গাখীৰে ওজন বৃদ্ধি কৰে নেকি ? Does Milk enhance body weight?

0
387
নিঃসন্দেহে গাখীৰ আমাৰ শৰীৰৰ কাৰণে অত্যন্ত উপকাৰী৷ গাখীৰ নানাবিধ পুষ্টিগুণেৰে ভৰপূৰ৷ গাখীৰত ছেটুৰেটেড ফেট আৰু কেলৰি যথেষ্ট পৰিমাণে পোৱা যায়৷ 

গাখীৰত যথেষ্ট ফেট থাকে বাবে বহুতেই সন্দেহ ব্যক্ত কৰে যে ওজন বৃদ্ধিত গাখীৰে সহায় কৰে৷ কিন্তু সন্দেহৰ কোনো কাৰণ নাই৷ কিয়নো ছেটুৰেটেড ফেট আৰু কেলৰি এই দুই উপাদানে শৰীৰৰ ওজন হ্ৰাসতহে সহায় কৰে৷
আনহাতে গাখীৰত অতি উচ্চমানৰ প্ৰ’টিন পোৱা যায়৷ সেয়েহে গাখীৰ নিয়মিতৰূপে সেৱন কৰিলে শৰীৰে যথেষ্ট শক্তি লাভ কৰে৷
গাখীৰে নতুন পেশী প্ৰস্তুতত সহায় কৰে আৰু পেশী শক্তিশালী কৰাত গাখীৰ সেৱন কৰাটো অত্যন্ত জৰুৰী৷


ভিটামিন-B12, মেগনেচিয়াম, জিংক, কেলচিয়াম, ভিটামিন-D আদি গাখীৰত পোৱা যায়৷ সেয়েহে শৰীৰৰ ৰোগ প্ৰতিৰোধ কৰাত, হাড় মজবুত কৰাত তথা শৰীৰৰ বিপাক ক্ৰিয়া উন্নত কৰাত সহায় কৰে৷
আনহাতে গাখীৰ নিয়মিত সেৱন কৰিলে স্থূলতা, হৃদৰোগৰ সম্ভাৱনা তথা টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা কমে৷ সেয়েহে ওজন কমোৱাৰ ক্ষেত্ৰতে হওক বা সুস্থ থকাৰ হেতু নিয়মিতৰূপে গাখীৰ সেৱন কৰাটো অত্যন্ত জৰুৰী৷
২০০৪ চনত শৰীৰৰ ওজন হ্ৰাসৰ এটা গৱেষণামূলক সমীক্ষাত দেখা গৈছে যে যিসকলে ল’ কেলৰি ডায়েট মতে চলা সময়ত দুগ্ধজাত খাদ্য একেবাৰে এৰি দিছে, তেওঁলোকৰ শৰীৰৰ ওজন কমকৈ কমিছে৷ তাৰ তুলনাত সেই একে সময়তে যিসকলে দিনটোত দুই-তিনিবাৰ দুগ্ধজাত খাদ্য গ্ৰহণ কৰিছে, তেওঁলোকে বেছি ওজন কমাবলৈ সক্ষম হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here