অতি চহকী লোকৰ সংখ্যা যোৱা বছৰ ১১ শতাংশ বৃদ্ধি পাইছে৷ নাইট ফ্ৰেংক নামৰ প্ৰতিষ্ঠানটোৱে এই কথা জনাইছে৷ 
২০২১ চনত বিলিয়নাৰৰ সংখ্যাৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ ভিতৰত তৃতীয় সৰ্বোচ্চ স্থানত আছে৷ ৭৪৮জন বিলিয়নাৰেৰে শীৰ্ষত আছে আমেৰিকা, তাৰ পাছতে ৫৫৪জন বিলিয়নাৰেৰে দ্বিতীয়ত আছে চীন আৰু ১৪৫জন বিলিয়নাৰেৰে ভাৰত আছে বিশ্বৰ ভিতৰত তৃতীয় সৰ্বোচ্চ স্থানত৷ 
প্ৰতিষ্ঠানটোৰ শেহতীয়া ‘দ্য ৱেল্‌থ ৰিপ’ৰ্ট ২০২২’ৰ মতে ২০২১ চনত বিশ্বত অতি চহকী ব্যক্তিৰ (আলট্ৰা-হাই নেট-ৱৰ্থ ইণ্ডিভিজুৱেল) সংখ্যা ৯.৩ শতাংশ বৃদ্ধি পাইছে৷ 
পূৰ্বতে আছিল ৫,৫৮,৮২৮জন৷ এতিয়া হ’ল ৬,১০,৫৬৯জন৷ ভাৰতত অতি চহকীৰ সংখ্যা ২০২১ চনত ১১ শতাংশ বৃদ্ধি পালে৷ ফলত পূৰ্বৰ ১২,২৮৭জনৰ পৰা অতি চহকী বৃদ্ধি পায় ১৩,৬৩৭জন হ’ল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here