গুৱাহাটীত প্ৰদূষণে আনিছে বিপদ || Guwahati facing great danger from pollution

0
823
সমগ্ৰ ৰাজ্যতে ক্ৰমাৎ অধিক বৃদ্ধি পাইছে প্ৰদূষণ৷ প্ৰদূষণৰ বাবেই বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱো বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ দেশৰ ভিতৰতে অধিক প্ৰদূষিত ৰাজ্যৰ তালিকাত অসমৰো নাম অন্তৰ্ভুক্ত হৈছে৷ স্বাভাৱিক পৰিৱেশে হেৰুৱাই পেলাইছে প্ৰাকৃতিক ভাৰসাম্য৷ গুৰুত্বপূৰ্ণ যে ৰাজ্যৰ লগতে খোদ ৰাজধানী মহানগৰ গুৱাহাটীতো দ্ৰুতগতিত পৰিৱেশ প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাইছে৷ শব্দ প্ৰদূষণ, পানী প্ৰদূষণ আৰু মাটি প্ৰদূষণৰ সমানেই বৃদ্ধি পাইছে বায়ু প্ৰদূষণ৷ মহানগৰখনত বৃদ্ধি পোৱা প্ৰদূষণে এতিয়া পৰিৱেশ বিজ্ঞানীসকলকো অধিক উদ্বিগ্ন কৰি তুলিছে৷ শেহতীয়াকৈ প্ৰকাশ পোৱা এক তথ্য অনুসৰি বিশ্বৰ ভিতৰতে গুৱাহাটী মহানগৰৰ বায়ুত বিষাক্ত কাৰ্বন-ডাই-অক্সাইড গেছৰ পৰিমাণ অত্যধিক বৃদ্ধি পাইছে৷ দিনক দিনে মহানগৰত বৃদ্ধি পোৱা জনসংখ্যা, যান-বাহন, কল-কাৰখানা আৰু তাৰ বিপৰীতে গছ-গছনিৰ সংখ্যা হ্ৰাস পোৱাৰ বাবেই পৰিৱেশৰ তাৰতম্য ঘটাৰ লগতে বায়ুত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণো বৃদ্ধি পাইছে৷ শেহতীয়া তথ্য অনুসৰি গুৱাহাটীত অধিক বৃদ্ধি পোৱা প্লাষ্টিকজাতীয় সামগ্ৰীৰ ব্যৱহাৰে প্ৰদূষণ বৃদ্ধিত অধিক অৰিহণা যোগাইছে৷ মহানগৰৰ চৌপাশে এতিয়া প্লাষ্টিকজাতীয় সামগ্ৰীৰ আৱৰ্জনাৰ দ’ম৷ অধিক বৃদ্ধি পোৱা যান-বাহন, কল-কাৰখানা আৰু প্লাষ্টিকজাতীয় সামগ্ৰীৰ ব্যৱহাৰে মহানগৰত অধিক বৃদ্ধি কৰিছে ৰোগৰ প্ৰাদুৰ্ভাৱ৷ অঞ্চলটোত বৃদ্ধি পোৱা ইটাভাতীৰ বিষাক্ত পদাৰ্থ, নুনমাটি তেল শোধনাগাৰ আৰু আছাম ৰুফিং লিমিটেডৰ  পৰা পেলাই দিয়া বৰ্জিত পদাৰ্থ পানীত মিহলি হৈ প্ৰদূষিত হৈ পৰা পানীৰ বাবেই ২০১৭ বৰ্ষত মহানগৰৰ চন্দ্ৰপুৰত  অচিন ৰোগৰ সৃষ্টি হোৱাৰ আশংকা কৰা হৈছিল৷ এই ক্ষেত্ৰত এতিয়াও পৰ্যাপ্ত সজাগতাৰ অভাৱ৷ মহানগৰত এনেদৰে ভয়ানক গতিত পৰিৱেশ প্ৰদূষণ হৈ গৈ থাকিলে অদূৰ ভৱিষ্যতে যে প্ৰদূষণৰ কৰাল গ্ৰাসত ডুব যায়, সেয়া নিশ্চিত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here