খেতিপথাৰত মাত্ৰাধিক হাৰত সাৰ প্ৰয়োগ কি ব্যৱস্থা ল’ব চৰকাৰে ? What steps will the government take to prevent excessive use of fertilizer in the field?

0
944
খেতিপথাৰত মাত্ৰাধিক হাৰত ৰাসায়নিক সাৰ প্ৰয়োগ কৰা কৃষকৰ বিৰুদ্ধে কঠোৰ হ’ব ৰাজ্য চৰকাৰ৷ ৰাজ্যখনৰ কোন কোন অঞ্চলৰ খেতিপথাৰত মাত্ৰাধিক হাৰত ৰাসায়নিক সাৰ কৃষকে প্ৰয়োগ কৰি আহিছে তাৰ তথ্য আহৰণ কৰি পৰীক্ষাগাৰত উৎপাদিত কৃষি সামগ্ৰীৰ নমুনা পৰীক্ষা কৰিব কৃষি বিভাগে৷ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে হায়দৰাবাদত থকা পৰীক্ষাগাৰলৈ অসমত উৎপাদিত পাচলিকে ধৰি অন্যান্য কৃষি সামগ্ৰীৰ নমুনা প্ৰেৰণ কৰিব বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে নগাঁও, হোজাই, বৰপেটা, খাৰুপেটীয়া, ধুবুৰী আদিত কৃষকে মাত্ৰাধিক হাৰত ৰাসায়নিক সাৰ ব্যৱহাৰ কৰি আহিছে৷ ৰাসায়নিক সাৰ মাত্ৰাধিক হাৰত ব্যৱহাৰ কৰি উৎপাদন কৰা কৃষি সামগ্ৰীয়ে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ পৰিপ্ৰেক্ষিতত এতিয়া অসমৰ কোন কোন অঞ্চলত উৎপাদিত কৃষি সামগ্ৰীত কিমান পৰিমাণৰ সাৰ প্ৰায়োগ কৰা হৈছে তাৰ তথ্য আহৰণৰ বাবে নমুনা পৰীক্ষা কৰা হ’ব বুলি কৃষি বিভাগে জানিবলৈ দিছে৷ গুৰুত্বপূৰ্ণ যে যিবোৰ অঞ্চলৰ কৃষকে মাত্ৰাধিক হাৰত ৰাসায়নিক সাৰ ব্যৱহাৰ কৰে সেই অঞ্চলসমূহত সাৰ বিতৰক তথা ব্যৱসায়ীসকলে যিকোনো ৰেক পইণ্টৰ পৰা সাৰ সংগ্ৰহ কৰি নিৰ্দিষ্ট অঞ্চলসমূহত হিচাপতকৈ অধিক পৰিমাণে যোগান ধৰি আহিছিল৷ যাৰ বাবে কৃষকসকলেও অধিক উৎপাদনৰ লক্ষ্য লৈ মাত্ৰাধিক সাৰ প্ৰয়োগ কৰাৰ সুযোগ লৈ আহিছিল৷ অতি শেহতীয়াকৈ নিৰ্দিষ্ট একোটা অঞ্চলত ব্যৱসায়ীসকলে যাতে অধিক পৰিমাণৰ ৰাসায়নিক সাৰ যোগান ধৰিব নোৱাৰে তাৰ ব্যৱস্থা কৰিছে কৃষি বিভাগে৷ অৰ্থাৎ কেন্দ্ৰীভূত ৰেক পইণ্টৰ পৰিৱৰ্তে এতিয়া ৰেক পইণ্টৰ সংখ্যা বৃদ্ধি কৰি এটা নিৰ্দিষ্ট অঞ্চললৈ অধিক সাৰ প্ৰেৰণত বাধা আৰোপ কৰিছে৷ চলিত বৰ্ষত তেজপুৰৰ ডেকাৰগাঁও, লখিমপুৰ, ফৰকাটিং, কৰিমগঞ্জ, ফকিৰাগ্ৰাম, যোগীঘোপা আদিত নতুনকৈ ৰেক পইণ্ট সৃষ্টি কৰা হৈছে৷ এই ৰেক পইণ্টসমূহলৈ পোনে পোনে আহিব ৰাজসাহায্যৰ ৰাসায়নিক সাৰ৷ কোনো কৃষকেই যাতে ৫০ বেগতকৈ অধিক পৰিমাণৰ সাৰ ক্ৰয় কৰিব নোৱাৰে, তাৰো ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here