গুৱাহাটীৰ এপ’ল’ হাস্পতালৰ এক সাফল্য

0
950

গুৱাহাটীস্থিত এপ’ল’ হাস্পতালে অলপতে উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বপ্ৰথমটো এঞ্জিঅ’প্লাষ্টি বা ষ্টেণ্টিং অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰে, য’ত নতুনকৈ উদ্ভাৱন কৰা ইণ্ডিজিনিয়াছ ডিজলভিং ষ্টেণ্ট ব্যৱহাৰ কৰা হয়৷ হাস্পতালৰ হৃদৰোগ বিশেষজ্ঞ ডাঃ ঋতুপৰ্ণ বৰুৱা আৰু তেওঁৰ ইণ্টাৰভেন্‌শ্যনেল কাৰ্ডিঅ’লজি দলৰ ডাঃ ডি জে দত্ত আৰু ডাঃ ৰণদীপ কে এন শিৱমে এই সমগ্ৰ প্ৰক্ৰিয়াটো সফলভাৱে সম্পন্ন কৰে৷ অৰুণাচল প্ৰদেশৰ ৪৪ বছৰীয়া এই ৰোগীগৰাকীৰ বুকুৰ বিষ ক্ৰমাৎ বাঢ়ি অহাত তেওঁ গুৱাহাটীৰ এপ’ল’ হাস্পতালত যোৱা জুন মাহৰ চ্ছ তাৰিখে ভৰ্তি হয়৷ ই চি জিৰ ৰিপ’ৰ্টৰ ভিত্তিত তেওঁক ক’ৰ’নাৰি আৰ্টাৰি এঞ্জিঅ’গ্ৰাফি কৰোৱা হয়৷ হৃদয়ত ব্লকেজ থকা বুলি ধৰা পৰাৰ পাছত তাৎক্ষণিক চিকিৎসাৰ প্ৰয়োজন হোৱাত হাস্পতালখনত উপলব্ধ ডিজলভিং ষ্টেণ্টৰ জৰিয়তে এঞ্জিঅ’প্লাষ্টি প্ৰক্ৰিয়া সফলতাৰে সম্পন্ন কৰোৱা হয়৷ হাস্পতালখনৰ চিকিৎসক ডাঃ ডি জে দত্তই এই সন্দৰ্ভত কয় যে আজিকালি হৃদৰোগ নতুন প্ৰজন্মৰ কম বয়সৰ ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত বহু পৰিমাণে বৃদ্ধি পাই আহিছে৷ অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বহুতো কম বয়সীয়া ৰোগীৰ, যিসকলৰ ত্ৰিছ বা চল্লিছ বছৰ তেওঁলোকৰ মাজত হৃদৰোগে দেখা দিয়ে৷ ডাঃ ঋতুপৰ্ণ বৰুৱাই কয় যে ডিজলভিং ষ্টেণ্ট প্ৰক্ৰিয়া এটা ভাৰতীয় বহুজাতিক কোম্পানীয়ে ক্ৰয় কৰিছে, যিটো আগতে এটা সাৰ্বজনীন বহুজাতিক কোম্পানীয়ে যোগান ধৰিছিল৷ কিন্তু দুয়োটা ষ্টেণ্টৰ নক্সাৰ পাৰ্থক্য আছিল৷ পূৰ্বতে এই ষ্টেণ্ট বহুস্থূল আৰু ব্যৱহাৰৰ অনুপযোগী আছিল, কিন্তু বৰ্তমানৰ উপলব্ধ এই ষ্টেণ্ট পৃথিৱীৰ ভিতৰতে সূক্ষ্ম ষ্টেণ্ট আৰু ই ব্যৱহাৰৰ অতি উপযোগী৷ চিকিৎসাধীন ৰোগীগৰাকীয়ে ইতিমধ্যে সুস্থ আৰু সফলভাৱে হাস্পতালৰ পৰা ডিচাৰ্জ লয়৷ উল্লেখ্য যে গুৱাহাটীৰ এপ’ল’ হাস্পতালত উপলব্ধ এই প্ৰক্ৰিয়াৰ দ্বাৰা অসমকে ধৰি আন ৰাজ্যসমূহো বহুলভাৱে লাভান্বিত হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here