গৰ্ভস্থ শিশুক কেনেদৰে স্মাৰ্ট কৰিব?

0
1699

জীৱনৰ আটাইতকৈ সুৰক্ষিত আৰু আৰামৰ সময় হৈছে মাতৃৰ গৰ্ভত থকা ন মাহ৷ ন মাহ নিজৰ গৰ্ভত এটা সন্তান পালন কৰাটো এগৰাকী মাতৃৰ বাবেও এক বুজাব নোৱৰা অনুভূতি৷ এই ন মাহ গৰ্ভস্থ শিশুটিয়ে নিজৰ গতি-বিধি সলনি কৰি থাকে৷ কেতিয়াবা সক্ৰিয় হয়, আকৌ কেতিয়াবা শান্ত হয়৷ আপুনি জানি আচৰিত হ’ব যে আপোনাৰ গৰ্ভত থকা শিশুটি আপুনি ভবাতকৈও বহু বেছি স্মাৰ্ট আৰু বিভিন্ন কাম কৰিব পাৰে৷ বিভিন্ন অধ্যয়নৰ পৰা জানিব পৰা গৈছে যে ফিজিকেলী এক্টিভ বা শাৰীৰিকভাৱে সক্ৰিয় মহিলাসকলে অধিক স্মাৰ্ট শিশু জন্ম দিব পাৰে৷ 

                 ২০১৩ চনত Journal of Clinical and Experimental Neuropsychology নামৰ আলোচনীত প্ৰকাশিত এটা তথ্যৰ পৰা জানিব পৰা গৈছে যে যিসকল গৰ্ভৱতী মহিলাই সপ্তাহত তিনিবাৰকৈ হ’লেও ২০ মিনিটলৈ শৰীৰচৰ্চা, ব্যায়াম কৰে, তেওঁলোকৰ গৰ্ভত থকা শিশুটিৰ মগজুৰ ক্ৰিয়াকলাপ অধিক সক্ৰিয় হয়৷ University of Montreal দ্বাৰা কৰা এক গৱেষণাত ১০ গৰাকী গৰ্ভৱতী মহিলাক লৈ এটা পৰীক্ষা কৰা হৈছিল৷ এই পৰীক্ষাত মহিলাসকলক দুটা ভাগত ভাগ কৰা হৈছিল৷ এটা ভাগৰ মহিলাসকলে সপ্তাহত তিনিবাৰকৈ হ’লেও শৰীৰচৰ্চা কৰাৰ লগতে বিভিন্ন ধৰণৰ শাৰীৰিক সক্ষমতাজনিত কাৰকৰ লগত জড়িত হৈ আছিল৷ কিছুসংখ্যক মহিলাই চাইকেল চলোৱা, সাঁতোৰা, খোজ কঢ়া আদি কাৰ্যসমূহ  কৰিছিল৷ আৰু আনটো গোটৰ মহিলাসকলে সপ্তাহত কেতিয়াবাহে দহ মিনিটৰ কাৰণে শৰীৰচৰ্চা কৰা বা ফিজিকেল এক্টিভিটিৰ সৈতে জড়িত আছিল৷ যেতিয়া তেওঁলোকৰ সন্তান জন্ম হ’ল, তেতিয়া গৱেষকসকলে শিশুবোৰৰ মগজুৰ সক্ৰিয়তাৰ হাৰ নিৰূপণ কৰিলে৷ ফলাফলত যিসকল মহিলাই শৰীৰচৰ্চা কৰিছিল তেওঁলোকৰ সন্তানসকলৰ মগজুৰ পৰিপক্বতা শৰীৰচৰ্চা নকৰা মহিলাসকলৰ সন্তানতকৈ অধিক দেখা গৈছিল৷ 

               শৰীৰচৰ্চা কৰিলে গৰ্ভস্থ শিশুৰ মগজু কিয় পৰিপক্ব হয়, আজিলৈকে ইয়াৰ সঠিক তথ্য পোৱা নাই যদিও ‘Daily Mail’ কাকতৰ মতে, শৰীৰচৰ্চাই হয়তো শিশুটিৰ মগজুলৈ অক্সিজেন সৰবৰাহ বৃদ্ধি কৰে নাইবা শৰীৰচৰ্চাই শিশুটিৰ Brain boosting protien বি ডি এন এফৰ মাত্ৰা বৃদ্ধি কৰে৷ যাৰ বাবে শিশুটিৰ মগজু গৰ্ভতে অধিক পৰিপক্ব হৈ উঠে৷ শৰীৰচৰ্চাই যে অকল আপোনাৰ সন্তানটিকে স্মাৰ্ট কৰে, তেনে নহয়৷ প্ৰসৱকালীন সময়ত ই আপোনাৰ শক্তি ধৰি ৰখাটো অৰিহণা যোগাব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here