বতৰৰ ফল মূলাৰ কি আছে অসাধাৰণ গুণ?

0
471

মূলাৰ উপকাৰিতা বহুত তথা ই বহু ঔষধি গুণ বহন কৰে।  মূলাত থকা যথেষ্ট পৰিমাণৰ পটাছিয়ামে দেহত ছডিয়াম-পটাছিয়ামৰ সমতুল্যতা বৰ্তাই ৰাখে বাবে ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখিব পাৰে। অৰ্থাৎ মূলাই উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা বহন কৰে। মূলাত যথেষ্ট আঁহজাতীয় পদাৰ্থ থকা বাবে ডায়েবেটিছ থকা ব্যক্তিয়েও মূলা খাব পাৰে। মূলাত ভিটামিন বি২, বি৬ আদিৰ লগতে  সামান্য পৰিমাণে আমাৰ দেহৰ বাবে লগা কপাৰ, মেংগানিজ আদিও পোৱা যায় । এই খেতিৰ বিশেষত্ব এয়ে যে কম সময় আৰু কম মেহনততে ইয়াক কৰি তোলাটো সম্ভৱ। কেৱল খেতিৰ মাটিখিনি ৰ’দঘাই আৰু সাৰুৱা হোৱাটো দৰকাৰী। ই এক বৰ্ষধাৰী কাণ্ডধাৰী উদ্ভিদ। ইয়াৰ গছ কোমল আৰু ৫০ চেঃমিঃ মান ওখ হয়। মূল অংশ সাধাৰণতে দীঘল যদিও কোনো প্ৰজাতিৰ চুটিও হোৱা দেখা যায়। মূল অংশ ১৫-৩০ চেঃমিঃমানলৈ হয়। মূলাৰ ৰং বগা অথবা ৰঙা।

ইমানবিলাক পুষ্টি-উপাদানৰ সমাহাৰেৰে মূলা যে যথেষ্ট পুষ্টিকৰ খাদ্য হ’ব সি সহজেই অনুমেয় হৈ উঠে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here