ক’ৰোনা নিয়ন্ত্ৰণত গুজৰাটৰ সফলতাৰ আৰৰ ৰহস্য কি?

0
2177

২৫ আগষ্ট, ২০২০, স্বাস্থ্যবাৰ্তাঃ বিশ্ব স্বাস্থ্য সংস্থাক সদৰী কৰা তথ্যানুসৰি ক’ৰোনা নিয়ন্ত্ৰণত গুজৰাটৰ সফলতাৰ কাৰণ হ’ল বিকল্প চিকিৎসা পদ্ধতিৰ প্ৰয়োগ। ভাৰত চৰকাৰৰ আয়ুস মন্ত্ৰ্যালয়ৰ অধীনস্থ আয়ুৰ্বেদিক আৰু হোমিঅ’পেথিক চিকিৎসা পদ্ধতিৰ প্ৰয়োগে এই ক্ষেত্ৰত ফলপ্ৰসূতা প্ৰদান কৰিছে। আৰ্ছেনিক আলবা ৩০ নামৰ হোমিঅ’পেথিক ঔষধৰ ব্যৱহাৰ আৰু আয়ুস মন্ত্ৰ্যালয়ৰ নীতি-নিৰ্দেশনাসমূহৰ সঠিক পালনে গুজৰাটত ক’ৰোনা প্ৰতিহত কৰাত আশাপ্ৰদ ফল দিছে। ২০ মাৰ্চৰ পৰাই গুজৰাট চৰকাৰে এই পদ্ধতি অৱলম্বন কৰি আহিছে। উল্লেখ্য যে মোডী চৰকাৰৰ তৎপৰতাত ২০১৪ চনত আয়ুসক এটা বিভাগৰ পৰা এটা মন্ত্ৰ্যালয়লৈ উন্নীত কৰি আয়ুস মন্ত্ৰ্যালয়ৰ মৰ্যাদা প্ৰদান কৰা হৈছিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here