গাজৰ এবিধ উত্তম খাদ্য হোৱাৰ উপৰি ই ভালেমান ৰোগত ঔষধৰ ভূমিকা পালন কৰে। দৃষ্টিশক্তি বৃদ্ধিৰ লগতে শৌচ-প্ৰস্ৰাৱ খোলোচা কৰা, ফিষ্টুলা আৰু গ্ৰহণী নাশৰ ক্ষেত্ৰতো ই উপকাৰী । ই এণ্টিঅক্সিডেণ্ট গুণসম্পন্ন হোৱা বাবে কেন্সাৰ প্ৰতিৰোধী ক্ষমতা আছে। এণ্টিঅক্সিডেণ্ট থকা হেতুকে ইয়াৰ ৰোগ প্ৰতিৰোধী ক্ষমতা থকাটো অতি স্বাভাৱিক। ই প্ৰধানকৈ কেৰ’টিন (Carotene) নামৰ ভিটামিন ‘এ’ সমৃদ্ধ। ইয়াৰ ৰস অতি পুষ্টিকৰ আৰু ইয়াক ৰোগ-বয়স নিৰ্বিশেষে খোৱাৰ উপযোগী। সামগ্ৰিকভাৱে গাজৰক এবিধ অতি পুষ্টিকৰ আহাৰ হিচাপে অভিহিত কৰা হয়। ইয়াৰ এশ গ্ৰাম দ্ৰব্যত ৩১৫০ আই ইউ পৰ্যন্ত ভিটামিন ‘এ’ পোৱা যায়। ভিটামিন ‘এ’ৰ উপৰি ইয়াৰ মুখ্য উপাদানসমূহ হৈছে- প্ৰ’টিন , চৰ্বি ,আঁহ, কাৰ্বহাইড্ৰেট, কেলচিয়াম, মেগনেছিয়াম , ফচফৰাছ, আইৰন , ছ’ডিয়াম , পটাছিয়াম, কপাৰ , ছালফাৰ, অকজালিক এচিড থকাৰ লগতে ভিটামিন ‘বি১, বি২, বি৩আৰু চি থাকে। উল্লিখিত ভিটামিনৰ উপৰি ইয়াত ভিটামিন ডি, ই, বায়’টিন আৰু ফলিক এচিডো কম পৰিমাণে পোৱা যায়। বিশেষকৈ দৃষ্টিশক্তি অটুট ৰখা, দেহক তজবজীয়া ৰখা আৰু ছ’ডিয়াম পটাছিয়ামৰ পৰিমাণ কম থকাৰ সময়ত দেহৰ বাবে অতি উপযোগী বুলি উল্লেখ পোৱা যায়। গাজৰ সচৰাচৰ চালাড হিচাপে খোৱা হয় , ইয়াক ভাজি বা দাইলৰ লগত দিও বা বিভিন্ন ধৰণে তৈয়াৰ কৰি খাব পাৰি। গাজৰ অতি দৰকাৰী খাদ্য দ্ৰব্য আৰু আমি ইয়াক খোৱাত গুৰুত্ব দিয়াটো প্ৰয়োজনীয়।
গাজৰ নিয়মিত খাদ্য তালিকাত ৰাখক
By Health Plus
287
Previous articleবতৰৰ ফল মূলাৰ কি আছে অসাধাৰণ গুণ?
Next articleজানি থওক ছজিনাৰ আচৰিত উপকাৰিতা
RELATED ARTICLES
মছলা হিচাপে খোৱা কলাজিৰাৰআছে বিস্ময়কৰ শক্তি
Health Plus - 0
প্ৰাচীন কালৰে পৰা কালজিৰা মানৱদেহৰ নানা ৰোগৰ চিকিৎসাত ব্যৱহাৰ হৈ আহিছে৷ কালজিৰা অকল খাদ্যৰ সোৱাদ বৃদ্ধিতে নহয়, ইয়াৰ বীজৰ পৰা উৎপন্ন হোৱা...
শীতকালত আপোনাৰচকুযুৰিৰ যতন কিদৰে ল’ব
Health Plus - 0
আমি সকলোৱে শৰীৰৰ বিভিন্ন অংগৰ যতনৰ ওপৰত গুৰুত্ব দিওঁ৷ কিন্তু চকুৰ যতন ল’বলৈ পাহৰি যাওঁ৷ চকুযুৰিৰ জৰিয়তে আমি ধুনীয়া পৃথিৱীখনৰ সৌন্দৰ্যৰ দেখিবলৈ...
জিভাখন চাফা নকৰিলেকি কি ৰোগ হ’ব পাৰে
Health Plus - 0
আমাৰ শৰীৰৰ অত্যন্ত প্ৰয়োজনীয় অংগৰ ভিতৰত জিভাখন অন্যতম৷ কিন্তু শৰীৰৰ আন অংগৰ সমান্তৰালভাৱে জিভাখনৰ যত্নত আওকাণ কৰা দেখা...
Most Popular
মছলা হিচাপে খোৱা কলাজিৰাৰআছে বিস্ময়কৰ শক্তি
প্ৰাচীন কালৰে পৰা কালজিৰা মানৱদেহৰ নানা ৰোগৰ চিকিৎসাত ব্যৱহাৰ হৈ আহিছে৷ কালজিৰা অকল খাদ্যৰ সোৱাদ বৃদ্ধিতে নহয়, ইয়াৰ বীজৰ পৰা উৎপন্ন হোৱা...
ৰেস্তোৰাঁত ফলৰ ৰসৰ পৰিৱৰ্তে ডিটাৰজেণ্ট মিহলি পানী : ক’ত?
ছ’চিয়েল মিডিয়াত প্ৰকাশিত এক আজব আৰু দায়িত্বজ্ঞানহীন কৰ্মই সৰ্বসাধাৰণৰ মাজত চাঞ্চল্যকৰ সৃষ্টি কৰিছে৷ চীনৰ ৰেস্তোৰাঁত ফলৰ ৰসৰ পৰিৱৰ্তে...
মহাবিশ্বত ISRO-ৰ ৰিইউজেবললঞ্চ ভেহিকলৰ পৰীক্ষাৰ পদক্ষেপ
এটা সময়ত সমুদ্ৰ বিশ্বৰ বাণিজ্য তথা শক্তিৰ কেন্দ্ৰ আছিল৷ কিন্তু লাহে লাহে এতিয়া মহাকাশে সেই স্থান পূৰ কৰিবলৈ...
পাঁচখন গাঁৱত ধূমপান নিষিদ্ধ!জানক ইয়াৰ আঁৰৰ কথা
ধূমপানৰ পৰা হ’ব পৰা ক্ষয়-ক্ষতিৰ তালিকাখন আমাৰ সকলোৰে জ্ঞাত৷ সেয়ে সময়সাপেক্ষে কিছুমান এলেকা বা অঞ্চল ধূমপানৰ পৰা সুৰক্ষিত হ’বলৈ নিষিদ্ধ কৰা হয়৷...