ঘনে ঘনে টোপনি ভঙা বা কম টোপনি মৰা কোনবিধ বেছি মাৰাত্মক ? Which is more dangerous – frequent break in sleep or light sleep?

0
353
এজন প্ৰাপ্তবয়স্ক লোকৰ কাৰণে দৈনিক সাতৰ পৰা আঠ ঘণ্টা পৰ্যন্ত টোপনিৰ প্ৰয়োজন৷ কিন্তু কেতিয়াবা দেখা যায় বিভিন্ন কাৰণত এই নিৰ্দিষ্ট পৰিমাণৰ সময় শোৱা নহয়৷ কম টোপনি হ’লে আমাৰ নানা শাৰীৰিক সমস্যাই দেখা দিব পাৰে৷ শৰীৰৰ ৰক্তচাপ বৃদ্ধি, ডায়েবেটিছ, স্নায়ুৰ দুৰ্বলতা আদিৰ লগতে অৱসাদৰ সমস্যা আদিয়ে দেখা দিয়ে৷ কিন্তু কিছুমানৰ পৰ্যাপ্ত পৰিমাণৰ টোপনি যোৱাৰ পাছতো এইবোৰ সমস্যাই দেখা দিব পাৰে৷ ইয়াৰ কাৰণ হ’ল আপুনি যদি টোপনিৰ পৰা ঘনে ঘনে সাৰ পায়, তেনে ক্ষেত্ৰত ভাল টোপনি নাহে৷ আমেৰিকাৰ জন হপকিন্স বিশ্ববিদ্যালয়ৰ স্কুল অব্‌ মেডিচিন বিভাগৰ গৱেষণাত প্ৰকাশ পাইছে যে ঘনে ঘনে টোপনিৰ পৰা সাৰ পালে শৰীৰৰ মাৰাত্মক ক্ষতি হ’ব পাৰে৷ এই ক্ষতিৰ পৰিমাণ কম টোপনি অহাতকৈ বহুগুণে বেছি৷

এই পৰীক্ষাৰ বাবে ৫০জন স্বেচ্ছাসেৱকক নিয়োগ কৰা হৈছিল৷ তাৰে দুটা ভাগত বিভক্ত কৰি প্ৰথম দলটোৰ সদস্যসকলক জোৰ কৰি দীৰ্ঘসময় ধৰি টোপনি নাযাবলৈ সাৰে ৰখা হৈছিল৷ আনহাতে দ্বিতীয় দলটোৰ সদস্যসকলক সোনকালে শুবলৈ দিয়া হৈছিল যদিও বাৰে বাৰে টোপনি ভাঙি দিয়া হৈছিল৷ তিনি নিশা এনেদৰে ৰখাৰ পাছত পৰীক্ষা কৰি তাৰ ফলাফল গৱেষণাপত্ৰত নথিভুক্ত কৰা হৈছে৷ আন্তৰ্জাতিক স্লিপ জাৰ্নেলত প্ৰকাশিত এই গৱেষণাপত্ৰত কোৱা হৈছে যে যিসকলৰ বাৰে বাৰে টোপনি ভাঙিছিল, তেওঁলোকৰ ইতিবাচক মানসিকতা বহু পৰিমাণে কমি গৈছিল৷ আনহাতে যিসকলক প্ৰয়োজনতকৈ কম টোপনি যাবলৈ দিয়া হৈছিল, তেওঁলোকৰ ক্ষতিৰ পৰিমাণ বাৰে বাৰে টোপনি ভঙাসকলতকৈ কম৷ ইয়াৰ ক্ষতিকাৰক দিশটো হৈছে বাৰে বাৰে টোপনি ভঙাসকলৰ হৃদযন্ত্ৰৰ সমস্যা, ৰক্তচাপৰ সমস্যা আদিয়ে দেখা দিয়া পৰিলক্ষিত হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here